Home Main Stories চাংসাৰিত কৃষিমন্ত্ৰী অতুল বৰাৰ পাৱাৰ টিলাৰ ফ্লেগ অফ

চাংসাৰিত কৃষিমন্ত্ৰী অতুল বৰাৰ পাৱাৰ টিলাৰ ফ্লেগ অফ

31
0

ৰাজ্যৰ বিভিন্ন জিলালৈ পাৱাৰ টিলাৰ প্ৰেৰণৰ ফ্লেগ অফ মন্ত্ৰী অতুল বৰাৰ

পঙ্কজ নাথ, চাংসাৰি, ২৫ মে : আজি কামৰূপ জিলাৰ চাংসাৰীত উপস্থিত হৈ কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ বিভিন্ন জিলালৈ পাৱাৰ টিলাৰ প্ৰেৰণৰ ফ্লেগ অফ কৰে। কৃষিখণ্ডত আমুল পৰিবৰ্তন অনাৰ উদ্দেশ্যে ক’ভিড সৃষ্ট পৰিবেশৰ মাজত ৰাজ্য চৰকাৰে বিভিন্ন জিলাৰ কৃষক সকললৈ প্ৰেৰণ কৰে এই পাৱাৰ টিলাৰ । বৰ্তমান ক’ভিডৰ সময়ত কৃষক সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে যাতে কাম কাজ চলাই নিব পাৰে তাৰ কাৰণে বৰ্তমান ৬৬১ খন পাৱাৰ টিলাৰ ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰে কৃষি মন্ত্ৰীয়ে । কেৰালাৰ পৰা কেমকো ব্ৰেণ্ডৰ পাৱাৰ টিলাৰ সমূহ ৰেলযোগে চাংসাৰিলৈ অনা হৈছে, তাৰ কাৰণে এন এফ ৰেলৱে ক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। নতুন চৰকাৰখনে অন্যান্য বিভাগ সমূহৰ লগতে কৃষি খণ্ডটো এক যুগান্তকাৰী পৰিবৰ্তন অনাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ সংকল্প আৰু পৰিকল্পনা লোৱা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদিকৰ সন্মুখত কয়। কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদেৰে আলোচনাৰ অন্তত উৎপাদিত ফচল সঠিক ঠাইলৈ প্ৰেৰণ কৰাৰ পোষকতা কৰে মন্ত্ৰী গৰাকীয়ে । বৰ্তমান ৰাজ্যত চলি থকা মিনি লকডাউনৰ ফলত বহু কৃষকৰ ফচল খেতিপথাৰত নষ্ট হোৱাত মন্ত্ৰী গৰাকীয়ে উদ্বিগ্ন প্ৰকাশ কৰে। আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে ২০২২ চনটো অন্তিম সময়সীমা নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰিছে মন্ত্ৰী বৰাই । তাৰ পৰিপ্ৰেক্ষিততে এতিয়া অসম চৰকাৰৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত ব্যপক হাৰত আচনি হাতত লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here