Home স্থানীয় দশম স্মৃতিদিবসত প্ৰতিষ্ঠাপক অধ্যক্ষলৈ শ্ৰদ্ধাঞ্জলি : মাজুলী মহাবিদ্যালয়ত অতুল গোস্বামী স্মাৰক ৱেব-সন্মিলন...

দশম স্মৃতিদিবসত প্ৰতিষ্ঠাপক অধ্যক্ষলৈ শ্ৰদ্ধাঞ্জলি : মাজুলী মহাবিদ্যালয়ত অতুল গোস্বামী স্মাৰক ৱেব-সন্মিলন সম্পন্ন

246
0

গণ বাৰ্তা, ফুলনি, ১৮এপ্ৰিলঃ মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ দশম স্মৃতিদিৱস উপলক্ষে মাজুলী মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত আৰু মহাবিদ্যালয় মহিলা কোষৰ সহযোগত আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে দিনৰ ১১ বজাত মহাবিদ্যালয় প্ৰাংগণত প্ৰতিষ্ঠিত শিক্ষাৰত্নগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তিপ্ৰজ্বলন কৰি প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অৱনী কুমাৰ দত্তই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰশাসনিক সমন্বয়ক হৰেন চন্দ্ৰ শইকীয়া, শিক্ষক গোটৰ সম্পাদক তুলসী ৰাজখোৱা, মহাবিদ্যালয় কৰ্মচাৰী গোটৰ সভাপতি গোবিন বৰুৱা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকি প্ৰয়াত শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। বিয়লি ৩ বজাৰপৰা অনুষ্ঠিত হোৱা ‘এগৰাকী ত্যাগী  মানৱ-খনিকৰৰ কালজয়ী অৱদানৰ পমখেদি..’ শীৰ্ষক ৱেব-সন্মিলনখনি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে বিংশ শতাব্দীৰ ষাঠিৰ দশকৰ আওহতীয়া মাজুলীৰো ভিতৰুৱা ঠাই সাঁকোপৰা অঞ্চলৰ পৰা ওলাই আহি নিজকে সুপ্ৰতিষ্ঠিত কৰাৰ লগতে গোটেই মাজুলীখনকে বিদ্যাৰ আলোকেৰে আলোকিত কৰিবলৈ অতুল চন্দ্ৰ গোস্বামীদেৱে কৰা ত্যাগৰ কথা কোনোকালে মাজুলীবাসীয়ে পাহৰিব নোৱাৰে। অধ্যাপিকা ডঃ জুলী গগৈয়ে আঁত ধৰা সন্মিলনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰতি বৰাই কয় যে সহজ-সৰল জীৱনচৰ্যাৰে পৰিচালিত হোৱা অতুল গোস্বামীদেৱ আছিল সীমাহীন ধৈৰ্য আৰু সাহসৰ প্ৰতিভূ। ৱেব-সন্মিলনত উপস্থিত থাকি লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ডঃ হামিদুৰ ৰহমান, মাজুলী মহাবিদ্যালয়ৰ অৱসৰী প্ৰশাসনিক সমন্বয়ক ডঃ আনন্দ হাজৰিকা, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰা, পূব ডিক্ৰং মহাবিদ্যালয়ৰ অধ্যাপক ৰবীন শইকীয়া, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মিনতি শইকীয়া, অৱসৰী প্ৰধান শিক্ষায়িত্ৰী ৰেণুমালা দত্ত, শিক্ষা বিষয়া পৰশ গোস্বামী, সমাজকৰ্মী জিতেন দোলাকাষৰীয়া, যুগল হাজৰিকা আদিয়ে বক্তব্য দাঙি ধৰে। শেষত মহাবিদ্যালয় মহিলা কোষৰ হৈ অধ্যাপিকা ডঃ লীমা দত্তই শলাগৰ শৰাই আগ বঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here