Home Main Stories ১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

182
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ আগষ্ট: পঞ্চদশ অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন অহা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব৷ অসম বিধানসভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰ, সোমবাৰৰ চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্ৰসংগ, প্ৰশ্ন শিতান, অধ্যক্ষই অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা, অধ্যক্ষই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী জ্ঝ[ৰ] নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহউপস্থাপন৷ ১৩ ছেপ্টেম্বৰ, মঙলবাৰে বেচৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি৷ ১৪ ছেপ্টেম্বৰ, বুধবাৰ চৰকাৰী বন্ধ৷ ১৫ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্ৰশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন [নং III] বিধেয়কসমূহউপস্থাপন, বিবেচনা তথা পাৰিতকৰণ৷ ১৬ ছেপ্টেম্বৰ, শুকুৰবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি৷ ১৭ ছেপ্টেম্বৰ জিৰণি আৰn ১৮ ছেপ্টেম্বৰ ৰবিবাৰ বন্ধ৷ ১৯ ছেপ্টেম্বৰ, সোমবাৰে অন্তিম দিনৰ চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰn সদন স্থগিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here