Home স্থানীয় কভিডৰ পৰীক্ষণ আৰু টীকাকৰণ সন্দৰ্ভত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাটৰ...

কভিডৰ পৰীক্ষণ আৰু টীকাকৰণ সন্দৰ্ভত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাটৰ গ্ৰাম্যঞ্চলসমূহত অনুষ্ঠিত হয় সজাগতা সভা

113
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩ জুলাই : ​কভি’ড-১৯ৰ পৰীক্ষণ আৰু টীকাকৰণ সম্পৰ্কে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিশেষ পদক্ষেপ লোৱা দেখা গৈছে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত সমগ্ৰ MAC অঞ্চল সমূহত কভি’ড-১৯ ৰ পৰীক্ষণ আৰু টীকাকৰণ সন্দৰ্ভত কালিৰে পৰা তিনিদিনীয়াকৈ জাতীয় সংগঠনৰ সহযোগত পথ সভা অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ কাৰ্য্যসূচী চলায়। ঠিক তেনেকৈ ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত MACৰ মাননীয় কাৰ্যবাহী সদস্য শ্ৰীযুত পুৰুষোত্তম দলে ডাঙৰীয়াৰ নেতৃত্বত আৰু TMPK, MMK TMMK, গণশক্তি তথা বিভিন্ন দল- সংগঠন সমূহৰ পূৰ্ণ সহযোগত কভি’ড পৰীক্ষণ আৰু টীকাকৰণ সম্পৰ্কে পথ সভা অনুষ্ঠিত কৰে। উল্লেখ্য যে বিগত দিনবোৰতো তিনি মিচিং জাতীয় সংগঠনে ৰাইজক সজাগতা অৱলম্বন কৰিবলৈ বিভিন্ন ধৰণে কাৰ্য্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে।
​উল্লেখনীয় যে বৰ্তমান কভি’ড-১৯ ৰ মহামাৰীৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যুদ্ধকালীন তৎপৰতা ৰে কভি’ড-১৯ ৰ পৰীক্ষণ আৰু টীকাকৰণ (ভেকচিনেশ্বন)ৰ ব্যাপক অভিযান সকলো অঞ্চলত সক্ৰিয় কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে MAC অঞ্চলৰ কিছু ভিতৰুৱা গাওঁ সমূহত কভি’ড-১৯ ৰ পৰীক্ষণ আৰু টীকাকৰণ অগ্ৰগতি সন্তোষজনক হোৱা নাই। এনে ভিতৰুৱা অঞ্চল সমূহত এতিয়াও অধিক সজাগ-সচেতন অৱলম্বন হোৱা দেখা পোৱা নাই। মিছা অপপ্ৰচাৰৰ বাবেও কিছু ৰাইজ টীকাকৰণৰ লোৱাৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে। এই মিছা অপপ্ৰচাৰত ভুল নাজাবলৈ আৰু সজাগ-সচেতন হ’বলৈ অনুৰোধ জনায়। লগতে অধিক গুৰুত্ব অৱলম্বন নকৰি ৰাস্তাই-ঘাতে জুম পাতি থকা, জোঁৱা খেলা, কভি’ড বিধি উলংঘা নকৰিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনায়। বৰ্তমান কভি’ড-১৯ ৰ পৰীক্ষণ আৰু টীকাকৰণত সহযোগিতা নকৰিলে কভি’ডৰ তৃতীয় ঢৌৰ ভয়ংকৰ পৰিস্থিতিৰ যে সম্মুখীন হ’ব এই কথাও ব্যক্ত কৰে মাননীয় জনপ্ৰতিনিধি গৰাকীয়ে। উক্ত কাৰ্য্যসূচীৰ জৰিয়তে MAC অধ্যুহিত অঞ্চল সমূহত কভি’ড-১৯ৰ পৰীক্ষণ আৰু টীকাকৰণ চেন্টাৰৰ সংখ্যা বঢ়াই কম দিনৰ ভিতৰত অধিক টীকাকৰণ কৰি যোৰহাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গাওঁ সমূহ কভিডৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা সুৰক্ষিত কৰিবলৈ মিচিং জাতীয় সংগঠন TMPK, MMK যোৰহাট জিলা সমিতিয়ে আহ্বান জনায়। আজি ৰাইজক কভি’ড সজাগতাৰ গোহাৰি আৰু মাস্ক বিতৰণ কৰাও পৰিলক্ষিত হয়।আজি ইংৰাজী ৩জুলাই তাৰিখে ৪০নং জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত নেউল গাওঁ, উত্তৰ কলীয়া,বাহিৰ কলীয়া,বোকোৰা ,চিনাইচুক ,বেলগুৰিৰ লগতে ইপৰীয়া গাঁৱত সজাগতা পথসভাসমূহ আয়োজন কৰে জনসাধাৰণক সজাগ সচেতন কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here