Home অসম আজাৰবাইজান-আৰ্মেনিয়া মাজত যুদ্ধ : ৪৯ আৰ্মেনিয়া সেনা নিহত

আজাৰবাইজান-আৰ্মেনিয়া মাজত যুদ্ধ : ৪৯ আৰ্মেনিয়া সেনা নিহত

89
0


বিশেষ প্ৰতিনিধি, ১৪ ছেপ্টেম্বৰ:
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই ছমাহ অতিক্ৰম কৰিলে যদিও কোনোপক্ষ জয়ী হোৱা নাই৷ এতিয়া আকৌ এখন ভয়াৱহ যুদ্ধৰ অৱতাৰণা হৈছে৷ দুই দেশৰ যুদ্ধৰ আঁৰত আছে নেকি মস্কোৰ হাত? আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত হৈছে যুদ্ধ৷ যোৱা পুৱতি নিশা আজাৰবাইজানৰ সেনাই চলোৱা অতৰ্কিত আক্ৰমণত আৰ্মেনিয়াৰ ৪৯জনকৈ সেনা নিহত হয়৷ আজাৰবাইজানৰ প্ৰধানমন্ত্ৰীৰ মতে আৰ্মেনিয়াই আক্ৰমণ কৰাৰ প্ৰতিৰোধ হিচাপে তেওঁৰ দেশৰ সেনাই প্ৰতি আক্ৰমণ চলায়৷ আনহাতে, আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাশ্বিনিয়ানে সদনত প্ৰকাশ কৰে যে আজাৰবাইজান সেনাই আধা ডজনৰো অধিক স্থানত একে সময়তে আক্ৰমণ চলায়৷আৰ্মেনিয়াৰ সহায়ত এথেনিক আৰ্মেনিয়ান ফ’ৰ্চে আজাৰবাইজানৰ অংশ নগৰনো-কাৰাবাখ অঞ্চল দখল কৰি আছে৷ ১৯৯৪ চনতে সমাপ্ত হোৱা গোষ্ঠী সংঘৰ্ষৰ পাছত নগৰনো অঞ্চল আৰ্মেনিয়াৰ অধীনত আছে৷ কিন্তু উক্ত অঞ্চল পুনৰ আজাৰবাইজানে দাবী কৰি ২০২০ চনত সংঘটিত ছয় সপ্তাহজোৰা যুদ্ধত প্ৰায় ৬,৬০০জন লোক নিহত হয়৷ এই দুই দেশৰ মাজত ভয়ানক যুদ্ধ হোৱাৰ আশংকা ঘনীভূত হৈছে আৰু ইয়াৰ ফলত হাজাৰ হাজাৰ নিৰীহ লোকৰ মৃত্যু হ’ব পাৰে! ৰাষ্ট্ৰসংঘই আজাৰবাইজান আৰু আৰ্মেনিয়াৰ যুদ্ধ বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here