গণ বাৰ্তা, চাপৰ ১৫ মাৰ্চ:- ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ হাতীপোতাত এটি শিশু পানীত পঢ়ি মৃত্যু হোৱা ঘটনাই শোকৰ ছা পেলাইছে। প্ৰাপ্ত বাতৰি মতে, চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ টিলাপাৰা সন্তোষপুৰ নিৱাসী সহিদুল হক আৰু সহধৰ্মিনী হাতীপোতাৰ বি টি চি ইটা উদ্যোগৰ কৰ্মৰত শ্ৰমিক। সহিদুল হকৰ ফুলকমলীয়া শিশু মইনুল হক ৩ লগৰীয়াৰ লগত খেলি থাকোতে পানীত পৰে। পিছত উপস্হিত শ্ৰমিক সকল শিশুটিক উদ্ধাৰ কৰাৰ বাবে পানীত নামে কিন্তু উদ্ধাৰ কৰিবলৈ অক্ষম হয়। পিছত জাল দি শিশু গৰাকীক উদ্ধাৰ কৰি চাপৰ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰিতাপৰ বিষয় এই যে, চাপৰস্হ বহু ইটা উদ্যোগত শিশু শ্ৰমিকৰ লগতে মহিলা শ্ৰমিক নিয়োজিত আছে। মাকৰ লগত শিশু থকাৰ পিছত বি টি চি ইটা উদ্যোগ আৰু সৰল ইটা ভাতাৰ মাজত এটি জলাশয় আছে। শিশুক ৰক্ষণাবেক্ষণ দিয়াৰ নামত নাই কোনোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা। ইপিনে শিশু গৰাকীৰ মৃত্যুৰ পিছত জলাশয়টো কোনটো ইটা উদ্যোগৰ সেয়াও ৰহস্যৰ সৃষ্টি কৰিছে। অভিযোগ পোৱা মতে চাপৰস্হ অধিকাংশ ইটা ভাতাৰ লেৱাৰ লাইছেন্স নাই। শ্ৰমিক সকলোক নিজৰ শ্ৰমৰ বাবে মজুৰি প্ৰদান কৰিছে যদিও শ্ৰমিক সকলোৰ জীৱনৰ নিৰাপত্তা নাই বুলি অভিযোগ উত্থাপন হৈছে। মালিক পক্ষই কেৱল নিজৰ মুনাফাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি শ্ৰমিকৰ জীৱন আৰু নিৰাপত্তাৰ পিনে পিঠি দিয়াৰ অভিযোগ উঠিছে। ইপিনে এক বিশ্বস্ত সুত্ৰে জানিব পৰা মতে ধুবুৰী জিলাত প্ৰায় শতাধিক ইটা উদ্যোগ আছে যদিও কেৱল তেৰ খন ইটা ভাতাৰ যাৱতীয় নথি পত্ৰ থকাৰ পৰিৰ্বতে অধিকাংশ ইটা উদ্যোগ বিভাগীয় বৰমুৰীয়াক মেনেজ কৰি উদ্যোগ সমূহ চলাই থকা বুলি অভিযোগ উত্থাপন হৈছে।