Home ৰাজনীতি উপ-নিৰ্বাচনত এআইইউডিএফ দলে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বদৰুদ্দিন আজমলৰ ঘোষণা

উপ-নিৰ্বাচনত এআইইউডিএফ দলে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বদৰুদ্দিন আজমলৰ ঘোষণা

494
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্তেম্বৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ পৰা এআইইউডিএফ দলক আঁতৰাই দিয়া সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে দলটোৰ মুৰববী তথা সাংসদ বদৰুদ্দিন আজমলে। আজি সাংবাদিকৰ আগত বদৰুদ্দিন আজমলে কয় যে মহাজোঁটৰ লগত মিত্ৰতা ভংগ হ’লেও এতিয়া তেওঁলোকে ভালে থাকক। আমাৰো ভাল হ’ব। আমাৰ একো ক্ষতি নহয়। মিত্ৰতা ভংগক লৈ আগতে আলোচনা হোৱাটো প্ৰয়োজন আছিল, কিন্তু নহ’ল। ফোন কৰিছিল মোক, আমিনুল ইছলামক কংগ্ৰেছ ফোন কৰিছিল কিন্তু বিতংভাৱে আলোচনা হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰি আৰু কয় যে বিগ ব্ৰাডাৰ কংগ্ৰেছ এতিয়া বেছি বিগ হৈ গ’ল। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰসংগ উত্থাপন কৰি বদৰুদ্দিন আজমলে কয় যে ৰাইজৰ দলৰ এজন বিধায়ক আছে। অখিলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে। সেইকাৰণে যি মন যায় তাকেই কৰি আছে। সৰ্বভাৰতীয় পৰ্যায়ত অখিল গগৈয়ে নেতৃত্ব ল’ব বিচৰাটো হাস্যকৰ বুলিও তেওঁ উল্লেখ কৰে। উপ- নিৰ্বাচন সন্দৰ্ভত আজমলে আৰু কয় যে এআইইউডিএফ দলে দুটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। ফণী তালুকদাৰ সন্দৰ্ভত তেওঁ কয় যে তালুকদাৰ যি গ’ল গ’ল। তেওঁৰ কথা পাতি এতিয়া লাভ নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here