Home উত্তৰ পূৰ্বাঞ্চল নেপালৰ ইটাভাটাত আৱদ্ধ অসম-পশ্চিমবংগৰ শ্ৰমিক : উদ্ধাৰৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক...

নেপালৰ ইটাভাটাত আৱদ্ধ অসম-পশ্চিমবংগৰ শ্ৰমিক : উদ্ধাৰৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ নেমছু’ৰ সভাপতি বদৰুল ইছলামৰ

1012
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ ডিচেম্বৰ : প্ৰায় দুমাহ পূৰ্বে যোৱা নেপালৰ ছিলা জিলাৰ অন্তৰ্গত আৰমান থানাৰ এলেকাধীন লালপুৰ গাঁৱত অৱস্থিত আৰ কে ডি ইটাভাটাত আবদ্ধ ধুবুৰী আৰু পশ্চিমবংগৰ শতাধিক শ্ৰমিক৷ শ্ৰমিকসকলৰ ভিতৰত দুজন ধুবুৰীৰ শ্ৰমিক পলাই আহি নেমছু’ৰ সভাপতি বদৰুল ইছলামক এই সংক্ৰান্তত সবিশেষ জনোৱাত আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি শ্ৰমিকৰ তালিকাসহ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে নেমছু’ৰ সভাপতিগৰাকীয়ে৷ এইসকল শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ উল্লেখ যোগ্য যে পশ্চিমবংগৰ মনছেৰ আলী নামৰ মধ্যভোগী দালালে বিভিন্ন মিছা প্ৰলোভন দি এইসকল শ্ৰমিকক লৈ গৈছিল নেপালৰ ইটাভাটাত৷ বৰ্তমান আৰ কে ডি ইটাভাটাৰ স্বত্বাধিকাৰী ক্ৰমে শম্ভূ, আশা আৰু বৰাছে শ্ৰমিকসকলক প্ৰতিদিনে কৰি আহিছে শাৰীৰিক আৰু মানসিক অত্যাচাৰ৷ মহিলা শ্ৰমিককো বিভিন্ন হাৰাশাস্তি আৰু নানা ধৰণৰ গালিগলাজ কৰি আহিছে স্বত্বাধিকাৰীসকলে৷ আনকি শ্ৰমিকে কৰা কামৰ মজুৰিও ভালকৈ আদায় দিয়া নাই ইটাভাটা কতৃৰ্পক্ষই৷ প্ৰয়োজনীয় খাদ্যও কিনি খাব নোৱাৰি মৃত্যুৰ সৈতে যুঁজি কাম কৰি আছে শ্ৰমিকসকলে৷ শ্ৰমিসকলৰ লগত বহুকেইজন শিশুও আবদ্ধ হৈ আছে ৷ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব নেমছু’ৰ সভাপতি বদৰুল ইছলামে৷ অসম আৰু পশ্চিম বংগৰ শ্ৰমিকসকলক উদ্ধাৰ কৰি স্ব-গৃহত অনাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক অনুৰোধ জনাইছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে৷ এইক্ষেত্ৰত নেপাল চৰকাৰেও গুৰুত্ব দিয়া উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here