Home ক্ৰীড়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ৰেংকিং টুৰ্ণামেণ্ট হ’ব বাছনি পৰীক্ষণ: বিএআই

আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ৰেংকিং টুৰ্ণামেণ্ট হ’ব বাছনি পৰীক্ষণ: বিএআই

60
0

নতুন দিল্লী, ২৩ নৱেম্বৰ: ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনে (বিএআই) সোমবাৰে কয় যে অহা বছৰৰ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া সকলো ৰাষ্ট্ৰীয় ৰেংকিং টুৰ্ণামেণ্ট হ’ব আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে বাছনি পৰীক্ষণ।খেলৰ শীৰ্ষ সংস্থাটোৱে লগতে কয় যে আগন্তুক ছিনিয়ৰ আৰু জুনিয়ৰ টুৰ্ণামেণ্টত খেলুৱৈসকলৰ অংশগ্ৰহণ বাধ্যতামূলক আৰু প্ৰতি ছয় মাহত সকলো খেলুৱৈৰ প্ৰদৰ্শন পুনৰীক্ষণ কৰা হ’ব।উল্লেখ্য যে  কোৰোনা সময়ত ২০ মাহৰ বিৰতিৰ পিছত, ঘৰুৱা বেডমিণ্টন ছিজন ডিচেম্বৰত দুটা সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং টুৰ্ণামেণ্টৰ জৰিয়তে আৰম্ভ হ’ব।চেন্নাই আৰু হায়দৰাবাদত দুখন ছিনিয়ৰ ৰেংকিং টুৰ্ণামেণ্ট অনুষ্ঠিত হ’ব আৰু তাৰ পিছত অহা বছৰ জানুৱাৰীত পঞ্চকুলাত অনুৰ্ধ-১৫, অনুৰ্ধ-১৭ আৰু অনুৰ্ধ-১৯ টুৰ্ণামেণ্ট অনুষ্ঠিত হ’ব। তৃতীয় ছিনিয়ৰ ৰেংকিং টুৰ্ণামেণ্টখন ২০২২ চনৰ মাৰ্চত ছত্তীশগড়ত অনুষ্ঠিত হ’ব।বিএআইৰ সাধাৰণ সম্পাদক অজয় সিংহানিয়াই কৈছিল যে শীৰ্ষ পৰ্যায়ৰ খেলুৱৈসকলৰ বাবে কিছু শিথিলতা থাকিব।তেওঁ কয়, ‘কোৰোনা মহামাৰীৰ বাবে ঘৰুৱা বেডমিণ্টন ২০ মাহ ধৰি অনুষ্ঠিত হোৱা নাছিল। সাম্প্ৰতিক পৰিস্থিতিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ আধাৰত বাছনি সঠিক নহয়। আমি স্বচ্ছ প্ৰতিযোগিতা আৰু পৰীক্ষণৰ জৰিয়তে প্ৰতি ছয় মাহত খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু ফিটনেছস্তৰ পৰ্যালোচনা কৰিব বিচাৰো যাতে ফিট আৰু যোগ্য প্ৰতিভায়ে শিবিৰত স্থান পাব পাৰে আৰু অলিম্পিক পোডিয়াম আঁচনি লাভ কৰিব পাৰে।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here