Home স্থানীয় তিতাবৰত বন্ধন ‘কোন্নগৰ’ৰ ক’ভিড সজাগতা আৰু আত্মনিৰ্ভশীল অভিযান।

তিতাবৰত বন্ধন ‘কোন্নগৰ’ৰ ক’ভিড সজাগতা আৰু আত্মনিৰ্ভশীল অভিযান।

24
0

গণ বাৰ্তা, তিতাবৰ, ২৬ মে : সমগ্ৰ দেশ কৰুণা মহামাৰীয়ে গ্ৰাস কৰাৰ সময়ত চৰকাৰ আৰু চৰকাৰী বিভাগৰ পৰা আৰম্ভ কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা চলাই আহিছে।চিকিৎসাৰ সমান্তৰালকৈ এই ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাটো আজিৰ তাৰিখত অতি জৰুৰী হৈ পৰিছে, তেনে এক মহান প্ৰচেষ্টা হাতত লৈ আগবাঢ়ি আহিছে বন্ধন ‘কোন্নগৰ’ৰ সামাজিক অনুষ্ঠানটো, তিতাবৰৰ মাধপুৰ শাখাৰ কৰ্মকৰ্তা সকলে অঞ্চলটোৰ গাঁও, চুবুৰী সামৰি মাইক যোগে ৰাইজক শংকা দূৰ কৰি সজাগ হবলৈ আহ্বান জনায় আহিছে।প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা এখনি পত্ৰিকা পত্ৰ প্ৰকাশ কৰি সকলো সাৱধানতা উল্লেখ কৰি ৰাইজে হাতে হাতে পোৱাৰ ব্যৱস্থা কৰি ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে।সমান্তৰাল কৈ প্ৰতিষ্ঠানটোৱে গাঁও অঞ্চলৰ দুখীয়া মহিলা সকলক স্বাৱলম্বী হব পৰাকৈ ব্যৱসায় সামগ্ৰী অনুদান ৰূপে যোগান ধৰিছে, উজনি অসমৰ চাৰিখন জিলাত ২০ টা ব্ৰান্সৰ প্রায় চাৰি হেজাৰ কৰ্মীয়ে নিষ্ঠাৰে কাম কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here