Home উত্তৰ পূৰ্বাঞ্চল নদী সংযোগেৰে উত্তৰ-পূবৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ

নদী সংযোগেৰে উত্তৰ-পূবৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ

127
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ ছেপ্টেম্বৰ : কেন্দ্ৰীয় প্ৰতিৰক্ষা দ ৫১১ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে আজি গুৱাহাটীত ১৯৭১ চনৰ যুদ্ধৰ সোণালী বিজয় দিৱস উদ্‌যাপনৰ অংশ হিচাপে এখন আলোচনা-চক্ৰ উদ্বোধন কৰে৷ স্বৰ্ণিল বিজয় বৰ্ষ উপলক্ষে আয়োজিত আলোচনা চক্ৰত গাণিতিক জলবিজ্ঞানৰ পৰা হোলিষ্টিক ইকো-হাইড্ৰ’লজীলৈ শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, সাংবাদিক নীতীন গোখলে৷ তেওঁ ভাৰত-বাংলাদেশ প্ৰেক্ষাপটত শ্বেয়াৰড ৱাটাৰ্ছৰ ওপৰত ভাষণ প্ৰদান কৰে৷ এই অনুষ্ঠান মুকলি কৰি ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে কয়, ‘বাংলাদেশ আৰু উত্তৰ-পূব ভাৰত সূৰ্যোদয়ৰ দিশত, মই এই বিষয়ে অত্যন্ত সুখী৷ এই প্ৰসংগই দুয়োখন ৰাষ্ট্ৰক সামগ্ৰিক বিকাশ, সমৃদ্ধি আৰু গৌৰৱৰ বাবে নতুন উপায় আৰু পথ বিচাৰিবলৈ সদায় সাজু থাকিবলৈ অনুপ্ৰাণিত কৰে৷ দৰাচলতে, আমাৰ দ্ৰুত বিকাশশীল অৰ্থনীতিয়ে একেলগে বিকাশ কৰিবলৈ আৰু সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্কত নতুন উচ্ছতা স্পৰ্শ কৰিবলৈ গতানুগতিক স্থিতিৰ বাহিৰত চিন্তা আৰু দৃষ্টি দিব লাগিব৷’ তেওঁ পুনৰ কয় যে ভাৰত আৰু বাংলাদেশৰ মাজত আমাৰ উপ-মহাদেশত বহুতো অনান্য আৰু বিশেষ স্থান আছে৷ আমি একে সময়তে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছোঁ৷ দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কে তেওঁলোকৰ ঐতিহাসিক, সাংস্কৃতিক, ভাষা আৰু আন বহুতো পাৰস্পৰিক মূল্যবোধৰ আদান-প্ৰদান কৰে৷ মুঠ ৪০৯৬.জ্জকিলোমিটাৰ সীমান্ত আৰু ৫৪খন নদীয়ে দুয়োখন দেশক সংযোগ কৰিছে৷ আমাৰ এটা সম্পৰ্ক আছে যাক শব্দৰ দ্বাৰা সংজ্ঞা দিব নোৱাৰি৷ উল্লেখযোগ্য যে যোৱা ৬ জুন, ২০১৫ত স্বাক্ষৰিত দুয়োখন দেশৰ মাজত স্থল সীমা চুক্তিয়ে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক হৈ আহিছে৷ ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢাকা ভ্ৰমণ কৰাৰ লগতে দুই দেশৰ চৰকাৰী সমৰ্থনত হোৱা বহু ক্ষেত্ৰৰ নতুন চুক্তিয়ে উন্নয়নত দ্ৰুত গতি প্ৰদান কৰা বুলিও মন্তব্য কৰে৷ দুয়োখন দেশে একেলগে বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ নদী সংযোগে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যি হৈছে সমগ্ৰ দেশৰ আভ্যন্তৰীণ জল বাণিজ্য আৰু পৰিবহণ বাণিজ্যৰ এক মুখ্য পৰিপূৰক৷ ইয়াৰোপৰি, চাহৰ পৰা আৰম্ভ কৰি যন্ত্ৰপাতি, বস্ত্ৰ উদ্যোগ আৰু কাগজ উৎপাদন আৰু ৰাসায়নিক সামগ্ৰীলৈকে কেঁচা সামগ্ৰী দুয়োখন দেশৰ মাজত বাণিজ্যত মুখ্য ভূমিকা পালন কৰি অহাৰ হেতুকে এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here