Home বিনোদন বলিউড জগতত শূন্যতাৰ সৃষ্টি কৰি বাপ্পীদাৰ বিদায়

বলিউড জগতত শূন্যতাৰ সৃষ্টি কৰি বাপ্পীদাৰ বিদায়

577
0


নতুন দিল্লী, ১৬ ফেব্ৰুৱাৰী: বলীউড জগতৰ প্ৰখ্যাত গীতিকাৰ আৰু সুৰকাৰ বাপ্পী লাহিড়ীৰ আজি ৬৯ বছৰ বয়সত বিয়োগ ঘটে৷ মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী প্ৰখ্যাত গীতিকাৰে৷ উল্লেখ্য যে দীৰ্ঘসময় ধৰি অসুস্থ হৈ থকা বাপ্পী লাহিড়ী বিগত বৰ্ষত ক’ভিডতো আক্ৰান্ত হৈছিল৷ ’৮০ আৰু ৯০১ দশকত ভাৰতৰ ডিস্কো সংগীত জনপ্ৰিয় কৰি তোলা এইগৰাকী প্ৰখ্যাত গীতিকাৰৰ বিয়োগত আজি শোকৰ ছাঁ পৰিছে বলীউড জগতত৷ কিয়নো যোৱা দুটা বৰ্ষত বহুকেইগৰাকী অভিনেতা, গায়িকা, সুৰকাৰ, গীতিকাৰৰ বিয়োগ ঘটিছে৷ যাৰ ফলত বলীউড জগতত এক বৃহৎ ক্ষতি হৈছে৷ শেহতীয়াকৈ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগ ঘটে৷ তেওঁৰ মৃত্যুত বলীউড জগতত শোকৰ ছাঁ পৰি থকাৰ সময়ছোৱাতেই আন এক দুখৰ সংবাদে ঘেৰি ধৰিছে বলিউডক৷ এইগৰাকী প্ৰখ্যাত শিল্পীৰ মৃত্যুত কেৱল বলীউড জগততেই শোকৰ ছাঁ পৰিছে এনে নহয়, সমগ্ৰ দেশতেই শোকৰ ছাঁ পৰিছে৷ ১৯৫২ চনৰ ১৭ নৱেম্বৰত পশ্চিম বংগৰ জলপাইগুৰিত জন্মগ্ৰহণ কৰা বাপ্পী লাহিড়ীয়ে নিজৰ সুকীয়া শৈলীৰে সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেওঁক বলীউডৰ প্ৰথম ৰকষ্টাৰ ছিংগাৰ বুলিও কোৱা হৈছিল৷ তেওঁ ১৯৮০ আৰু ’৯০১ দশকত বৰ্দন, ডিস্কো ডান্স, নমক হালাল, ছৰাবী, ডান্স ডান্স, কামাণ্ডো, ছাহেব, গেংগ লীডাৰ, ছেইলাব জেইচা ফিল্মীৰ চাউণ্ড ট্ৰেকৰ সৈতে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁক জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ-১৫’ত শেষবাৰৰ বাবে দেখা গৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here