Home ক্ৰীড়া এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ ব্ৰঞ্জ পদক প্ৰাপ্ত বৰডুমচাৰ জাওখাম দিলী চিংফৌলৈ ৰাজকীয় আদৰণি

এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ ব্ৰঞ্জ পদক প্ৰাপ্ত বৰডুমচাৰ জাওখাম দিলী চিংফৌলৈ ৰাজকীয় আদৰণি

377
0

গণ বাৰ্তা,ফিল’বাৰী,৬ ছেপ্টেম্বৰতঃ টকিঅ ২০২০ পেৰা অলিম্পিকত ভাৰতীয় খেলুৱৈ পাঁ‌ছটা স্বৰ্ণসহ মুঠ ১৯ টা পদকৰে ইতিহাস ৰচি দেশবাসীক গৌৰৱান্বিত কৰাৰ সময়তেই কাজাকস্থানত অনুষ্ঠিত হোৱা গামা এছিয়ান এম এম এ (GAMAA ASIAN M M A) ২০২১ প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ জাওখাম দিলী চিংফৌয়ে ব্ৰঞ্জ পদক লাভ কৰি দেশৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশক গৌৰৱান্বিত কৰিলে।এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক লাভ কৰি প্ৰথমবাৰ বাবে নিজ ৰাজ্যলৈ অহা জাওখাম দিলী চিংফৌক বৰডুমচা চেক গেটৰ পৰা অৰুণাচল বৰডুমচাৰ চিংফৌৰ উন্নয়ন সমিতিয়ে ব্যাপক আদৰণি অনুষ্ঠান আয়োজন কৰি আদৰণি সভাৰ মূল কক্ষলৈ আদৰণি জনায়।এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক লাভ কৰা জাওখাম দিলী চিংফৌক আদৰণি জনোৱা কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক সামলুং মুচাং,স্থানীয় জিলা প্ৰশাসনিক বিষয়া,লগতে স্থানীয় দল সংগঠনৰ বিষয়ববীয়া। স্থানীয় বিধায়ক সামলুং মুচাংয়য়ে জাওখাম দিলী চিংফৌযক প্ৰথমবাৰলৈ কাজাকস্থান খেলিবলৈ যোৱাৰ সময়ত আৰ্থিক সাহায্য দিয়া বুলি জানিব দিয়াৰ অনাগত দিনটো খেলুৱৈ গৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।গামা এছিয়ান এম এম এ (GAMAA ASIAN M M A)২০২১ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌয়ে  পদক লাভ কৰাৰ ক্ষেত্ৰত প্ৰেৰণা দিয়া আৰু আৰ্থিক দিশত সহায় কৰা সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন  কৰাৰ লগতে আগন্তুক দিনত স্বৰ্ণ পদক লাভৰ বাবে চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here