Home Main Stories চৰাইদেউৰ বৰহাটত ক’ভিডমুক্ত হৈ ঘৰলৈ গৈ থকা পথত সংঘটিত হোৱা ধৰ্ষণ...

চৰাইদেউৰ বৰহাটত ক’ভিডমুক্ত হৈ ঘৰলৈ গৈ থকা পথত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ মূল দুই অভিযুক্তক গ্ৰেপ্তাৰ বৰহাট আৰক্ষীৰ

44
0

গণ বাৰ্তা, সাপেখাতী, ৩১ মে’ : চৰাইদেউৰ বৰহাটৰ নগামাটি গাঁৱৰ এগৰাকী মহিলা ক’ভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ গৈ থকা পথতে সন্ধিয়াৰ ভাগত দুজন লোকৰ কামনাৰ বলি হৈছিল। উক্ত ঘটনাৰ সৈতে জড়িত দুই লম্পটক ইতিমধ্যে আটক কৰিছে বৰহাট আৰক্ষীয়ে। বৰহাট নগামাটি গাঁৱৰ চাহ জনগোষ্ঠীয় এটি পৰিয়ালৰ স্বামী, স্ত্ৰী আৰু কন্যা যোৱা ১৭ মে’ত ক’ভিডত আক্ৰান্ত হৈ নিজা গৃহতে হোম আইছ’লেচনত আছিল । ক্ৰমান্বয়ে তিনিওৰে স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তিনিওকে সাপেখাতীস্থিত মডেল চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰথমে স্বামীগৰাকীৰ পুনৰ ক’ভিড টেষ্টত নিগেটিভ হোৱাত স্বামীগৰাকীক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ পঠাই দিয়ে । তাৰ পাছত বৃহস্পতিবাৰে পত্নীগৰাকী আৰু কন্যাৰো ক’ভিড টেষ্ট কৰাত দুয়োৰে নিগেটিভ অহাত দুয়োকে চিকিৎসালয়ৰ পৰা ২.৩০ বজাত ৰিলিজ দিয়ে । কিন্তু ২ বজাৰ পৰা থকা সান্ধ্য আইনৰ বাবে যান-বাহন বন্ধ হৈ পৰাত চিকিৎসালয়ৰ কৰ্তৃপক্ষক মহিলাগৰাকী আৰু যুৱতীগৰাকীয়ে থোৱাৰ ব্যৱস্থা কৰি দিবৰ বাবে, লগতে নিশাটো চিকিৎসালয়ৰ বাৰাণ্ডাতেই পাৰ কৰাৰ অনুমতি বিচাৰি বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত দুয়োৱে অৱশেষত উপায়ান্তৰ হৈ অসুস্থ দেহাৰেই খোজ কাঢ়িয়েই নিজ গৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিয়েই আৰম্ভ কৰিলে যাত্ৰা। সাপেখাতী চিকিৎসালয়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা নিজ গৃহলৈ মাত্ৰ চাৰি কিলোমিটাৰ বাকী থকাৰ মুহূৰ্ততেই বৰহাট চাহ বাগিচা অতিক্ৰম কৰাৰ পাছত ধোদৰ আলিৰ জনশূন্য স্থানত মহিলাগৰাকীৰ লগতে যুৱতীগৰাকীক দুজন দুৰ্বৃত্তই আগচি ধৰি বাগিচাৰ মাজলৈ টানি নিবলৈ চেষ্টা চলাওঁতেই যুৱতীগৰাকীয়ে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয়। অসুস্থ মহিলাগৰাকীক দুই দুৰ্বৃত্তই বাগিচাৰ মাজলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰে । ততালিকে যুৱতীগৰাকীয়ে স্থানীয় একাংশ লোকক সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত কৰাত আৰক্ষীক খবৰ দিয়ে। তাৎক্ষণিকভাৱে বৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে দুই দুৰ্বৃত্তই । দুই দুৰ্বৃত্তই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে মাৰপিট কৰাৰ ফলত মহিলাগৰাকীয়ে হেৰুৱাই পেলাইছে শ্ৰৱণ শক্তিও। সমগ্ৰ ঘটনাটো সাপেখাতী মডেল চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই সংঘটিত হ’ল জঘন্য কাণ্ড । সমগ্ৰ ঘটনাৰ পাছতেই চৰাইদেউ আৰক্ষীৰ লগতে বৰহাট আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ অভিযান চলাই বৰহাট চাহ বাগিচাৰ পৰা আটক কৰে দুই লম্পটক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here