Home Main Stories বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা, কংগ্ৰেছ নেতা তথা ৰাজনৈতিক বিশ্লেষক আব্দুল কায়ুমৰ

বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা, কংগ্ৰেছ নেতা তথা ৰাজনৈতিক বিশ্লেষক আব্দুল কায়ুমৰ

218
0

আব্দুল কায়েমৰ মৃত্যু কংগ্ৰেছৰ বাবে অপূৰণীয় ক্ষতি”- বিধায়ক আব্দুৰ ৰহিম আহমেদ।

আজিজুল হক , ভেল্লা , ১২মেঃ মাৰাত্মক ক’ৰোনা সংক্ৰমণত আক্ৰান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা , সমাজসেৱক তথা জ্যেষ্ঠ অধিবক্তা আব্দুল কায়ুমৰ কালি নিশা মৃত্যু ঘটে । তেওঁৰ মৃত্যুত বৰপেটাত গভীৰ শোকৰ ছাঁ পৰে । বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটা আব্দুল কায়েমৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ। ১৯৬৭ চনত কংগ্ৰেছ দলত যোগদান কৰি কায়েমে দলটো শক্তিশালী কৰাত যথেষ্ট অৱদান আগবঢ়াইছিল। প্ৰবীণ কংগ্ৰেছ নেতাগৰাকী অসম কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদকৰ লগতে জিলা কংগ্ৰেছৰ কেইবাবাৰো গুৰু দ্বায়িত্বত আছিল। তেওঁ এগৰাকী দক্ষ ৰাজনৈতিক বিশ্লেষকৰ লগতে সমাজত এগৰাকী সফল অধিবক্তা হিচাপে পৰিচিত হৈছিল। অধিবক্তা আব্দুল কায়ুমে ২০১১ চনত বৰপেটা সদৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাৰ আগবঢ়াই পৰাজয়বৰণ কৰিছিল। ১৯৭৫ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা অনাৰ্ছসহ আইনত স্নাতক ডিগ্ৰী লাভ কৰা কায়ুমে বৰপেটা জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পাব্লিক প্ৰচিক্যুটৰ হিচাপেও সুদীৰ্ঘ দিন দায়িত্ব পালন কৰিছিল। কায়ুমে বৰপেটা পৌৰসভাত প্ৰাক্তন উপ সভাপতি হিচাপে অধিষ্ঠিত হৈছিল । উল্লেখ্য যে দীৰ্ঘদিন ধৰি  ৰোগত আক্ৰান্ত হৈ থকা কায়ুমক যোৱা শুক্ৰবাৰে এক বিশেষ অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালৰ লোকে চেন্নাইলৈ নিছিল যদিও চেন্নাইত নি থকা সময়তে কায়ুমে জ্বৰ, কাহত আক্ৰান্ত হয় আৰু অস্ত্ৰোপচাৰ নকৰাকৈয়েই উভতি আহিবলৈ বাধ্য হয়। গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচত কোভিড টেষ্টত তেখেতৰ দেহত ধৰা পৰে সংক্ৰমণৰ অৱস্থিতি। লগে লগে কায়ুমক গুৱাহাটী বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ চেষ্টা চলোৱা হয় যদিও বিচনাৰ অভাবত বৰপেটালৈ আনি বৰপেটা চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশেষত যোৱানিশা প্ৰায় চাৰে ন বজাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত কোভিড আই চি ইউ ৱাৰ্ডত তেওঁৰ মৃত্যু ঘটে। কোভিড প্ৰটকল মানি আজি দিনৰ ডেৰ বজাত তেখেতৰ জানাজা সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে জ্যেষ্ঠ অধিবক্তা, প্ৰবীণ কংগ্ৰেছ নেতা আব্দুল কায়েম সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল । তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে কয়- ” ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনপ্ৰিয় তথা প্ৰবীণ নেতা, বৰপেটাৰ বিশিষ্ট অধিবক্তা তথা সমাজসেৱক আব্দুল কায়ুম ছাৰৰ মৃত্যুত মৰ্মাহত হৈছো ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোক বৰপেটাত এক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰণী ভুমিকা লোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ মৃত্যুত দলটোৰ এক অপূৰণীয় ক্ষতি ৷ তেওঁৰ অনুপস্থিতি দলটোৱে সদায় অনুভৱ কৰি থাকিব। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেত জান্নাতবাসী হোৱাৰ কামনা কৰিছো”। ইপিনে কোভিড পৰিস্থিতিৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক পৰ্য্যায়ৰ নেতাসকলে তেওঁৰ গৃহত উপস্থিত থাকিব নোৱাৰিলেও জিলা পৰ্য্যায়ৰ কংগ্ৰেছ লগতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰৰ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেককে ধৰি আন কেতবোৰ হাইপ্ৰফাইল নেতাই প্ৰয়াত আব্দুল কায়েমৰ পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে বুলি  জানিব পৰা গৈছে। বৰপেটাৰ বিভিন্ন দল সংগঠন, বৰপেটা উকিল সন্থাই তেওঁৰ মৃত্যত শোক প্ৰকাশ কৰে। মৃৃত্যুৰ সময়ত তেওঁ পত্নী, ৬ গৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানসহ নাতি নাতিনীৰ লগতে বহুতো আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here