পুলেন্দ্ৰ দাস,বৰপেটা ,১৫ নৱেম্বৰ: অসমবাসী লৈ সুখৰ খবৰ কঢ়িয়াই আনিছে বৰপেটাৰ সু-সন্তান নিচাদ আলীয়ে । অহা ১৬ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ ডুবাইত অনুষ্ঠিত হবলগীয়া বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে বৰপেটাৰ সুযোগ্য সন্তান গৰাকীয়ে ৷ বৰপেটা চহৰৰ হাসমত আলী আৰু নিলোফা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান নিচাদ আলীৰ এই কৃতকাৰ্যতাক লৈ উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী । প্ৰশিক্ষক পিতৃ হাসমত আলীৰ তত্বাৱধানত কাৰাটে প্ৰশিক্ষণ লাভ কৰা নিচাদ আলীয়ে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন কাৰাটে প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছে ।২০১৮ বৰ্ষত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হোৱা নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল নিচাদ আলীয়ে । ইয়াৰ উপৰি ২০১৭ বৰ্ষত কাজাখাস্তানত অনুষ্ঠিত জুনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপ আৰু ২০১৮ চনত জাপানৰ অকিনাৱাত অনুষ্ঠিত জুনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপতো পদক লাভ কৰিছল বৰপেটাৰ সু-সন্তান নিচাদ আলীয়ে ৷ উল্লেখ্য যে, ডুবাইত অনুষ্ঠিত হব লগীয়া ২৫ সংখ্যক চিনিয়ৰ বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত উকাৰ সাধাৰণ সম্পাদক শ্বিহান নগেন বংঝাঙে ভাৰতীয় দলৰ ক্টটেকনিকেল স্পোৰ্টচ ডাইৰেক্টক্টৰ হিচাপে নিযুক্তি লাভ কৰিছে । শ্বিহান নগেন বংঝাঙৰ তত্বাৱধানত ভাৰতীয় কাৰাটে দলটোৱে ইতিমধ্যে ডুবাইত উপস্থিত হৈছে ৷