Home Main Stories বাক্সা জিলা গ্ৰন্থাগাৰক জিলাখনৰ জ্ঞানৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব —...

বাক্সা জিলা গ্ৰন্থাগাৰক জিলাখনৰ জ্ঞানৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব — প্ৰমোদ বড়ো

124
0

মুছলপুৰত জিলা গ্ৰন্থাগাৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন

গণ বাৰ্তা, মুছলপুৰ, ২২ জুন : গ্ৰন্থ অধ্যয়নে আমাৰ জীৱনলৈ পৰম তৃপ্তি আৰু সুখ আনে ৷ গ্ৰন্থই বিভিন্ন জাতিৰ লোকৰ মানসিকতা আৰু কলা-সংস্কৃতি বহন কৰে। সেয়েহে গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব অপৰিসীম। এখন ভাল কিতাপ অধ্যয়নে আমাৰ মনলৈ বিমল আনন্দ আৰু নিবিড় সুখানুভূতি কঢ়িয়াই আনে ৷ এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷ আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাথৌপুৰীত জিলা গ্ৰন্থাগাৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি বড়োৱে কয় যে মানুহক জীয়াই থকাৰ বাবে টকা-পইছাৰ সমানে প্ৰয়োজন শিক্ষা আৰু জ্ঞানৰ। সেই শিক্ষা আৰু জ্ঞান অৰ্জনৰ বাবে সকলোৱে কৰিব লাগিব অধ্যয়ন ৷ আমাৰ পৰা চোৰ কৰিব নোৱাৰা কথা খিনিয়েই হৈছে জ্ঞান ৷ গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে ৷ আজি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহহীনতাৰ ফলত সমাজৰ মানসিকতাত কেৰোণ সোমাইছে ৷ অধ্যয়ণৰ বাবে জিলাখনৰ গ্ৰাম্যাঞ্চলবোৰত এতিয়াও বিশেষ সা-সুবিধা নাই, সেয়ে বাক্সাত পূৰ্ণ পৰ্যায়ৰ জিলা গ্ৰন্থাগাৰ এটা স্থাপন হোৱাৰ পিচত জিলাখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অধ্যয়ণ কৰি ভাল পোৱা যুৱক-যুৱতীসকলৰ বাবে ই যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে বড়োৱে ৷ তেওঁ লগতে জিলা গ্ৰন্থাগাৰটোক জিলাখনৰ জ্ঞানৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰে ৷ বড়োৱে লগতে কয় যে আজি অধ্যয়ণ কমি যোৱাৰ বাবে কিছুমান মানুহৰ মাজত এক অশুভ পৰিৱেশৰ সৃষ্টি হৈছে ৷ যি পৰিৱেশ সাধাৰণতে অধ্যয়ণ কৰা ব্যক্তি সকলৰ বাবে সৃষ্ট নহয় ৷ আগতে গাওঁ সমূহত অথবা ক্লাব,সংঘ আদিত গ্ৰাম্য পুথিভঁৰাল আছিল ৷ সেই পুথিভঁৰাল সমূহত আবেলি পৰত গ্ৰন্থ পিপাসুবোৰে বহি কিতাপ পঢ়ি সময় অতিবাহিত কৰিছিল ৷ সেয়ে তেতিয়াৰ সমাজত অপকৰ্ম সমূহো কমকৈ সংঘটিত হৈছিল ৷ এতিয়াও বহু অঞ্চলত অধ্যয়ণ তথা খেল-ধেমালিৰ সুবিধা নথকা বাবে যুৱক-যুৱতী সকলে চ’ছিয়েল মিডিয়াত বা ম’বাইলত অপ্ৰয়োজনীয় ভাৱে চাটিংত ব্যস্ত থকা পৰিলক্ষিত হয় ৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মন আকৰ্ষিত কৰাৰ বাবে আজি উদ্বোধিত জিলা গ্ৰন্থাগাৰটোৰ সৈতে এখন লন্ বা টেবুল টেনিচ কৰ্টও স্থাপন কৰাৰ কথা ব্যক্ত কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ লগতে এতিয়াৰে পৰা গ্ৰন্থাগাৰটোলৈ অধ্যয়ণৰ উদ্দেশ্যে অহা প্ৰতি গৰাকী ব্যক্তিকে একাপ ৰঙা চাহ-বিস্কুটেৰে আপ্যায়ণ কৰিবলৈও নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক ৷ যি পৰিৱেশে গ্ৰন্থাগাৰটোৰ প্ৰতি নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অধ্যয়ন কৰি ভাল পোৱা ব্যক্তি সকলক অধিক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ আনহাতে জিলা গ্ৰন্থাগাৰটো মুছলপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰামদাস বসুমতাৰীৰ নামত নামাকৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত গ্ৰন্থাগাৰটো ই-লাইব্ৰেৰী হিচাপে উন্নীতকৰণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ যাৰ ফলত লোকসেৱাৰ পৰা আৰম্ভ কৰি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট উপকৃত হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকলৈ সকলো ছাত্ৰ-ছাত্ৰীৰে অধ্যয়ন প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ গ্ৰন্থাগাৰত অতিৰক্ত কিতাপ, দৈনিক সংবাদপত্ৰ, আলোচনী আৰু অন্যান্য অধ্যয়ন সামগ্ৰীৰে সময়োপযোগী কৰি ৰাখিবলৈও আহ্বান জনায় বড়োৱে ৷ ইয়াৰ লগতে তেওঁ জিলা গ্ৰন্থাগাৰ কৰ্তৃপক্ষক অঞ্চলটোৰ বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষা বিভাগৰ বিষয়া, ছাত্ৰ সংগঠন সমূহক গ্ৰন্থাগাৰটোৰ সৈতে জড়িত কৰাবলৈ আহ্বান জনায় ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্ৰহ্ম, ড° নিলুট স্বৰ্গীয়াৰী, বিটিচিৰ মুখ্য সচিব শান্তনু পি গোটমাৰে, বিটিচিৰ গ্ৰন্থাগাৰ বিভাগৰ মুৰব্বী জগত চন্দ্ৰ বড়ো, বিটিচিৰ জনসংযোগ বিষয়া পৰমেশ্বৰ বসুমতাৰী, জিলা গ্ৰন্থাগাৰিক জিন্টী দাস, জিলা সমবায় বিষয়া জয়ন্ত খেৰকটাৰী, তামুলপুৰ মহকুমা গ্ৰন্থাগাৰিক কবিতা কলিতাকে ধৰি কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here