Home অসম কলগাছিয়াৰ শওপুৰ-আমগুৰি-কৰাৰকুৰত বেকীৰ বিধবংসী খহনীয়া : বিকল্প ৰাজ্যিক ঘাইপথলৈ ভাবুকি

কলগাছিয়াৰ শওপুৰ-আমগুৰি-কৰাৰকুৰত বেকীৰ বিধবংসী খহনীয়া : বিকল্প ৰাজ্যিক ঘাইপথলৈ ভাবুকি

69
0


গণ বাৰ্তা, কলগাছিয়া, ১২ মে’ ঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ সমীপৱৰ্তী শওপুৰ-আমগুৰি-কৰাৰকুৰ, ডাউকমাৰী, খাৰবাল্লী, সুঁতিৰ পাথাৰ, ইছবপুৰ, লাচাংগা, বলাইপাথাৰ আদিকে কৰি প্ৰায় ১৬টা নৈপৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি বেঁকী নদীৰ ভয়ানক খহনীয়া অব্যাহত আছে৷ ইয়াৰে শওপুৰ-আমগুৰি-কৰাৰকুৰত ভয়ংকৰ খহনীয়া অব্যাহত আছে৷ ফলত কে’বাকোটি টকা ব্যয়েৰে কৰাৰকুৰত নিৰ্মাণ কৰা পকী দলঙৰ পশ্চিম প্ৰান্তত ভয়ানক খহনীয়াৰ সৃষ্টি হৈছে৷ সম্প্ৰতি বৰষুণ পৰিলেই ভয়ানক ৰূপধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তদুপৰি শওপুৰ আৰু আমগুৰিতো খহনীয়াই ভয়ানক ৰূপধাৰণ কৰিছে৷ খহনীয়াৰ ফলত কলগাছিয়া আমগুৰি-শওপুৰ হৈ দুই নং বিকল্প ৰাজ্যিক ঘাইপথ সংযোগী পকীপথৰ দুই অংশত প্ৰায় আঢ়ৈশ মিটাৰ পথৰ সিংহভাগ নদীয়ে উটুৱাই নিছে৷ ফলত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা৷ ইফালে, শওপুৰ-আমগুৰি-কৰাৰকুৰত বিগত ডেৰ মাহত প্ৰায় ৪১টা পৰিয়ালে নিজৰ ঘৰ ভেটি হেৰুৱাই অস্থায়ী তম্বুৰ তলত দিন-ৰাতি অতিবাহিত কৰিব লগা হৈছে আৰু ২৮টা পৰিয়ালৰ ঘৰ ভেটি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ বালি মাফিয়াৰ দ্বাৰা আবাধে অবৈধভাৱে বালি খনন কৰাৰ ফলত খহনীয়াৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ ইফালে, উক্ত খহনীয়াত ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ পকী দলঙৰ পশ্চিমৰ অংশ নদীয়ে যিকোনো মুহূৰ্তত উটি যোৱাৰ উপক্ৰম হৈছে৷ ইফালে, নিৰ্মীয়মাণ কেন্দ্ৰীয় আৱাসিক বিদ্যালয়, শওপুৰ-কৰাৰকুৰ দলং আৰু বিকল্প ৰাজ্যিক ঘাইপথছোৱা সুৰক্ষিত ৰাখিবলৈ বিজ্ঞানসন্মতভাৱে খহনীয়াৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে জনীয়াৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ওচৰত দাবী জনাইছে৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সদৰী কৰে স্থানীয় ৰাইজে৷ উল্লেখ্য যে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও সেয়া পৰ্যাপ্ত আৰু স্থায়ী নহয়৷ ইতিমধ্যে উক্ত ব্যৱস্থাৰ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈ পৰিছে৷ ফলত যিকোনো মুহূৰ্তত দুই নং ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ অংশ উটি গৈ বিচ্চিন্ন হৈ যাব পাৰে নামনি অসমৰ বিকল্প আৰু সময় ৰাহি হোৱা কম খৰচী যাতায়াতৰ সুবিধা৷ নদীৰ পানী শুকালে গৰাখহনীয়াৰ বিজ্ঞানসন্মত আৰু স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছিল, কিন্তু সম্প্ৰতি নদীৰ পানীৰ স্তৰৰ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে৷ এনে অৱস্থাত প্ৰতিৰোধ ব্যৱস্থা কাৰ্যকৰী কৰাৰ সম্ভাৱনা দিনক দিনে হ্ৰাস পাবলৈ ধৰাত স্থানীয় বিধায়ক-সাংসদ-প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বৃদ্ধি পাবলৈ ধৰিছে৷ ইফালে, সম্প্ৰতি জনীয়া সমষ্টিৰ কাউৰজাহী, ইছব বজাৰ, বালাইপাথাৰ, ইছবপুৰ, ক্ষুদ্ৰখোৱা, খাৰবাল্লী, কাচুকাটি আদিকে ধৰি ১৬টা অঞ্চলত অবিৰতভাৱে খহনীয়া অব্যাহত আছে৷ উক্ত অঞ্চলতো প্ৰায় ৪৩টা পৰিয়ালে নিজৰ মাটি ভেটি হেৰুৱাবলগা হৈছে৷ শ শ বিঘা কৃষিভূমিও নদীৰ বুকুত জাহ গৈছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে জনপ্ৰতিনিধি আৰু প্ৰশাসন৷ জিলা উপায়ুক্ত আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে৷ কিন্ত কাৰোবাৰ আশীৰ্বাদত সংকটাপন্ন বিকল্প ৰাজ্যিক ঘাইপথেৰে অবাধে চলি আছে অবৈধ বালিভৰ্তি বৃহৎ ডাম্পাৰসহ অন্যান্য গধুৰ যান-বাহন৷ অতি সোনকালে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক ৰাইজে দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here