Home অসম লেখাপানীত ভাৰতীয় সেনাৰ দ্বাৰা মহিলা সেনাৰ যুগদানৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ

লেখাপানীত ভাৰতীয় সেনাৰ দ্বাৰা মহিলা সেনাৰ যুগদানৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ

440
0

শৰৎ গগৈ, লেখাপানী ৫ জুলাই : তিনিচুকীয়া জিলাৰ লেখাপানী ভাৰতীয় সেনাৰ অধীনত সেনা চাউনীৰ অন্তৰ্গত পোন প্ৰথম বাৰৰ বাবে লেখাপানী লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন শিক্ষিত নিবনুৱা যুৱতী সকলক ভাৰতীয় সেনাৰ যোগদানৰ বাবে এটা অস্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে । ভাৰতীয় মহিলা সেনা নিযুক্তি বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ হোৱা পূৰ্বে যিসকল শিক্ষিত যুৱতীয়ে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ ইছ্যুক প্ৰকাশ কৰিছে সেই সকলক লেখাপানী আৰু টিপং স্থিত ভাৰতীয় সেনা বাহিনীয়ে টিপং ৰাজহুৱা খেলপথাৰত মকৰলৰ বাবে যোগ্যত আৰু অৰ্হতা অৰ্জন কৰিবলৈ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কাৰ্য্যক সচেতন ৰাইজে ভাৰতীয় সেনা বাহিনী ধন্যবাদ জ্ঞাপন কৰিছে । ইতিমধ্যে প্ৰায় ৬৩ গৰাকী ইছ্যুক শিক্ষিত যুৱতীয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে । লেখাপানী আৰু টিপং ভাৰতীয় সেনা বেটেলিয়নে প্ৰণালীবদ্ধ ভাবে যুৱতী সকলক প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়াৰ উপৰিও বিভিন্ন খেলত প্ৰতিযোগিতা হিচাবেও অংশগ্ৰহণ কৰাই পুৰস্কৃত কৰি মনোগ্ৰাহী কৰি তুলিছে । উল্লেখযোগ্য বিষয় যে লেখাপানী আৰু টিপংস্থিত ভাৰতীয় সেনা বেটেলিয়নৰ বিষয়ববীয়া সকলে স্থানীয় শিক্ষিত যুৱতী সকলক ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবৰ বাবে বিশেষভাৱে অৰিহণা যোগোৱা হব বুলি সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অৱগত কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here