Home Main Stories মিঞা জনগোষ্ঠীৰ ওপৰত আধাৰিত উপন্যাস বেগম আছমাৰ ”বাইচাল” গুৱাহাটী গ্ৰন্থমেলা, চাপৰ ,‌যোগীঘোপা...

মিঞা জনগোষ্ঠীৰ ওপৰত আধাৰিত উপন্যাস বেগম আছমাৰ ”বাইচাল” গুৱাহাটী গ্ৰন্থমেলা, চাপৰ ,‌যোগীঘোপা আৰু নানকাৰ গাঁও একে লগে চাৰি ঠাইত উন্মোচন

332
0

গণবাৰ্তা, যোগীঘোপা, ৬ জানুৱাৰী :  বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাস্থিত ছেদামাৰী হাইস্কুলত আজি বিশিষ্ট লেখিকা বেগম আছমা খাতুনৰ উপন্যাস ‘বাইচাল”ৰ আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হয়। এই উপলক্ষে ছেদামাৰী হাইস্কুলত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উক্ত উন্মোচনী সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰল হক,লেখিকা বেগম আছমা খাতুন, সাংবাদিক মনোৱাৰ হুছেইন, যুৱ সমাজ সেৱক মীৰ হাদিউল ইছলাম, আমছু নেতা আনোৱাৰ হুছেইন উপস্থিত থাকি উপন্যাসখনৰ আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে।উল্লেখ্য যে, বহু প্ৰতিক্ষাৰ অন্তত বেগম আছমা খাতুনৰ ৰচিত ‘ বাইচাল’ উপন্যাসখনৰ আজি একেলগে চাৰি স্থানত উন্মোচন কৰা হয়। অবিভক্ত গোৱালপাৰা জিলাৰ লগতে চৰ-চাপৰিৰ মিঞা জনগোষ্ঠীৰ ওপৰত আধাৰিত উপন্যাসখন প্ৰকাশক অমৃত কুমাৰ উপাধ্যায় তত্বাৱধানত গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলা, বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শেখ হেদায়ৎ উল্লাৰ তত্বাৱধানত ৰত্নপীঠ মহাবিদ্যালয়ত ,সাংবাদিক মনোৱাৰ হুছেইনৰ তত্বাৱধানত যোগীঘোপাৰ বালাপাৰাত আৰু শিক্ষক মহিজুল খানৰ তত্বাৱধানত ধনতোলা নানকাৰগাঁও হাইস্কুলত একেলগে উন্মোচন কৰে। পাঠক সমাজে উন্মোচন কৰা উপন্যাস বাইচালক লৈ লেখিকা গৰাকী যথেষ্ট উৎসাহিত বুলি জনায়। অবিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন চৰ চাপৰিত বসবাস কৰা লোকসকলৰ দুখবেদনা , সমস্যা ,কলা কৃষ্টি আদি দাঙি ধৰাৰ এক প্ৰয়াস কৰা বুলি লেখিকাই জনায়। পাঠকে উপন্যাসখন আদৰি লব বুলি আশা প্ৰকাশ কৰে। ইপিনে  গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলাৰ পূৰ্বায়ণৰ ষ্টল নং ২৭ আৰু ২৮ নম্বৰত , বৰ্ণৰ লগতে অন্যান্য ষ্টলতো উপলব্ধ হ’ব বুলি লেখিকা গৰাকীয়ে জানিব’লৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here