Home Main Stories ‘ফেচবুক’ত ভায়োলিন বজোৱা মানুহজনৰ নেপথ্যৰ কাহিনী

‘ফেচবুক’ত ভায়োলিন বজোৱা মানুহজনৰ নেপথ্যৰ কাহিনী

335
0


ছাহজাহান তালুকদাৰ, ১ জুন :মোৰ অতি শ্ৰদ্ধাৰ গুৰু, স্থানীয় আৰু প্ৰেৰণাৰ স্ৰোতস্বৰূপ এগৰাকী সৰবৰহী ব্যক্তিত্ব৷ যি সকলোৰে মন মুহিব পৰা ক্ষমতাৰ অধিকাৰী আৰু খুবেই সহজ-সৰল৷ তেওঁৰ সৈতে আজি টেলিফোনত হোৱা এক অন্তৰংগ আলাপৰ পিছতে মোক তেওঁৰ ঘৰলৈ পাক এটা মাৰিবলৈ অনুৰোধ জনালে৷ মানুহজনে অৱসৰ লোৱা কে’বাবছৰো হ’ল৷ মোৰ সৈতে ‘ফেচবুক’ত ভায়োলিন তেওঁৰ দীৰ্ঘদিনৰ সম্পৰ্ক৷ শেহতীয়াকৈ তেওঁ ফেচবুকত প্ৰায়ে ভায়’লিন বজাই মোৰ দৰে বহুতকে তেওঁ গুণমুগ্ধ কৰি তুলিছে৷ বিশেষকৈ পত্নীহাৰা হোৱাৰ পিছত অকলশৰীয়াকৈ জীৱন-যাপন কৰাৰ সময়ত, নিজৰ নিঃসংগতাৰ সাৰথি হিচাপে ভায়’লিনখন হয়তো তেওঁ হাতত তুলি লৈছে৷ মই পুৱাতেই তেওঁৰ ছয়মাইলৰ জুৰিপাৰ পথত থকা বাসভৱনত উপস্থিত হৈ কথাৰ প্ৰসংগত কৈ পেলালোঁ তেওঁৰ এই বয়সত ভায়’লিন বজোৱাৰ কাৰণ কি হ’ব পাৰে৷ এই প্ৰসংগত উত্তৰ দিবলৈ গৈ তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া জীৱন পৰিক্ৰমাৰ বিষয়ে মোক সবিস্তাৰে ক’বলৈ ধৰিলে৷ এইখিনিতে মানুহগৰাকীৰ বিষয়ে কোৱাৰ আগতে মই তেখেতৰ পিতৃৰ বিষয়ে দুটামান কথা এই লিখাৰ জৰিয়তে মোৰ সুহৃদ পাঠকৰ আগত ক’ব খুজিছোঁ৷ মানুহজনৰ পিতৃ পেছাত আছিল এগৰাকী চিকিৎসক৷ তেওঁৰ নাম আছিল ডাঃ হবিবুৰ ৰহমান৷ যোৰহাটৰ কাকজান নিৱাসী যদিও যোৰহাট নগৰৰ জে’ল ৰোডলৈ আহি নিগাজিকৈ থাকিবলৈ লয়৷ চিকিৎসক হিচাপে গুৱাহাটীত থাকি তেওঁ অসমৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল৷ ডাঃ হবিবুৰ ৰহমানৰ সৈতে সেই সময়ত অৰ্থাৎ ১৯৪১ চনত শাসন চলাই থকা ব্ৰিটিছ চৰকাৰে ভাৰতৰ বিভিন্ন স্থানৰ পৰা কে’বাজন চিকিৎসকক জাপানলৈ পঠিয়াইছিল৷ উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ এই সময়ছোৱাত এই চিকিৎসকৰ টীমটোৰ আটাইকে জাপানীজ সৈন্যই ছিংগাপুৰৰ বন্দৰত আটক কৰি ছিংগাপুৰতে বন্দী কৰি ৰাখে৷ ছিংগাপুৰৰ এখন হাস্পতালত ডাঃ হবিবুৰ ৰহমানক জাপান চৰকাৰে কামৰ বাবে নিযুক্তি দিছিল৷ উক্ত বিশ্বযুদ্ধৰ সময়ত শুনা মতে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেই কিংবদিন্তস্বৰূপ, লৌহমানৱ নেতাজী সুভাষ চন্দ্ৰ বসু এক বিমান দুৰ্ঘটনাত পতিত হৈ আহত হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল৷ সেই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ উক্ত চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়ত ডাঃ হবিবুৰ ৰহমানে আনসকলৰ লগতে নেতাজীক চিকিৎসা সেৱা আগবঢ়াইছিল বুলি জনা যায়৷ সেই সময়ত হঠাৎ এদিন নেতাজী সুভাষ চন্দ্ৰ বসু হাস্পতালখনৰ পৰা অন্তৰ্ধান হৈ গ’ল৷ ইয়াৰ পিছত তেওঁৰ আৰু কোনো শুংসূত্ৰ পোৱা নগ’ল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোচিমা নাগাচাকিৰ পাৰমাণৱিক বোমাৰ দ্বাৰা বিধ্বস্ত হোৱাৰ পিছতে জাপানৰ পৰা ভাৰতীয় যুদ্ধ বন্দীসকল ভাৰতলৈ ব্ৰিটিছ শাসকে ওভতাই আনে৷ ডাঃ হবিবুৰ ৰহমানক ব্ৰিটিছ আমোলত কেপ্টেইন উপাধি প্ৰদান কৰিছিল৷ তেওঁ অসমত ডাঃ কেপ্টেইন হবিবুৰ ৰহমান বুলিয়েই পৰিচিত হৈ পৰিছিল৷ এই লেখাৰ মূল ব্যক্তিগৰাকী, যাৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিছোঁ, তেওঁ এই ডাঃ কেপ্টেইন হবিবুৰ ৰহমানৰে সুযোগ্য সন্তান চৈয়দ হাছিনুৰ ৰহমান৷ ব্ৰিটিছে হাছিনুৰ ৰহমানৰ চিকিৎসক পিতৃক জাপানলৈ পঠিওৱাৰ পাছত তেওঁলোকে গুৱাহাটীৰ পল্টনবজাৰৰ ভাৰাঘৰৰ পৰা মাতৃৰ নিজগৃহ অৰ্থাৎ শিৱসাগৰৰ নাজিৰাৰ মোমায়েকৰ ঘৰলৈ গুচি যায়৷ পৰৱৰ্তী কালত হাছিনুৰ ৰহমান পঢ়া-শুনাৰ বাবে যোৰহাটলৈ আহে৷ যোৰহাটৰ জে’ল ৰোডত থাকি তেওঁ মিউজিক স্কুলত ভায়’লিন শিকা আৰম্ভ কৰে৷ এইখিনিতে উল্লেখযোগ্য যে মুম্বাইৰ হিন্দী চলচ্ছিত্ৰৰ প্ৰতিষ্ঠিত সংগীত পৰিচালকদ্বয় জিতু-তপনৰ পিতৃ এগৰাকী সুদক্ষ সংগীত শিল্পী আছিল৷ এই জিতু- তপনৰ পিতৃ শিল্পী দৰ্পনাথ শৰ্মাই স্থাপন কৰা বিদ্যালয়ত মিউজিক [ভায়’লিন] শিক্ষা লাভ কৰিছিল হাছিনুৰ ৰমহানে৷ হাছিনুৰ ৰহমানে ১৯৫৬ চনত অৰ্থনীতি বিষয়ত অনাৰ্ছ সহকাৰে স্নাতক উত্তীৰ্ণ হৈ ১৯৬২ চনত অসম চৰকাৰৰ অসামৰিক সেৱা বিষয়াৰূপে [এ চি এছ] কৰ্মজীৱন আৰম্ভ কৰে৷ পিছলৈ তেওঁ অসমৰ বিভিন্ন স্থানত চৰকাৰী বিষয়াৰূপে সেৱা আগবঢ়ায়৷ উল্লেখ্য যে তেওঁ দীৰ্ঘদিন কলিকতাৰ অসম ভৱনতো বিষয়াৰূপে কৰ্মৰত আছিল৷ তেওঁ কলিকতাত থকা সেই সময়ছোৱাত অসম ছ’চিয়েল লিটাৰেল ক্লাব [এএছচিএল] আৰু কলিকতাৰ সাহিত্য চ’ৰাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল৷ এতিয়া আহোঁ, হাছিনুৰ ৰহমানৰ বৃহৎ পৰিয়ালটোৰ প্ৰসংগলৈ৷ তেওঁৰ দুগৰাকী বাইদেউ আছিল ক্ৰমে– ছৈয়দা আছিয়া খাতুন আৰু ছৈয়দা আদিবা খাতুন৷ এই দুয়েগৰাকীৰ স্বামী অৰ্থাৎ হাছিনুৰ ৰহমানৰ ভিনিহিয়েক ক্ৰমে– ছৈয়দ ইনামুল হক আৰু হাছমত পাছা৷ উল্লেখ্য যে দুয়োগৰাকী ব্যক্তি মুখ্য অভিযন্তাৰূপে কৰ্মৰত আছিল৷ তাৰে এজন আমাৰ সকলোৰে পৰিচিত, যিজন অসম ইমদাদিয়াৰ সভাপতি তথা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এইড্‌ছ প্ৰিভেনচন ছ’চাইটীৰ চিকিৎসক সঞ্চালক ছৈয়দ ডাঃ ইফতিকাৰ আহমেদ৷ তেওঁৰ আৰু এজন ভাগিন ছৈয়দ ইমতিয়াজ আহমেদ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ তেওঁ বিশ্ব বেংকৰ উচ্ছপদস্থ বিষয়া হিচাপে যোগদান কৰি পিছলৈ তেওঁ আইন বিভাগৰ পদত নিযুক্তি লাভ কৰি তেওঁ ৱাশ্বিংটনত নিগাজিকৈ বাস কৰিবলৈ আৰম্ভ কৰে৷ছৈয়দ হাছিনুৰ ৰহমানৰ তিনিগৰাকী কন্যা সন্তান, ক্ৰমে– ছৈয়দা নাছেৰা হক, ছৈয়দা ছাবিনা জিন্নৎ, ছৈয়দা মাছুম শ্ববনম৷ এইখিনিতে উল্লেখ কৰিব খোজো যে আমাৰ আটাইৰে পৰিচিত শিক্ষাবিদ ড॰ তাহেৰ ছাৰৰ আমেৰিকাত থকা সুপুত্ৰ ছৰফৰাজৰ সৈতে হাছিনুৰ ৰহমানৰ কন্যা ছাবিনা জিন্নতৰ নিকাহ হয়৷ হাছিনুৰ ৰহমানৰ এই জী-জোঁৱাই দুয়ো বৰ্তমান আমেৰিকাতে থাকে৷ ছৰফৰাজ তাহেৰ অৰ্থাৎ হাছিনুৰ ৰহমানৰ জোঁৱাই আমেৰিকা মেনিঅ’ পলিচৰ সঞ্চালকৰূপে বৰ্তমান কৰ্মৰত আৰু তেওঁৰ কন্যা তথা হাছিনুৰ ৰমহানৰ নাতিনী আমেৰিকাৰ এখন আগশাৰীৰ ইউনিভাৰ্ছিটীৰ ৰবটিক আৰু স্পেচ ইঞ্জিনীয়াৰিঙত বৰ্তমান কৰ্মৰত৷ ছৈয়দা মাছুম শ্ববনম দিল্লীৰ গুৰগাঁৱৰ এপল’ কোম্পানীৰ অন্যতম এজন সঞ্চালকৰূপে কৰ্মৰত৷ ছৈয়দা নাছেৰা হকৰ স্বামী তথা হাছিনুৰ ৰহমানৰ আনজন জোঁৱায়েক এগৰাকী বৰ্তমান অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া৷ এই আই পি এছ বিষয়া এন এফ হকে অসম পুলিচৰ ডি আই জি ৰূপে অৱসৰ গ্ৰহণ কৰিছে৷ কথাখিনি এইবাবেই লিখিছোঁ যে এই অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকী অসমৰ এগৰাকী লেখত ল’বলগীয়া বিশিষ্ট সমাজকৰ্মী৷ ‘এন এফ হকছ ক্ৰিয়েটিভ’ নামৰ এটা এনজিঅ’ৰ জৰিয়তে অসমৰ পিছপৰা সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শিশুসকলৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক উত্তৰণৰ বাবে তেওঁ গভীৰ নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে বহুদিন ধৰি কাম কৰি আহিছে৷হাছিনুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালে অসমৰ সমাজ জীৱনলৈ যোগোৱা বৰঙণিৰ বাবেহে এই কথাখিনি মই লিখনিৰে পাঠক সমাজক অৱগত কৰিব বিচাৰিছোঁ৷ এইখিনিতে মন কৰিলোঁ যে কোকৰাঝাৰ চালাকাটিৰ এগৰাকী অতি দৰিদ্ৰ মহিলা তথা চাৰি সন্তানৰ মাতৃ, যাক স্বামীয়ে দিশহাৰা কৰি এৰি থৈ যোৱাৰ পিছত মহিলাগৰাকী অতি নিঠৰুৱা হৈ পৰিছিল৷ এই দুৰ্ভগীয়া মাতৃগৰাকী আৰু তেওঁৰ দুটা সন্তানৰ দায়িত্ব এইগৰাকী ভায়’লেনিষ্ট শিল্পী, প্ৰাক্তন এচিএছ বিষয়া তথা সমাজকৰ্মী হাছিনুৰ ৰহমানে লোৱাটো তেওঁৰ মানৱদৰদী আৰু দৰিদ্ৰতাৰ প্ৰতি সহানুভূতিশীল তথা দায়িত্বশীল ভূমিকা প্ৰসংশনীয়৷ উল্লেখ্য্য যে হাছিনুৰ ৰহমানৰ পত্নী শাৰীৰিক অসুস্থাতাৰ বাবে চোৱাচিতা কৰিবলৈ আনিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁৰ মৃত্যুৰ পিছতো দীৰ্ঘদিন ধৰি তাতেই থাকিবলৈ লয়৷ মহিলাগৰাকীৰ প্ৰথম সন্তান বৰ্তমান ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আৰু পুত্ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ৷ উল্লেখ্য যে এই দুই সন্তানে হাছিনুৰ ৰহমানৰ নিজৰ নাতি-নাতিনীৰ দৰে মৰম-আদৰ লৈ একেলগে বসবাস কৰে৷ এই দুই সন্তানৰ মাতৃগৰাকীক মাহিিল উপযুক্ত পাৰিশ্ৰামিক দিয়াৰ উপৰিও সমগ্ৰ পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্বও হাছিনুৰ ৰহমানে নীৰৱে পালন কৰি গৈছে৷ আজিৰ বস্তুবাদী সমাজত এনে ত্যাগ অতি বিৰল৷ নীৰৱে জীৱন সাধনা কৰা, জীৱনক ভাল পোৱা আৰু গভীৰভাৱে জীৱনক উপলব্ধি কৰা, যি পৰক আপোন বুলি ভাবে, উদাৰ আকাশৰ দৰে সকলোকে মৰম-চেনেহেৰে হৃদয়ত আঁকোৱালি ল’ব খোজে৷ সেই তৰুণ চেতনাৰ শিল্পীগৰাকীৰ ভায়’লিনত যেন কঁপি কঁপি বাজি উঠিল ফেচবুকৰ সেই অবিৰত সুৰৰ মূৰ্ছনা৷ আজি মোৰ সন্মুখত তেওঁৰ প্ৰতি ঝংকাৰত বাজি আছে বহু অকথিত কাহিনী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here