Home স্থানীয় বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি পদৰ অন্যতম প্ৰৱল দাবীদাৰ ভাদেশ্বৰ মৰাণ

বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি পদৰ অন্যতম প্ৰৱল দাবীদাৰ ভাদেশ্বৰ মৰাণ

241
0

গণ বাৰ্তা,ফিল’বাৰী, ৬ ছেপ্তেম্বৰঃ বিগত বিধানসভা নিৰ্বাচনত সময়ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা লক্ষেশ্বৰ মৰাণে বিধানসভাৰ টিকট বঞ্চিত হোৱাৰ পিছতেই নিৰ্দলীয় হিচাপে নিৰ্বাচনত যুঁ‌জ দিছিল।নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত দলীয় নীতি নিয়ম ভংগ কৰাৰ বাবে লক্ষেশ্বৰ মৰাণক সভাপতি পদৰ বাবে বহিস্কাৰ কৰিছিল বিজেপি দলে।লক্ষেশ্বৰ মৰণাক বহিস্কাৰ কৰা পিছতেই বিধানসভা নিৰ্বাচনত বিজেপি দলে তিনিচুকীয়া জিলাত ভাৰ-প্ৰাপ্ত সভাপতি হিচাপে কুশকান্ত বৰাক দায়িত্ব দিয়েই বিধানসভা নিৰ্বাচনৰ জিলাৰ কেওঁ‌টা সমষ্টিতেই বিজেপি দলে জয়ী হৈছিল।ভাৰ-প্ৰাপ্ত হিচাপে হিচাপে দায়িত্ব লাভ কৰা কুশকান্ত বৰাৰ কেইদিনমান পিছতেই দায়িত্ব শেষ হব।যিহেতু তিনিচুকীয়া জিলাৰ সভাপতি পদ খালী হব কেইদিনমান পিছত ।ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলাৰ সভাপতি পদবীৰ বাবে সম্প্ৰতি কেইবাজনো জেষ্ঠ নেতাৰ নাম সচৰাচৰ উচ্চাৰিত হৈ আছে যদিও ইয়াৰ অন্যতম প্ৰধান দাবীদাৰ হিচাপে বুঢ়ীদিহিং  মণ্ডলৰ বৰ্তমানৰ সভাপতি ভাদেশ্বৰ মৰাণ।ভাদেশ্বৰ মৰাণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ দুবাৰকৈ সম্পাদকৰ দায়িত্ব লাভ কৰি জিলাখনৰ তৃণমূল পৰ্য্যায়ত জনসাধাৰণ ৰাইজৰ মাজত এক ভাল সম্বন্ধ থকাৰ বাবেই ভাদেশ্বৰ মৰাণৰ নাম তৃণমূল পৰ্য্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ একালৰ প্ৰতাপী কংগ্ৰেছৰ  মন্তী প্ৰদ্যুত বৰদলৈকো মুকলি প্ৰত্যাহ্বান জনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতে তোলপাৰ লগাই দিছিল। ভাদেশ্বৰ মৰাণৰ নেতৃত্বত যৌথ মঞ্চ গঠন কৰি গাঁৱে-চহৰে একাকাৰ কৰি এক প্ৰকাৰৰ প্ৰতি ঘৰে ঘৰে কংগ্ৰেছৰ বিপক্ষে ৰাইজক থিয় কৰাই জনগনৰ সচেতনতা বৃদ্ধি কৰিছিল। ইয়াৰ আলমতে ২০১২ চনত বিজেপিৰ পৰা ভাদেশ্বৰ মৰাণ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ সভাপতি পদত বিপুল ভোটত জয়ী হৈ আসন শুৱনি কৰিছিল। বৰ্তমানেও তৃণমূল পৰ্য্যায়ৰ পৰা তিনিচুকীয়া জিলাৰ আটাইকেইজন বিধায়কে এই গৰাকী বলিষ্ঠ নেতাকেই জিলাৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিয়নো সাংগঠনিক ব্যৱস্থা শক্তিশালী কৰি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰি চৰকাৰখনৰ প্ৰতিটো কাম গণমূখি কৰি তুলিব নিমিত্তে ভেটি টনকিয়াল হোৱাৰ দৰকাৰ বুলিয়ে মৰাণ স্বায়ত্ত শাসনৰ অতি লোভনীয় সদস্যৰ পদটোও নিজে গ্ৰহণ নকৰি আনলৈ এৰি দিয়ে।ভাদেশ্বৰ মৰাণৰ সতীৰ্থ সকলে আগুন্তুক জিলা সভাপতিৰ বাবে ভাদেশ্বৰ মৰাণৰ নাম সামাজিক মাধ্যমত ব্যাপক ভাৱে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।ভাদেশ্বৰ মৰাণে ইতিমধ্য বিজেপি দলৰ কেইবাগৰাকী বিধায়ক,মন্ত্ৰীক লগ কৰাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লগ ধৰি জিলা সভাপতিৰ বাবে নিজকেই উপযুক্ত প্ৰাৰ্থী বুলি দাবী কৰিছে।ইফালে ভাদেশ্বৰ মৰাণৰ সমান্তৰালকৈ আন প্ৰাক্তণ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ঘনিষ্ঠ তথা প্ৰাক্তণ ছাত্ৰ নেতা পুলক চেতিয়া,লগতে আন কেইবাগৰাকীয়ে বিছাৰিছে জিলা সভাপতি পদটো, যদিও শেষত গণভেটি আৰু দক্ষতা দিশৰ পৰাও মৰাণেই শেষ হাঁহি মৰাৰ প্ৰৱল সম্ভাৱনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here