Home Main Stories বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াৰ কৱলত লেঙেৰী মৌজাৰ ২নং ভৰালীবাৰী কলিতা গাঁও

বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াৰ কৱলত লেঙেৰী মৌজাৰ ২নং ভৰালীবাৰী কলিতা গাঁও

93
0

গণ বাৰ্তা, ডিব্ৰুগড়, ৬ জুনঃ অসম বিধান সভাৰ ১১৯নং টিংখাং সমষ্টিৰ অধীনৰ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অধীনস্থ লেঙেৰী মৌজা অন্তৰ্গত বুঢ়ীদিহিং নদী পৰীয়া ২নং ভৰালীবাৰী কলিতা গাঁৱত বাৰিষা হোৱাৰ লগে লগে বৰ্তমান বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াই গাঁও খনৰ প্ৰচণ্ড ভাবুকি স্বৰূপ কৰি তুলিছে। উল্লেখ যে ১৯৮৫ চনৰ পৰা হোৱা বুঢ়ীদিহিং নদীৰ খহনীয়াই ২নং ভৰালীবাৰী কলিতা গাঁৱৰ বুকুৰ পৰা ২৫০০ হেক্টৰ কৃষিভূমি খহাই গাঁও খন অস্তিত্ব বিপন্ন কৰি আহিছে। বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ২নং ভৰালীবাৰী কলিতা গাঁৱৰ কৃষিভূমিৰ উপৰিও বহু পৰিয়ালৰ ঘৰৰ ভেটি উচ্চন্ন কৰাৰ লগতে উক্ত গাঁৱৰ ৭২টা পৰিয়ালৰ ঘৰৰ ভেটিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা পৰিছে। ডিব্ৰুগড় সদৰ চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ নিলগত অৱস্থিত ডিব্ৰুগড় মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাস্থিত ২নং ভৰালীবাৰী কলিতা গাঁও খনৰ সোৱেঁ-বাৱেঁ বুঢ়ীদিহিং নদীয়ে আৱৰি থকাৰ পৰিপ্ৰৰেক্ষিতত মাজুলী সদৃশ গাঁও খনক খহনীয়াই সংকুচিত কৰি উক্ত গাঁও খন জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।পুণৰ সংস্থাপন বা সমগ্ৰ গাঁও খনৰ খহনীয়াগ্ৰস্ত অংশ সম্পূৰ্ণ ৰূপে জিঅ’ বেগ পদ্ধতিৰে খহনীয়া প্ৰতিৰোধ নকৰা পৰ্যন্ত গাঁও খন কোনোপধ্যেই নিৰাপদ নাই আৰু গাঁও বাসীৰ বাবে ভৱিষ্যত সুৰক্ষিত নহয় বুলি ২নং ভৰালীবাৰী কলিতা গাঁও বাসীয়ে জানিবলৈ দিছে।বিগত অসম গণ পৰিষদ চৰকাৰৰ দুটা শাসনকাল, কং(ই)চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনকালকে ধৰি বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালতো ২নং ভৰালীবাৰী কলিতা গাঁৱৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান নহ’ল খহনীয়া প্ৰতিৰোধ। অৱশ্যে বিগত অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰ পাছ বছৰীয়া সময়ত টিংখাং সমষ্টিৰ বিজেপিৰ বিধায়ক বিমল বৰাৰ উদ্যোগত আৰু একনিষ্ঠ প্ৰচেষ্টাত ২নং ভৰালীবাৰী কলিতা গাঁৱলৈ হৰেঘাট দলংৰ পৰা পথ আৰু গাঁও খনলৈ বিদ্যুত সংযোগ পাবলৈ সক্ষম হৈছে। কিন্তু ২নং ভৰালীবাৰী কলিতা গাঁৱৰ খহনীয়া প্ৰতিৰোধ নোহোৱা পৰ্যন্ত গাঁও খনৰ বাবে নিৰাপত্তা নাই। টিংখাং সমষ্টিৰ পৰা পুনৰ বিজয়ী হোৱা বিজেপিৰ বিধায়ল তথা বৰ্তমান অসম চৰকাৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ প্ৰতি বুঢ়ীদিহিং নদীৰ খহনীয়া সৰ্বস্বান্ত ২নং ভৰালী বাৰী কলিতা গাঁৱৰ খহনীয়া সমস্যাটো জিঅ’ বেগ পদ্ধতিৰে প্ৰতিৰোধ কৰাৰ সন্দৰ্ভত গাঁও বাসীয়ে আশাৰে বাট চাইছে। ২নং ভৰালী বাৰী কলিতা গাঁৱৰ উজনিৰ ৰমাই লাছন গাঁৱৰ পৰা নামনিলৈ ৩ কিঃমিঃ আৰু হৰেঘাটৰ পৰা ২ কিঃমিঃ নিলগৰ সমীপৱৰ্তী নামনি অংশৰ পৰা উক্ত গাঁৱৰে উজনি অংশলৈ বৰ্তমান বুঢ়ীদিহিং নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰি তুলিছে। এই খহনীয়াৰ ফলত বৰ্তমান বহু খেতিয়কৰ কছু, ভেন্দি খেতিবাৰী আৰু বহু কৃষিভূমি নদীত জাহ গৈছে।স্থানীয় ৰাইজে বৰ্তমানৰ খহনীয়া গ্ৰস্ত দুয়ো ঠাইতে অস্থায়ী ভাৱে বাঁহত পাৰ্কুপাইন ব্যৱস্থা গ্ৰহণৰ কাৰণে ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগক দাবী জনাইছে। আনহাতে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ লেঙেৰী মৌজাৰ বুঢ়ীদিহিং নদীৰ খহনীয়াত সৰ্বস্ৰান্ত ২নং ভৰালীবাৰী কলিতা গাঁও খনক জিঅ’ বেগ পদ্ধতিৰে খহনীয়া প্ৰতিৰোধী আঁচনিত অন্তভূক্ত কৰি গাঁও খন গৰাখহনীয়াৰ পৰা সুৰক্ষিত তথা নিৰাপদ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপৰ কাৰণে অসম চৰকাৰৰ বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰীক স্থানীয় গাঁও বাসীয়ে দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here