Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিহাৰত চাচা-ভতিজাৰ চৰকাৰ: বিজেপিক বাই বাই দি আজি আৰ জে ডি-কংগ্ৰেছৰ সৈতে...

বিহাৰত চাচা-ভতিজাৰ চৰকাৰ: বিজেপিক বাই বাই দি আজি আৰ জে ডি-কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ গঠন কৰিব জে ডি ইউৱে,বিজেপিৰে সম্পৰ্ক ছেদ কৰিলে নীতিশ কুমাৰে

121
0


পাটনা, ৯ আগষ্ট ঃ সকলোকে আচৰিত কৰি বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন৷ সলনি হ’ল ৰাজনৈতিক সমীকৰণ৷ বিহাৰৰ ৰাজনীতিত হঠাতে হোৱা নাটকীয় পৰিৱৰ্তনক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকাৰ সময়ছোৱাতে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী নীতীশ কুমাৰে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ-পত্ৰ অৰ্পণ কৰে৷ এই পদত্যাগ-পত্ৰ অৰ্পণৰ লগে লগেই বিহাৰত ভংগ হ’ল বিজেপি-জে ডি ইউৰ মিত্ৰজোঁট চৰকাৰ৷ দ্বিতীয়বাৰৰ বাবে বিহাৰত জে ডি ইউ আৰু বিজেপিৰ মিত্ৰজোঁট ভংগ হয়৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নাটকীয় পৰিৱৰ্তন হোৱাৰ এমাহৰ পিছতেই বিজেপিয়ে অ’পাৰেটৰ লটাছৰ দ্বাৰা বিহাৰতো ৰাজনৈতিক পৰিৱৰ্তনৰ কুচ্‌কাৱাজ চলাইছিল বুলি বিভিন্নজনে প্ৰকাশ কৰে৷ বিজেপিৰ অপাৰেচন লটাছৰ অশনি সংকেত লাভ কৰাৰ পিছতেই নীতীশ কুমাৰে ইয়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ নীৰৱে আৰু কৌশলগতভাৱে পৰিকল্পনা ৰচনা কৰে আৰু শেষ মুহূৰ্তত বিজেপিৰ উক্ত আশাত চেঁচাপানী ঢালে৷ একপ্ৰকাৰ বিজেপিয়ে বিহাৰত যি ৰাজনৈতিক পট পৰিৱৰ্তন আনিবলৈ মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক কাৰচাজি চলাইছিল, সেইক্ষেত্ৰত নীতীশ কুমাৰৰ তীক্ষ্ণ বুদ্ধিমত্তাৰ বাবে সেয়া শেষ মুহূৰ্তত বিফল হয়৷ মূলতঃ বিজেপিয়ে বিহাৰত প্ৰথমবাৰৰ বাবে ব্যৰ্থ হয় অপাৰেচন লটাছ অভিযান৷ বিজেপিৰ অভিযান ধ্বংস কৰাৰ পিছত নীতীশ কুমাৰে এন ডি এৰ পৰা ফালৰি কাটি বিহাৰৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰ জে ডিৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠনৰ ঘোষণা কৰে৷ যোৱা কিছুদিনৰ পৰা বিহাৰত ৰাজনৈতিক পৰিৱৰ্তনৰ এক অশনি সংকেত দেখা পোৱা গৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠকত নীতীশ কুমাৰৰ অংশগ্ৰহণ নকৰা আৰু শেহতীয়া নিটি আয়োগৰ বৈঠকত শাৰীৰিক অৱস্থাৰ দোহাই দি অংশগ্ৰহণ নকৰা বিষয়টোৱে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ইয়াৰ পিছত নীতীশ কুমাৰে আৰ জে ডিৰ প্ৰমুখ তেজস্বী যাদৱক সাক্ষাৎ কৰা ঘটনাই বিহাৰৰ ৰাজনীতিত এক আমূল পৰিৱৰ্তনৰ সংকেত দিছিল৷ যোৱা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰে জে ডি ইউৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৪৫খন আসন লাভ কৰিছিল আৰু দ্বিতীয়বাৰলৈ এন ডি এৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল নীতীশ কুমাৰে৷ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতেই বিজেপি আৰু জে ডি ইউৰ মাজত কিছু বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী নীতীশ কুমাৰ কিছু বিমোৰত পৰিছিল৷ কাম-কাজৰ ক্ষেত্ৰত বিশেষকৈ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিগত পিয়লৰ সিদ্ধান্ত লৈছিল৷ এই সন্দৰ্ভত কেবিনেটৰ অনুমোদনো লাভ কৰিছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে জাতিগত পিয়লৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰা নাছিল৷ জাতিগত পিয়লৰ ক্ষেত্ৰত বিহাৰৰ শাসক-বিৰোধী দল একত্ৰিত হোৱা পৰিলক্ষিত হৈছিল যদিও বিজেপি পিছহুঁহকি অহা পৰিলক্ষিত হৈছিল৷ এই বিষয়টোক লৈ বিজেপি আৰু জে ডি ইউৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল৷ বিহাৰৰ জনতাই বিচাৰিছিল বিহাৰত জাতিগত পিয়লৰ, কিন্তু এইক্ষেত্ৰত যেতিয়া কেন্দ্ৰই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাছিল, তেতিয়া নীতীশ কুমাৰে এন ডি এৰ পৰা ফালৰি কাটি অহাৰ বাদে আন কোনো বিকল্প নাছিল, সেই অনুসৰিয়েই নীতীশ কুমাৰে এন ডি এৰ পৰা ফালৰি কাটি আজি আৰ জে ডি, কংগ্ৰেছকে ধৰি আন দলসমূহৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে৷ ইতিমধ্যে এই প্ৰস্তুতিত সৰ্বসন্মতি জনাইছে আৰ জে ডিৰ প্ৰমুখ তেজস্বী যাদৱ, কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে৷ সকলোৱে মহাজোঁট গঠনেৰে বিহাৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ ইয়াৰ পূৰ্বে নীতীশ কুমাৰে ছোনিয়া গান্ধীৰ সৈতেও বাৰ্তালাপ কৰিছিল৷ আজি বিয়লিৰ ভাগত নীতীশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি পদত্যাগ-পত্ৰ অৰ্পণ কৰে৷ তাৰ পিছত তেওঁ সন্ধিয়া ৰাজ্যপাললৈ ১৬৪গৰাকী বিধায়কৰ সমৰ্থন থকা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰে৷ এই পত্ৰৰ জৰিয়তে তেওঁ দাবী কৰিছে যে সাত দলৰ ১৬৪গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বাবে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব লাগে৷ চৰকাৰ গঠনৰ দাবী উত্থাপনৰ পিছত নীতীশ কুমাৰ আৰু তেজস্বী যাদৱে এখন সংবাদ মেল সম্বোধন কৰে৷ যিখন সংবাদ মেলত তেওঁ কয় যে ৰাজ্যপালক সাতটা দলৰ ১৬৪গৰাকী বিধায়কৰ সমৰ্থন থকাৰ পত্ৰ প্ৰেৰণ কৰা হৈছে৷ এতিয়া ৰাজ্যপালৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকক কেতিয়ালৈ চৰকাৰ গঠন কৰিবৰ বাবে আমন্ত্ৰণ জনাব৷ ইয়াৰ পিছত তেজস্বী যাদৱে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয় যে বিজেপিৰ কোনো মিত্ৰজোঁটৰ সহযোগী নাই৷ ইতিহাসে স্পষ্ট কৰে যে বিজেপিয়ে সেই দলসমূহৰ ক্ষতিসাধন কৰে যিয়ে তেওঁলোকৰ সৈতে মিত্ৰজোঁট গঢ়ে৷ পঞ্জাব আৰু মহাৰাষ্ট্ৰ ইয়াৰ জ্বলন্ত উদাহৰণ বুলি তেজস্বী যাদৱে উল্লেখ কৰে৷ উল্লেখ্য যে বিজেপি আৰু জে ডি ইউৰ মাজত ২১মহীয়া মিত্ৰজোঁট ভংগ হৈছে৷ ২০২০ত গঢ়ি উঠা মিত্ৰজোঁট আজি ভংগ হৈছে৷ ৰাজ্যপালক পদত্যাগ-পত্ৰ অৰ্পণৰ পিছত নীতীশ কুমাৰে ঘোষণা কৰে যে এন ডি এৰ সৈতে জে ডি ইউৱে মিত্ৰতা ভংগ কৰিছে৷ যোৱা নিৰ্বাচনত বিহাৰৰ ২৪৩খন আসনৰ ভিতৰত বিজেপিয়ে ৭৭খন, জে ডি ইউৱে ৪৫খন, এইচ এ এম [এছ]এ চাৰিখন, আৰ জে ডিয়ে ৭৯খন, কংগ্ৰেছে ১৯খন, চি পি আই [এম এল] ১২, চি পি আই চ্ছ্ৰখন, এ আই এম আই এমে এখন আৰু নিৰ্দলীয়ই এখন আসন লাভ কৰিছিল৷ যোৱা নিৰ্বাচনত আৰ জে ডি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ পিছতো চৰকাৰ গঠনৰ পৰা বিৰত থাকিবলগীয়া হৈছিল৷ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ ঘোষণাৰ পিছত নীতীশ কুমাৰে কয় যে তেওঁলোকৰ সাংসদ আৰু বিধায়কসকলে এন ডি এৰ পৰা ফালৰি কাটি আহিবলৈ আহ্বান জনাইছিল৷ তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এনে সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ একমাত্ৰ উদ্দেশ্য যে বিহাৰক শক্তিশালী কৰি তোলা৷ কিন্তু এতিয়া আৰ জে ডিৰ সৈতে হোৱা মিত্ৰজোঁটত কোন মুখ্যমন্ত্ৰী হ’ব তাক লৈ এক চৰ্চাৰ বিষয় হৈছে৷ কিন্তু এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি নীতীশ কুমাৰেই হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী৷ ইমানেই নহয়, বিজেপিৰ সৈতে মিত্ৰজোঁট ভংগ হোৱাৰ পিছত নীতীশ কুমাৰে আস্থাভোটৰ বাবেও সাজু হৈছে৷ জে ডি ইউৱে সকলো বিধায়কক আগন্তুক ৭২ ঘণ্টা পাটনাতে থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ জে ডি ইউৱে জ্ঝ বছৰত দুবাৰ মিত্ৰজোঁট ভংগ কৰিছে৷ ২০১৩ত বিজেপিৰ সৈতে আৰু ২০১৭ত আৰ জে ডিৰ সৈতে মিত্ৰজোঁট ভংগ কৰিছিল৷ কিন্তু দুয়োবাৰেই চৰকাৰ গঠনত মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল নীতীশ কুমাৰেই৷ উল্লেখ্য, কাইলৈ জ্জটা দলৰ সমৰ্থনত নীতীশ কুমাৰে নতুন চৰকাৰ গঠন কৰিব৷ বিয়লি ২ বজাত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here