Home অসম অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টিৰ শাসন চলিব ভাৰতবৰ্ষত : শিৱসাগৰত বিজেপিৰ...

অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টিৰ শাসন চলিব ভাৰতবৰ্ষত : শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

60
0


ষ্টাফ ৰিপ’ৰ্টাৰ, শিৱসাগৰ,৪ আগষ্ট ঃ ‘অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ’ব৷ আমি নিৰ্দিষ্ট পৰিকল্পনা কৰিছোঁ৷ কা আন্দোলন কৰাসকলে কৰি যাব, আমি আমাৰ কাম কৰিম৷’– আজি শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এইদৰে কয়৷ ভাষণ প্ৰসংগত কলিতাই কয় যে কা আন্দোলন কৰি কোনোবাই চাকৰি, কোনোবাই ঠিকা লোৱা বুলিও কটাক্ষ কলিতাৰ৷ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু কয় যে আকৌ কা আন্দোলন কৰি ৰাজহুৱা সম্পত্তি নষ্ট কৰিব পাৰিব, সময় নষ্ট কৰিব পাৰিব, তাৰ বাহিৰে একো কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ বৰ্তমান অসমৰ ৰাইজ বিজেপিৰ লগত থকা বুলিও দাবী কৰে ভৱেশ কলিতাই৷ ইপিনে, অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতি ৰাজ্যিক বিজেপিৰ পূৰ্ণ সমৰ্থন থকা বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ উল্লেখযোগ্য যে আজি বিজেপিৰ শিৱসাগৰ জিলা কাৰ্যালয়ত জিলাখনত বিভিন্ন মৰ্চাৰ সভাপতি-সম্পাদক আৰু বিষয়ববীয়াৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মত-বিনিময় কৰে৷ আজিৰ এই সভাত শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, সুভাষ দত্তকে ধৰি ভালেকেইগৰাকী দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে৷ ইফালে, ৰাজ্যিক সভাপতিগৰাকীয়ে নিশা শিৱসাগৰত কটাই কাইলৈ পুৱা জিলা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰিব বুলি দলীয় সূত্ৰে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here