Home Main Stories ক’ভিড ৰোগী আৰু শ্ৰমজীৱি লোকসকলৰ দুৰ্যোগৰ সময়ত:দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ...

ক’ভিড ৰোগী আৰু শ্ৰমজীৱি লোকসকলৰ দুৰ্যোগৰ সময়ত:দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী

28
0

নিৰঞ্জন দাস, দেৰগাঁও সদৰ, ১৮ মে : দেশজুৰি অব্যাহত আছে ক’ৰনা মহামাৰী। এই মহামাৰীৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত হৈ পৰিছে বিশেষকৈ দিনহাজিৰা কৰা তথা শ্ৰমজিৱী লোকসকলৰ। আনহাতেদি চৰকাৰী সাহাৰ্য লাভ কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই তেঁওলোকৰ কাৰণে। যাৰবাবে এতিয়া হাঁহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালৰ লোক সকলে। মঙলবাৰে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কাকডোঙা অঞ্চলত,বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু বিশিষ্ট সমাজকৰ্মী লগতে যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি পৰেশ গগৈৰ দ্বাৰা,মহিমা কভিড কেয়াৰ চেন্টাৰ,স্বাস্থ্য কেন্দ্ৰ আদি পৰিদৰ্শন কৰাৰ উপৰিও কভিড আক্ৰান্ত হৈ ঘৰতে আবদ্ধ হৈ থকা সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আনহাতে মহিমা বাগানৰ কন্টেইনমেন্ট জ’নবোৰলৈ সম্পূৰ্ণ কভিড প্ৰটক’ল মানি চলি খাদ্য সামগ্ৰী বিতৰন কৰে প্ৰায় ১৩০ টা পৰিয়ালক।আনহাতে বিধায়ক গৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে উত্তৰ পশ্চিম আৰু দক্ষিণ পশ্চিম কাকডোঙাত উপস্থিত হৈ বৰ্তমানৰ পৰিস্থিতৰ বুজ লয় আৰু সম্পূৰ্ণ কভিড নিয়মাৱলীৰ ভিতৰত থাকি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here