মাইনু মৰাণ,ডুমডুমা, ১১ জানুৱাৰী: তিনিচুকীয়াত আৰম্ভ হৈছে ভোগালী মেলা। আজিৰে পৰা ১৩ জানুৱাৰী ২০২২ বুধবাৰলৈকে তিনিচুকীয়া পৌৰসভা কাৰ্য্যালয় প্ৰাংগনত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত ভোগালী মেলাৰ শুভউদ্দোধন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে । তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান (DAY-NULM) ৰ সৌজন্যত অনুষ্ঠিত এই মেলাখনিত অংশগ্ৰহণ কৰে তিনিচুকীয়া পৌৰ এলেকাৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলাসকলে । ২৩ খন বিপনীযুক্ত মেলাখনিত গোটৰ মহিলাসকলে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ বিহুৰ পিঠা-পনা, ঘৰুৱা পদ্ধতিৰে তৈয়াৰী আচাৰ, গুড়, লাডু, সাজ সজ্জাৰ সামগ্ৰী, ফুলৰ পুলি বিক্ৰীৰ বাবে অনা হৈছে।
আত্মসহায় গোটৰ মহিলাসকলক বিহুৰ বতৰত এখন বজাৰ প্ৰদান কৰাৰ লগতে এই বজাৰৰ মাধ্যমেৰে নিজাকৈ প্ৰস্তুত কৰা সামগ্ৰী সমূহ বিক্ৰী কৰি মহিলাসকলে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হব বুলি তিনিচুকীয়া পৌৰসভাই আশা প্ৰকাশ কৰিছে।ইপিনে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাকপথাৰ উজ্জ্বল মণ্ডল সংগঠনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ মাণখোৱা শাখা সাহিত্য সভা প্ৰেক্ষাগৃহত ভোগালী মেলা উদযাপন কৰিছে। এই মেলাত চাৰিটা গাঁও পঞ্চায়ত ক্ৰমে ৰঙাজান, মাণখোৱা, কুমচাং আৰু কাকপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰী উপলব্ধ কৰিছে।আজি ভোগালী মেলা আনুষ্ঠানিক ভাৱে মুকলি কৰে মাণখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী টুটুমনী মৰানে। এই মেলা উদযাপনৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ব্লক কো-অৰ্ডিনেটৰ অনিৰ্বাণ শইকীয়া, পলাশমণি দহোতিয়া, বি পি এম ৰঞ্জন দুৱৰা, জীৱিকা সখী ক্ৰমে কৃষ্ণামণি মৰাণ ( ৰঙাজান গাঁও পঞ্চায়ত), দীপালি নেওগ বৰ্মন ( মাণখোৱা গাঁও পঞ্চায়ত), অঞ্জলি হাজৰিকা, মৃদুস্মিতা গায়ত্ৰী ( কুমচাং গাঁও পঞ্চায়ত), সংগীতা চাংমাই আৰু ইলা বৰুৱা ( কাকপথাৰ গাঁও পঞ্চায়ত), উজ্জ্বল মণ্ডল সংগঠনৰ সভানেত্ৰী ৰঞ্জীতা নেওগ আৰু সম্পাদিকা কেতেকী শইকীয়াই উদ্যোগ গ্ৰহণ কৰিছে।