Home অসম ভুবন গামৰ লগত দিছপুৰ আৰু দিল্লী চৰকাৰৰ দুটাকৈ ইঞ্জিন আছে: উপ-নিৰ্বাচনক লৈ...

ভুবন গামৰ লগত দিছপুৰ আৰু দিল্লী চৰকাৰৰ দুটাকৈ ইঞ্জিন আছে: উপ-নিৰ্বাচনক লৈ একেদিনাই মাজুলীত ৫ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

146
0


মাজুলীৰ পৰা পৰাণজ্যোতি বৰা, ৩ মাৰ্চ : মাজুলীত একেদিনাই মুখ্যমন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাই উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী পাঁচখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ মাজুলীৰ ভকত চাপৰিৰ প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ আগত কয় আপোনালোকে আমাক লাইচেণ্‌স খন দিয়েই থৈছে মাত্ৰ এতিয়া ৰিনিউ কৰি দিলেই হ’ল৷ সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰৰ চাৰি বছৰ ভুবন গামক দিব লাগে৷ যোৱাবাৰ বিধানসভা নিৰ্বাচনত মাজুলীবাসীয়ে সৰ্বানন্দ সোণোৱালক পুনৰবাৰ পাঁচ বছৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত কৰি পঠাইছিল৷ পিছত দলৰ পৰা মোক মুখ্যমন্ত্ৰী পাতিলে আৰু সৰ্বানন্দ সোণোৱালক দিল্লীত মন্ত্ৰী পাতিলে৷ তাৰ পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱালে বিধায়ক পদ এৰিব লগীয়া হ’ল আৰু মাজুলীত আকৌ এটা নিৰ্বাচন আহিল৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত আৰু কয় যে বিজেপি দলৰ চৰকাৰ আজি দিছপুৰত আছে৷ এই নিৰ্বাচনৰ ফলাফল যি নহওক কিয় দিছপুৰত বিজেপিৰ চৰকাৰ থাকিব৷ কাৰন এইখন চৰকাৰ ভঙা পতাৰ নিৰ্বাচন নহয়৷ আজি আমি সেই মানুহজনক ভোট দিব লাগে যিজনে জিকি চৰকাৰী পক্ষত বহিব পাৰে৷ আমি যদি ভুবন গামক নিদি বেলেগ এজন প্ৰাৰ্থীক ভোট দিওঁ তেন্তে তেওঁ বিৰোধীৰ পক্ষত বহিব৷ আমাৰ লগত ঠাই নাথাকিব তেওঁৰ ঠাই হ’ব কংগ্ৰেছৰ লগত, এ আই ইউ ডি এফৰ লগত৷ আমি এফালে বহিম তেওঁ এফালে বহিব৷ বজাৰৰ পৰা যদি মতা গৰু কিনি আনি গাখীৰ দিব বুলি ভাবি জানো লাভ আছে৷ ভুবন গামক ভোট দিয়াৰ পিছত যদি ৰাস্তা খোজে, দলং খোজে তেওঁ দিব পাৰিব কাৰণ ভুবন গাম গাখীৰ দিয়া গৰু৷ কিন্তু ভুলতে যদি বেলেগ পাৰ্টীত ভোট দিয়ে তেন্তে গাখীৰ নিদিয়া গৰুৰ দৰে হ’ব কোনো কাম নিদিয়া৷ গতিকে ভুবন গামক ভোট দিলে ১৬ লিঃ গাখীৰ প্ৰত্যেকদিনে ওলাব৷ কোনোবাই অৰুণোদয় পাব, মাটিৰ কাগজ পাব, পেঞ্চন পাব, ৰাস্তা পাব, দলং পাব আৰু কোনোবাই চৰকাৰী চাকৰি পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ আৰু কয় যে জাতীয় পৰিষদক ভোট দিলে ধেমাজিলৈকে সদায় যাব লাগিব এম এল এক লগ কৰিবলৈ৷ গতিকে গাখীৰ যদি লাগে গাখীৰ দিয়া গৰুক ভোট দিব লাগিব, মতা গৰুক দিলে নহ’ব৷ সংবাদ মাধ্যমত চৰ্চা হোৱা ভুবন গামৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে কথা কোৱা মানুহতকৈ কাম কৰা মানুহে লাগে৷ কথাৰে নহয় বন্ধু কামেৰে পৰিচয়৷ আজি যদি মই কথা কৈ থাকোঁ যোৰহাট-মাজুলী দলংখন যদি নহয় তেন্তে অহাবাৰ মোক ৰাইজে ভোট নিদিয়ে৷ আমাক কাম কৰা মানুহ লাগে, যিগৰাকীয়ে জিকি দিছপুৰৰ পৰা দিল্লীৰ পৰা আমাক মাজুলীৰ উন্নয়নৰ বাতৰি লৈ আহিব পাৰে৷ ভুবন গামৰ লগত দিছপুৰ আৰু দিল্লী চৰকাৰৰ দুটাকৈ ইঞ্জিন আছে৷ এখন গাড়ীত দুটাকৈ ইঞ্জিন আছে যেতিয়া মাজুলীৰ বিকাশৰ গতি ৬০ গতি বেগেৰে নহয় ১২০ গতিবেগেৰে চলিব৷ ২০২৬ৰ নিৰ্বাচনত যোৰহাটত ৰাতিপুৱা জলপান খাম, দলঙেৰে মাজুলীত আহি ভাত খাম আকৌ দলঙেৰে পাৰ হৈ ৰাতি বিহপুৰীয়াত ভাত খাম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু দিছপুৰৰ দুয়োখন চৰকাৰৰ পৰা অহা টকাৰ সুবিধা ভুবন গামে আপোনালোকক দিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সহজ ভাষাৰে ৰাইজক উদ্দেশ্যি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে ভকত চাপৰিৰ আলিমূৰ সংযোগী দলং, ভকতচাপৰিৰ পৰা গোৱালগাঁও সংযোগী পকী দলং নিৰ্মাণ, ভকত চাপৰিৰ ৰাস্তাৰ পকীকৰণকে ধৰি আলিমুৰ বামুণগাঁৱত জলসম্পদ বিভাগে নিজাববীয়াকৈ এটা স্পাৰ নিৰ্মাণৰ জৰিয়তে ভকত চাপৰিৰ ১৬খন গাঁৱৰ লগতে নামনি মাজুলী, ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে৷ মাজুলীৰ সৰ্বাধিক লোকৰ মাটিৰ কাগজ-পত্ৰ নথকাৰ কথা উল্লেখ কৰি ভোগ দখলত থকা সকলো মাটিৰ ম্যাদী কৰি দিয়া হ’ব বুলি প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে সকলো দুখীয়া মহিলাক বৰ্ধিত হাৰত অৰুণোদয়ৰ ধন দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ছাত্ৰীক স্কুটী দিয়াৰ পিছত এইবাৰ ভাগিনহঁতকো বুলেট দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ লগতে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি ৰ লাখ চৰকাৰী চাকৰি দিব বুলি পুনৰবাৰ উল্লেখ কৰে৷ মাজুলীৰ উন্নয়নে যাতে নতুন দিগন্ত চুব পাৰে, মাজুলীৰ উন্নয়নে যাতে আকাশ চুব তাৰ বাবে ভুৱন গামৰ লগত মই আৰু সৰ্বানন্দ সোণোৱাল সোঁৱে-বাঁৱে থাকিম বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি দিল্লীৰ পৰা সৰ্বানন্দ সোণোৱালে অনা এটা ইঞ্জিন আৰু দিছপুৰৰ পৰা মোৰ ইঞ্জিনে ভুবন গামে ১২০ কি:মিঃ গতিবেগেৰে গাড়ী চলাব৷ লগত সাংসদ প্ৰদান বৰুৱাও থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ক’তো এজনো জিকাবলৈ সক্ষম নোহোৱা এজেপিক ভোট নিদি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামক জয়যুক্ত কৰি মাজুলীৰ বাবে কাম কৰাৰ বাবে চৰকাৰক শক্তি দিবলৈ ৰাইজৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে শেষত কৃষিপ্ৰধান অঞ্চল ভকত চাপৰিবাসীক কৃষি কৰ্মত মনোনিৱেশ কৰি কৃষি ক্ষেত্ৰখন আগুৱাই নিয়াৰ আহ৩ান জনায়৷ মাজুলী জিলা বিজেপিৰ সম্পাদক দেৱব্ৰত দত্তই আঁত ধৰা সভাত সাংসদ প্ৰদান বৰুৱাই ভাষণ দি ভকত চাপৰিৰ সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে উজনিৰ খাৰুপেটীয়াখ্যাত ভকত চাপৰিক আগুৱাই নিবই লাগিব বুলি উল্লেখ কৰে৷ ভকত চাপৰিবাসীয়ে মুখ্যমন্ত্ৰীক এটি খৰাহীত অঞ্চলটোত উৎপাদিত কল, কুঁহিয়াৰ আৰু গুৰ উপহাৰ দিয়ে৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে মুখ্যমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়েই অন্য এখন সভালৈ বুলি সভাৰ পৰা বিদায় লয়৷ সভাত মন্ত্ৰী পীয়ূষ হাজৰিকা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, প্ৰাক্তন মন্ত্ৰী মহিবুল হক, সন্মিলিত গণ শক্তি, অসম গণ পৰিষদৰ নেতা সদস্যসকল উপস্থিত থাকে৷ ইফালে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ক্ৰমে দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰলা পথাৰ,আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হুটাৰ গাঁও, কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত ৩নং মিছামৰা গোপাল চুক গাঁৱত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ লয়৷ মুখ্যমন্ত্ৰীয়ে আজি কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰ চাপৰিতো দিনটোৰ অন্তিমখন প্ৰচাৰ সভাত অংশ লয়৷ মুখ্যমন্ত্ৰীয়ে মাজুলীত আজি মুঠ পাঁচখন প্ৰচাৰ সভাত অংশ লয়৷ কাইলৈও মাজুলীত মুখ্যমন্ত্ৰীয়ে আৰু প্তখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here