ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২২ জানুৱাৰী: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সন্ধিয়া প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ নগাঁও চহৰৰ কচলুখোৱাস্থ বাসগৃহত উপস্থিত হৈ পৰিয়ালয়ৰ সৈতে মত বিনিময় কৰি দুখৰ সমভোগী হয়। ইয়াৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমত এতিয়া পুলিচীৰাজ চলিছে। মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পুলিচক মৃত্যুযজ্ঞ পাতিবলৈ অনুমতি দিছে। প্ৰতিদিনে ড্ৰাগছ কৰায়ত্ত কৰাৰ নামত নিৰীহ লোকক হাৰাশাস্তি কৰাই ভুৱা এনকাউন্টাৰ কৰি গৈছে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশত প্ৰতিদিনে যিকোনো উপায়ে এটাকৈ এনকাউন্টাৰ সংঘটিত কৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে অসম পুলিচ। মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী অধীক্ষক আৰু থানাৰ অ’ চিক মাতি নি যি ক্ষমতা দিছে, তাৰ বাবে হয়তু একাংশ মতাল পুলিচে অসমীয়া লোকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছে। যাৰ ফলত নগাঁৱৰ এই গৰাকী দুখীয়া শিক্ষিত যুৱকক বিনা কাৰণত গুলীয়াই এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ নগাঁও আৰক্ষীয়ে চেষ্টা চলাইছে। আৰক্ষীয়ে এতিয়া প্ৰকৃত ঘটনা গাপ দিবলৈ মিছাৰ আশ্ৰয় লৈ কীৰ্তি কমলক দোষী সজাব বিচাৰিছে। কিন্তু নগাঁৱৰ ৰাইজে আজি পুৱাৰে পৰা যুৱকজনৰ হৈ বিভিন্ন ধৰণে প্ৰতিবাদ কৰি এটা কথা প্ৰমাণ কৰি দিছে যে যুৱকজন নিৰ্দোষী। যদিহে নগাঁৱৰ ৰাইজৰ প্ৰতি পুলিচৰ বিশ্বাস আছে, তেন্তে পুলিচ তথা অসম চৰকাৰে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি যুৱকজনক গুলীওৱা প্ৰদীপ বনীয়া নামৰ আৰক্ষী জনক কঠোৰ শাস্তি প্ৰদান কৰক । ইয়াত তদন্ত কৰাৰ প্ৰয়োজন ক’ত। কিয় তদন্ত কৰিবলৈ সাত দিনৰ সময় লাগে বুলি প্ৰশ্ন উত্থাপন কৰি ভূপেন বৰাই লগতে কয় যে তদন্তৰ নামত নগাঁৱৰ ৰাইজক অতিষ্ঠ কৰি পৰিস্থিতি বেয়া কৰিব নালাগে। দৈনিক টিউচন কৰি পৰিয়াল চলোৱা ভুক্তভোগী পৰিয়ালটোক যদিহে অসম চৰকাৰ বা আৰক্ষীয়ে ন্যায় নিদিয়ে, তেন্তে অসম প্ৰদেশ কংগ্ৰেছে আইনী সাহাৰ্য প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই মন্তব্য কৰে। তেওঁ ৰাজ্যৰ আইন-শৃংখলা বজাই ৰখাত গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি কয় যে মামাৰ পৰা অসমৰ অসমীয়া নিবনুৱাই চাকৰি আশা কৰিছিল, কিন্তু চাকৰিৰ নামত এতিয়া পাইছে বন্দুকৰ গুলী।
Home Main Stories ‘মুখ্যমন্ত্ৰীয়ে অসমত মৃত্যুযজ্ঞ পাতিবলৈ অনুমতি দিছে’ -আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্র নেতা...