Home নগাঁও নগাঁৱত “আকৌ নতুন প্ৰভাত হ’ব”- শীৰ্ষক প্ৰশিক্ষণ শিবিৰত ভুপেন বৰা

নগাঁৱত “আকৌ নতুন প্ৰভাত হ’ব”- শীৰ্ষক প্ৰশিক্ষণ শিবিৰত ভুপেন বৰা

169
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ ফেব্ৰুৱাৰী ঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সৌজন্যত আৰু নগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক জিলা পৰ্যায়ৰ এটা প্ৰশিক্ষণ শিবিৰ খগেন মহন্ত প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰা, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাই প্ৰশিক্ষণ প্ৰদানকৰে। ইপিনে, আজি নগাঁৱত ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে-‘পৌৰসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা নেতাসকল শংকিত হৈ পৰিছে। সেয়ে তেওঁলোকে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই  প্ৰশাসনক ব্যৱহাৰ কৰি ভয়-ভাবুকিৰ পৰিৱেশ সৃষ্টি কৰিছে। কালি লামডিঙত বিধায়কজনৰ ভাতৃয়ে প্ৰাৰ্থীসকলক ভাবুকি দিছে। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থীসকলক মানসিক-শাৰীৰিক নিৰ্যাতন চলোৱা হৈছে। প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে। নিজকে জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি জহোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই কিয় পৌৰসভাৰ নিৰ্বাচনক লৈ ভয় খাইছেঞ্জ যদি বিজেপিয়ে ৰাইজৰ কাম কৰিছে, মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছে, তেন্তে নিৰ্বাচনত ভোট দি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ৰাইজক সুবিধা দিয়ক। কংগ্ৰেছকে নহয়, বিজেপিয়ে অসমৰ ৰাইজৰো গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। গোটেই পৌৰসভা নিৰ্বাচনত প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপি প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী কৰাইছে। আমাৰ প্ৰাৰ্থীক অন্য ৰূ¸মলৈ নি কৌশলপূৰ্ণভাৱে বন্দী কৰি ৰাখিছে আৰু মনোনয়নৰ সময়সীমা পাৰ হোৱাৰ পিছত মনোনয়ন-পত্ৰ গ্ৰহণ কৰা নাই। এনেদৰেই বিজেপিয়ে গণতন্ত্ৰত কুঠাৰাঘাত কৰিছে।

ইপিনে, পৌৰসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকক কয় যে- এনেধৰণৰ প্ৰক্ৰিয়াত মন্ত্ৰী নিজেই সোমাইছে। মন্ত্ৰীয়ে প্ৰশাসনৰ জৰিয়তে হেঁচা দিছে। প্ৰশাসন নিৰপেক্ষ হোৱাটো উচিত। কিন্তু তেওঁলোকৰ ওপৰতো বাধা দিছে। সাংসদজনে পৌৰসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন যদি নিৰপেক্ষ নহয় তেন্তে আমাৰ লোকতন্ত্ৰৰ ভৱিষ্যৎ কি হ’ব বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে বিজেপিয়ে জনতাৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। যদি বিজেপিৰ নেতাসকল তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি নিশ্চিত তেন্তে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰে ঘৰে ঘূৰি কিয় ভাবুকি দি ফুৰিছেঞ্জ তেওঁলোকে আমাৰ প্ৰাৰ্থীক প্ৰলোভন দিছে। মনোনয়ন কৌশল কৰি নাকচ কৰাইছে। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত নিৰপেক্ষ নিৰ্বাচন হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকতন্ত্ৰত বিশ্বাস নকৰে।’ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে পৌৰসভা নিৰ্বাচন তৃণমূল পৰ্যায়ৰ নিৰ্বাচন। কংগ্ৰেছ দলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক লৈ আগবাঢ়িছোঁ। কিন্তু সন্মুখত বিজেপি চৰকাৰৰ মন্ত্ৰীসকল আছে। তেওঁলোকে আমাৰ প্ৰাৰ্থীক ভয় খুৱাইছে। আমাৰ প্ৰাৰ্থীক ঘৰত গৈ বিজেপি নেতা-কৰ্মীয়ে ভাবুকি দিছে। বিজেপিৰ যদি আত্মবিশ্বাস আছে তেন্তে তেওঁলোকে বিজেপিৰ তৃণমূল কৰ্মীসকল আৰু কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ মাজত নিৰপেক্ষ নিৰ্বাচন হ’বলৈ কিয় নিদিয়েঞ্জ কিয় তেওঁলোকে আৰক্ষী আৰু প্ৰশাসনৰ জৰিয়তে আমাৰ প্ৰাৰ্থীসকলক হেঁচা দিছেঞ্জ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক যে হেঁচা দিছে সেয়া তথ্যসহকাৰে ক’ব পাৰোঁ। এনে প্ৰক্ৰিয়াৰে ভাৰতৰ গণতান্ত্ৰিক আদৰ্শক বিজেপিয়ে ধ্বংস কৰিব বিচাৰিছে। আমাৰ তৃণমূল কৰ্মীসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ কৰিব বিচাৰিছে বিজেপিয়ে।’ সাংসদ গগৈয়ে লগতে কয় যে অসম জাতীয় পৰিষদৰ লগত আলোচনা চলি আছে।

মাজুলী বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনত আসনখন অসম জাতীয় পৰিষদক এৰি দিয়া হ’ব। আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক আজি সাংবাদিকে একাংশ বিধায়কৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে কেৱল কংগ্ৰেছৰ পৰা বিজেপিলৈ বিধায়ক যোৱা নাই।ন বিজেপিৰ পৰাও আহিছে। তেনেকুৱা অহা-যোৱা চলিয়েই থাকিব। ত্ৰিপুৰাত চাৰিজন বিজেপি বিধায়ক কংগ্ৰেছলৈ আহিছে। উত্তৰ প্ৰদেশত বিজেপি বিধায়ক সমাজবাদী পাৰ্টীলৈ আহিছে। উত্তৰাখণ্ডত বিজেপিৰ মন্ত্ৰীয়ে কংগ্ৰেছত যোগদান কৰিছে। গতিকে এনেধৰণৰ দল বাগৰা কাৰ্য ৰাষ্ট্ৰতে চলিছে। ইয়াৰ মূল কথা হৈছে নীতিবিহীন, আদৰ্শবিহীন, ধনসৰ্বস্ব আৰু ভোগবাদী ৰাজনীতি। এই ৰাজনীতিৰ বিৰুদ্ধে  ৰাইজ থিয় নিদিয়ালৈকে আৰু এই নীতিবিহীন ৰাজনীতিকক ৰাইজে শিক্ষা নিদিয়ালৈকে নীতিবিহীন ৰাজনীতিৰ পয়োভৰ বাঢ়ি গৈ থাকিব। পৌৰসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পতাকা আৰু বেনাৰ আঁৰি কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন সোধাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই কয় যে আমি জিলা প্ৰশাসনৰ অনুমতি লৈ খগেন মহন্ত প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত কৰিছোঁ। কংগ্ৰেছৰ সভাত পতাকা লগোৱা আৰু বেনাৰ লগোৱা দেখি হয়তো বিজেপিয়ে ভাবিছে পতাকা আৰু বেনাৰ আঁতৰাই দিলে ৰাইজে কংগ্ৰেছক পাহৰি যাব, তেন্তে সেইটো তেওঁলোকৰ ভুল ধাৰণা। পতাকা আৰু বেনাৰ আঁতৰাব পাৰিব, কিন্তু ৰাইজৰ মনৰ পৰা কংগ্ৰেছক আঁতৰাব নোৱাৰে। তেওঁ লগতে কয় যে এইটো আমাৰ প্ৰশিক্ষণ শিবিৰ। আকৌ নতুন প্ৰভাত হ’ব শীৰ্ষক প্ৰশিক্ষণ শিবিৰ আমি জিলাই জিলাই অনুষ্ঠিত কৰিছোঁ। নগাঁৱত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবলৈ আমি জিলা উপায়ুক্তৰ অনুমতি লৈছোঁ। তেওঁলোকে জানে যে দলৰ সভা এখন হ’লে পতাকা-বেনাৰ লাগিব। তেওঁলোকে চাৰি বজাৰ পিছত পতাকা-বেনাৰ খুলিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ যি আঁকোৰগোজ স্বভাৱ, মুখ্যমন্ত্ৰীৰ যি একনায়কত্ববাদী মনোভাব অথবা অসহিষ্ণুতা সেইটো প্ৰকাশ পাইছে। নহ’লেনো চৰকাৰ এখনে আহি দল এটাৰ বেনাৰ খোলেনে ঞ্জ তিনিঘন্টা সময় অধিক বেনাৰ লাগি থাকিলে মানুহে কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াব বুলি তেওঁলোক ভীতিগ্ৰস্ত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here