গণ বাৰ্তা, নাজিৰা, ১৩ জুলাই : সোমবাৰে নিশা শিৱসাগৰত সংঘটিত হৈছে এক অঘটন । আৰক্ষীৰ কবলৰ পৰা পলাই যাবলৈ চেষ্টা কৰা অভিযুক্তক গুলীয়াই আহত কৰে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে জনোৱা অনুসৰি অ’এনজিচি (অসম সম্পদ)ৰ তিনি বিষয়া-কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে শদিয়াৰ পৰা ভূপেন বৰুৱা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় । ধৃত লোকজনক নাজিৰা আদৰ্শ আৰক্ষী থানালৈ লৈ অনাৰ সময়ত নাজিৰাত সুবিধা বুজি আৰক্ষীৰ কবলৰ পৰা ভূপেন বৰুৱাই পলায়নৰ চেষ্টা চলায়। অভিযুক্তজনে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ ছাৰ্ভিচ ৰিভলভাৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলোৱা বুলি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে দাবী কৰে। সেয়ে আৰক্ষীয়ে উপায়হীন হৈ অভিযুক্ত ভূপেন বৰুৱাক গুলীয়াবলৈ বাধ্য হয়। এই এনকাউণ্টাৰত ভূপেন বৰুৱাৰ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় । আনহাতে বৰ্তমান চিকিৎসাৰ বাবে ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।!
Home Main Stories শিৱসাগৰত এনকাউন্টাৰ! আৰক্ষীৰ পিষ্টল লৈ পলোৱাৰ চেষ্টা কৰোঁতেই গুলীচালনা, আহত ভূপেন বৰুৱা