Home অসম ভূটান, শ্ৰীলংকা, বাংলাদেশ, চীনতকৈ পিছত ভাৰতৰ স্থান : বিশ্বৰ ভিতৰত ভাৰতৰ জীৱন...

ভূটান, শ্ৰীলংকা, বাংলাদেশ, চীনতকৈ পিছত ভাৰতৰ স্থান : বিশ্বৰ ভিতৰত ভাৰতৰ জীৱন নিৰ্বাহৰ মানৰ স্থান ১৩২

133
0


বিশেষ প্ৰতিবেদন, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ ঃ
ভাৰত চৰকাৰে সগৌৰৱে ঘোষণা কৰিলে, ভাৰতবৰ্ষ এতিয়া বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ৷ আৰু যোৱা জ্জ্ব ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী [United Nations Development Program] চমুকৈ UNDP-এ ঘোষণা কৰা Human Development Index, ২০২১-২২১ বছৰেকীয়া প্ৰতিবেদনখনৰ তালিকাত ১৯১খন বিশ্বৰ ভিতৰত ভাৰতবৰ্ষই ১৩২ নম্বৰ স্থানত অৱস্থান কৰিছে৷ ইয়াৰ আগৰ বছৰটোত দেশখনৰ স্থান আছিল ১৩১৷/ ‘‘Uncertain Times, Unsettled Lives – Shaping Our Future in a Transforming World’ শীৰ্ষক প্ৰতিবেদনখনে বহল ভিত্তিত ঘাইকৈ তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যয়ন চলাই এই তালিকা প্ৰস্তুত কৰিছিল৷ এই তিনিটা দিশ আছিল– এটা দীৰ্ঘম্যাদী আৰু সুস্থ জীৱনশৈলী, শিক্ষাগ্ৰহণৰ সুযোগ-সুবিধা আৰn সুষম জীৱন-ধাৰণৰ মান৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ তিনিখন চুবুৰীয়া দেশ শ্ৰীলংকা [৭৩], চীন [৭৯], ভূটান [১২৭] আৰু বাংলাদেশ [১২৯]ৰ স্থান আমাৰ দেশতকৈ উন্নত৷ আমি ভাৰতীয় নাগৰিক হৈও আমাৰ নিজৰ চৰকাৰখনকে প্ৰশ্ন কৰিব খুজিছোঁ, ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ সন্মানীয় সংস্থাই প্ৰকাশ কৰা এই তালিকাখনক আৰু তেওঁলোকৰ methodology ক লৈ ভাৰত চৰকাৰে এতিয়া প্ৰত্যাহ৩ান জনাব পাৰিব নে? আমাৰ চৰকাৰখনে স্বীকাৰ কিয় কৰি নলয় যে আমাৰ নাগৰিকক আমি এটা সুষম, সুস্থ জীৱন-যাপনৰ বাবে বিভিন্ন আঁচনিৰ দ্বাৰা যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ ইয়াৰ সলনি এনে তালিকা প্ৰকাশ কৰা বিখ্যাত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতাৰ ওপৰত হে অভিযোগ উত্থাপন কৰি আমাক বিভ্ৰান্ত কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here