Home Uncategorized বিহু হুঁচৰি আৰু বিহুৰ বাদ্যযন্ত্ৰ

বিহু হুঁচৰি আৰু বিহুৰ বাদ্যযন্ত্ৰ

353
0

অঞ্জলি ডেকা, ১৯ এপ্ৰিল : বসন্তৰ আগমনৰ লগে লগে অসমত অসমীয়াৰ দ্বাৰা উদযাপিত মূল বিহুটো হ’ল ব’হাগ বিহু৷ এনে সময়তে প্ৰকৃতিয়েও ৰমক জমককৈ ন-সাজেৰে গাভৰুজনী হৈ দেখা দিয়ে৷ মানুহে কয় ব’হাগ মানেই যৌৱন৷ গাঁৱৰ ডেকা- গাভৰু মিলি বিহু নাচে৷ ৰঙালী বিহুক সাত বিহু বুলিও কোৱা হয়৷ চ’তৰ সংক্ৰান্ত্ৰিৰ দিনৰপৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন ধৰি এই বিহুটি উদযাপন কৰে৷ প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে৷ যেনে- গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু৷’ বহাগ বিহু বা ৰঙালী বিহু বিভিন্ন পৰম্পৰা আৰু লোকাচাৰৰ মাজেৰে পালন কৰা হয় ৷এই বিহুৰ প্ৰধান বিশেষত্ব হল গীত আৰু নৃত্য ৷ বহাগ বিহুত গোৱা গীত সমূহক হুঁচৰি গীত আৰু বিহুগীত এই দুটা ভাগত ভাগ কৰিব পাৰি ৷হুঁচৰি গীত সমূহ হল বহাগ বিহুত ডেকা বুঢ়া সকলোৱে মিলি পৰিবেশন কৰা আধ্যাত্মিক ভাৱসম্পন্ন গীত ৷ হুঁচৰি গীতৰ পৰা গাভৰু সকলক আঁতৰত ৰখা হয় ৷ হুঁচৰি গীত গাওঁতে বয়সীয়া সকলে চুৰিয়া চোলা পিন্ধাৰ লগতে গাত চেলেং চাদৰ মেৰিয়াই লয় ৷ পুৰণি সময়ত হুঁচৰি গীত গাই গাই ৰাজপথেৰে যোৱাৰ নিদৰ্শন আছে ৷সেই সময়ত গৃহস্থই সপৰিয়ালে ওলাই আহি শৰাইত বিহুৱান আৰু মাননি দি আশীৰ্বাদ লৈছিল ৷ তেৰ শতিকাৰপৰা অসমত আহোম সকলে শাসন কৰিবলৈ লোৱাৰ পিছৰে পৰা বিহুৱে এক সুকীয়া মৰ্যদা পালে৷ অসমৰ বিহুক সুকীয়া মৰ্যদা প্ৰদান কৰিবলৈ ৰংপুৰত ‘‘সাত বিহু উৎসৱৰ পালন কৰিবলৈ ললে আৰু সেই সময়ৰে পৰা বিহুৰ জাতীয় উৎসৱৰ মৰ্যদা লাভ কৰিলে৷ ৰাজকীয় পৃষ্ঠপোষকতাত উজনি অসমত বিহুয়ে অসমীয়াৰ জাতীয় প্ৰতীক হৈ পৰিল৷ বিহুত সংযোজন ঘটিল বিহু হুঁচৰিৰ৷ কালক্ৰমত ই এটা জনপ্ৰিয় অনুষ্ঠান হৈ পৰিল৷ হুঁচৰি গীত সমূহে গৃহস্থৰ চোতালত এক আধ্যাত্মিক পৰিবেশ ৰচনা কৰি পৱিত্ৰ অনুষ্ঠানলৈ সলনি হৈ পৰিল৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে হুঁচৰি সম্পৰ্কে উল্লেখ কৰিছে হৌ- চৰি- চৰি অৰ্থাৎ হুঁচ নোহোৱাকৈ আনন্দৰপূৰ্ণ ভাৱে পৰিবেশন কৰা বাবেই হুঁচৰি শব্দৰ উৎপত্তি হৈছিল৷ ভালকৈ চালে দেখা যায় যে বিহুগীত আৰু বিহু হুঁচৰিৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ বিহু গীতত থকাৰ দৰে প্ৰেম বিৰহ, ডেকা গাভৰুৰ মুক্ত উন্মাদনা, ৰং ৰহইচ হুঁচৰি গীতত নাই৷ হুঁচৰি গীতৰ শেষত হৰিধবনী কৰি আশীৰ্বাদ দিয়ে —জয় ৰাম বোল, জয় হৰি বোল, ভাল বোলে চত গৈ বহাগ সোমাইছেহি৷ লাও দিবৰ হেদালি, জিকা দিবৰ জেং, বছৰেকৰ দোমাহিত ফুৰিবৰ নিয়ম৷ আজি হেন বাৰে ডেকা ডুমা মিলি এষাৰি আশীৰ্বাদ দিবৰ দিহা কৰিছে৷ ইয়াকে কৰোতে অনেকখিনী বঢ়া টুটা দোষ ঘটিব পাৰে৷সেইখিনী মৰিষণ কৰিব আৰু নতুন বছৰটো বিঘিনি শূন্য কৰি শইচ মইচ লক্ষ্মী সবাকো বৃদ্ধি কৰিব৷ অ হৰি, অ ৰাম৷ অসমৰ লোকসমাজত প্ৰচলিত বিহু উৎসৱত বিবিধ নৃত্য গীতৰ অনুষ্ঠানত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ ঢোল ,গগনা, সুতুলি, পেঁপা ইত্যাদিৰ সৃষ্টিৰ লগত প্ৰকৃতিৰ অৰিহনা মন কৰিবলগীয়া৷ চ’ত বহাগ মাহৰ ঋতুৰ পৰিবৰ্তনৰ লগত আকাশত মেঘৰ উৎপত্তি হয় আৰু মেঘে মেঘে খুন্দা খায় যি শব্দ সৃষ্টি হয় তাৰ অনুকৰনত ঢোলৰ শব্দ, বেঙৰ মাতৰ অনুকৰনত গগনা, চৰাই-চিৰিকটিৰ শুৱলা মাতৰ অনুকৰনত সুতুলি তৈয়াৰ কৰা হয়৷ ঢোল ঃ ‘‘ঢোলত চাপৰ মাৰি ঢুলিলা কাই, আহিছে বিহু তলি লৈ৷” ঢোল বিহুৰ এটি অপৰিহাৰ্য বাদ্যযন্ত্ৰ৷ ঢোলৰ চেওৰ তালে তালে নাচনী আৰু বিহুৱা ডেকাৰ বিহুনৃত্যই বিহুৰ দুগুন ৰহন চৰায়৷ সাধাৰণতে ঢোল নিৰ্মাণ কৰিবলৈ কাঠ, চামৰা আদি ব্যৱহাৰ কৰা হয়৷ বিহুগীত হুঁচৰি আদি ঢোল অবিহনে সম্পূৰ্ণ নহয়৷ বিহু ঢোল সাধাৰণতে দীঘলে ৪৫ চেিKI×মিটাৰ আৰু প্ৰায় ৩০ চেিKI×মিটৰমান বহল হয়৷ বাওঁহাতেৰে বজোৱা ফালটোক তালি আৰু সোঁহাতেৰে বজোৱা ফালটোক কোৱনী বুলি কোৱা হয়৷ তালিখন কোবনীতকৈ ডাঙৰ৷ তালি আৰু কোবনীৰ চামৰা দুখন টানকৈ কিছুমান চামৰাৰে নিৰ্মিত বা আন ৰচীৰে সংযোগ কৰা থাকে৷ পেঁপা ঃ ম’হৰ শিঙৰ পেঁপা নবজালে বিহু সম্পূৰ্ণ নোহোৱা যেন লাগে৷ পেঁপা বিশেষকৈ দুই প্ৰকাৰৰঃ-ৰ] গুটীয়া পেঁপায গোৱাল পেঁপা ২] যুৰীয়া পেঁপা৷ সাধাৰণতে ব্যৱহাৰ হোৱা পেঁপাবিধ হৈছে গুটীয়া পেঁপা৷ এটা ম’হৰ শিঙৰ পৰা গুটীয়া পেঁপা তৈয়াৰ কৰা হয়৷ আনহাতে যুৰীয়া পেঁপা হৈছে দুই গুটীয়া পেঁপাৰ সংমিশ্ৰণ৷ এইবিধ পেঁপাৰ দুটাকৈ শিং থাকে ৷বাঁহী:বিহুৰ আন এবিধ জনপ্ৰিয় বাদ্য হ’ল বাঁহী৷ ইয়াক ফু দি বজোৱা হয়৷ বাঁহী বাঁহৰ চুঙাৰে সজা হয়৷ ইয়াৰ ভিতৰটো ফোঁপোলা আৰু নিদিষ্ট দূৰত্বত কিছুমান বিন্ধা থাকে৷ মিচিং সকলে বাঁহীক কুৰুলি পুলি, বড়োসকলে বাঁহীক চিফুং বোলে৷ চিফুঙৰ মাত মধুৰ আৰু শুৱলা৷ তিৱাসকলৰ বাঁহী দুবিধ-পাংছি আৰু থুৰাং৷ গগনা ঃ ‘‘ আগলি বাহৰে লাহৰি গগনা গগনা কিহেৰে বাও দুফালে দুচাটি মাজতে এচাটি মুগাসূতা লগায়ে বাও”৷ বিহুগীত আৰু বিহু নৃত্যত বজোৱা এবিধ সুৰাশ্ৰয়ী বাদ্য হল গগনা৷ পকা জাতি বাহ চাঁচি গগনা বনোৱা হয়৷ গগনা দুই প্ৰকাৰৰ- গাভৰুসকলে বজোৱা গগনাক ৰূপহী বা লাহৰি গগনা আৰু ডেকাসকলে বজোৱা গগনা হ’ল ৰামধন গগনা৷ বিহুগীত আৰু বিহুনৃত্যত মুখেৰে ফুঁ দি বজোৱা বাদ্যযন্ত্ৰ হ’ল গগণা৷ আগলি বাঁহৰ লাহৰি গগণাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হ’লেও, প্ৰিয়জনক মৰমৰ বিহুৱানখন নিদিয়ালৈকে যেনেকৈ হৃদয় শাঁত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা লাহৰি গগণাখন নিদিয়ালৈকে যেন মনত শান্তি নাই৷ গগণাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়৷ গগনাৰ মাত বৰ মিঠা আৰু মিহি৷ সুতুলি ঃ ‘‘মাটিৰে সুতুলি বজালে বাজিব আমি বিহু মাৰিলে নাচনি নাচিব’’ বিহু গীতত উল্লেখ থকা সুতুলি এবিধ মাটিৰে নিৰ্মিত বাদ্যযন্ত্ৰ৷ সুতুলি ডেকা গাভৰু সকলোৱে বজায়৷ সুতুলি সাধাৰনতে অৰ্ধচন্দ্ৰাকাৰ হয়৷ ইয়াৰ উপৰিও ডিম্বাকৃতিৰ সুতুলিও আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here