Home Uncategorized বিহু জাতীয় উৎসৱ নহয়, হিন্দু ধৰ্মীয় উৎসৱ

বিহু জাতীয় উৎসৱ নহয়, হিন্দু ধৰ্মীয় উৎসৱ

242
0

গুৱাহাটী, ২২এপ্ৰিল: ৰাজ্যত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ক্ৰমান্বয়ে তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিছে৷ দিল্লী-নাগপুৰৰ নিৰ্দেশত বিজেপিৰ একাংশ নেতৃত্বই ধৰ্মীয় মেৰুকৰণত হাত উজান দিয়া পৰিলক্ষিত হৈছে৷ পূৰ্বতে বিজেপি নেতা শিলাদিত্য দেৱে সততে গোড়া হিন্দুত্ববাদী মন্তব্যৰে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিলোৱা পৰিলক্ষিত হৈছিল৷ এইবাৰ শিলাদিত্যই এৰি যোৱা দায়িত্ব বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মূৰ পাতি লোৱা পৰিলক্ষিত হৈছে৷ কিছুদিন পূৰ্বে বিহু উদ্‌যাপনৰ সময়ত হনুমান জয়ন্তীৰ শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে৷ পিছে এইবেলি জাতীয় উৎসৱ বিহুক লৈ হিন্দুত্ববাদী মন্তব্য কৰাৰ পিছতেই বিধায়ক সিদ্ধান্ত ভট্টাচাৰ্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে৷ বিহু জাতীয় উৎসৱ নহয়, হিন্দু ধৰ্মীয় উৎসৱহে আৰু এই উৎসৱত মুছলমানসকল কেৱল আলহী৷ বিহু সংক্ৰান্তিৰ সময়ত হয়৷ য’ত হিন্দু ধৰ্মৰ ৰীতি-নীতি প্ৰতিফলিত হয়৷আজি পৌৰ নিগমৰ নিৰ্বাচনত ভোটদান কৰিবলৈ আহি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতেই বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ লক্ষণীয় যে বছৰ বছৰ ধৰি সম্প্ৰীতিৰ ঐক্যৰ নিদৰ্শন দাঙি ধৰি বিহু উদ্‌যাপিত হৈ আহিছে৷ অসমৰ জাতীয় উৎসৱ এই বিহুত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰি ৰাজ্যত সম্প্ৰীতিৰ এনাজৰী কট্‌কটীয়া কৰি আহিছে৷ তেনে অৱস্থাত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যত চৌদিশে প্ৰতিক্ৰিয়াৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷ আনকি বিজেপি দলৰেই আন একাংশ বিধায়কে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যক কঠোৰভাৱে সমালোচনা কৰিছে৷ এই সন্দৰ্ভত দিছপুৰৰ বিজেপিৰ বিধায়ক অতুল বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিহু কোনো কাৰণতে ধৰ্মীয় উৎসৱ হ’ব নোৱাৰে বুলি উল্লেখ কৰি এনে মন্তব্য কৰাটো ভুল বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে৷ অসমৰ জাতীয় জীৱনত হিন্দু-মুছলমান সকলোৰে ভূমিকা আছে বুলি উল্লেখ কৰি বিহু জাতীয় উৎসৱ বুলি উল্লেখ কৰে৷ আনহাতে, প্ৰাক্তন সাংসদ ৰমেন ডেকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিহু জাতীয় উৎসৱ৷ ই ধৰ্মীয় উৎসৱ হ’ব নোৱাৰে৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যক ওভতি ধৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ একমাত্ৰ ধৰ্মীয় মেৰুকৰণৰ উদ্দেশ্যৰেই সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহুক ধৰ্মীয়কৰণ কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰি আগন্তুক সময়ত এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here