Home অসম ৰাজ্যত চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ নামত কোটি কোটি লুণ্ঠন, চিআইডিৰ জালত মহাপ্ৰৱঞ্চক বিমল...

ৰাজ্যত চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ নামত কোটি কোটি লুণ্ঠন, চিআইডিৰ জালত মহাপ্ৰৱঞ্চক বিমল কুমাৰ চৌধুৰী

126
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ জুন ঃ ৰাজ্যত এমবিবিএছ, বিডিএছকে আদি কৰি বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ নামত চলি থকা এখন ক’লা বজাৰৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বহুতো ঠগ-প্ৰৱঞ্চকে নামভৰ্তি কৰাৰ আশ্বাস দি কোটি কোটি টকা ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি উধাও হোৱাৰ ঘটনাও ঘটি আহিছে৷ বিশেষকৈ এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীয়ে বিশেষ আগ্ৰহ দেখুওৱাত তেওঁলোকক প্ৰৱঞ্চনা কৰাৰ বাবে একাংশই পৰামৰ্শদাতা কাৰ্যালয় খুলি লুণ্ঠন কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ ৰাজ্যত দীৰ্ঘদিনে এনেধৰণে প্ৰৱঞ্চনাৰ জাল পতা বিমল কুমাৰ চৌধুৰী অৱশেষত আৰক্ষীৰ জালত পৰিছে৷ উল্লেখ্য যে ২০১৪ চনত বিমল কুমাৰ চৌধুৰীয়ে ৰাজ্যৰ বিভিন্ন বাতৰি কাকতত ভুৱা বিজ্ঞাপন প্ৰকাশ কৰি তেওঁৰ যোগাযোগৰ নম্বৰ, ই-মেইল এড্ৰেছ আদি প্ৰকাশ কৰি চিকিৎসা আৰু দন্ত্য চিকিৎসা প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ এনে প্ৰতিশ্ৰুতিৰে অসমৰ পৰা কোটি কোটি টকা নামভৰ্তিৰ নামত সংগ্ৰহ কৰি উধাও হৈছিল উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বিমল কুমাৰ চৌধুৰী৷ ২০১৪ চনত এই প্ৰৱঞ্চনাৰ ঘটনাৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ ১২০ বিয৪০৬/৪২০ ধাৰাত ৫৩/২০১৪ নম্বৰত চি আই ডিয়ে গোচৰ ৰুজু কৰি বিমল কুমাৰ চৌধুৰীৰ সন্ধান অব্যাহত ৰাখিছিল যদিও জ্জ্ব বছৰ ধৰি পলাতক হৈ আছিল মহাপ্ৰৱঞ্চক বিমল কুমাৰ চৌধুৰী৷ বিমল কুমাৰ চৌধুৰীৰ প্ৰৱঞ্চনা ইমানেই আছিল যে ২০২১ চনত গুৱাহাটী উচ্ছ ন্যায়ালয়ে প্ৰৱঞ্চকজনক প্ৰেপ্তাৰ কৰিবলৈ বিশেষ এছআইটি গঠন কৰি দিছিল৷ অকল অসমতে নহয়, দিল্লীতো অনুৰূপ ধৰণৰ ঘটনা সংঘটিত কৰাত ২০১৫ চনত দিল্লীৰ কৃষ্ণনগৰ আৰক্ষী থানাই গোচৰ ৰুজু কৰিছিল আৰু গ্ৰেপ্তাৰ কৰিছিল৷ ২০১৭ চনৰ ১৭ মে’ৰ পৰা চ্ছ্ৰ জুলাইলৈকে এই বিমল কুমাৰ চৌধুৰী তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছিল৷ কিন্তু ইয়াৰ পিছতে অন্তৰ্ধান হৈ পৰিছিল বিমল কুমাৰ চৌধুৰী৷ ইপিনে, গুৱাহাটী উচ্ছ ন্যায়ালয়ে গঠন কৰি দিয়া চিআইডিৰ এছআইটিয়ে বিমল কুমাৰ চৌধুৰীৰ সন্ধান অব্যাহত ৰাখিছিল আৰু গাজিয়াবাদ আৰক্ষী, পশ্চিমবংগ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ সহযোগত মহাপ্ৰৱঞ্চক বিমল কুমাৰ চৌধুৰীক পশ্চিমবংগৰ শিলিগুড়ি আৰু উত্তৰ প্ৰদেশৰ মাজত অহা-যোৱা কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে কালি নিশা অভিযান চলাই শিলিগুড়িত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মহাপ্ৰৱঞ্চক বিমল কুমাৰ চৌধুৰীক৷ ইয়াৰ পিছতে স্থানীয় আদালতত বিমল কুমাৰ চৌধুৰীক হাজিৰ কৰি অসমলৈ প্ৰত্যাৱৰ্তনৰ সমস্ত প্ৰক্ৰিয়া সমাধান কৰা হয় আৰু ট্ৰেইনযোগে অসমলৈ আনি থকা হৈছে মহাপ্ৰৱঞ্চক বিমল কুমাৰ চৌধুৰীক৷ ছাত্ৰ-ছাত্ৰীৰ কোটি কোটি টকা হজম কৰি সম্পত্তিৰ পাহাৰ গঢ়া বিমল কুমাৰ চৌধুৰীয়ে আৰু কিমান কু-কীৰ্তি অসমত সংঘটিত কৰিছিল, সেয়া চি আই ডিৰ জেৰাৰ পিছতেই পোহৰলৈ আহিব৷ ইপিনে, অসমত বহিৰাগত বহুতো প্ৰৱঞ্চকে এনেধৰণে কেৰিয়াৰ কাউন্সেলিং এজেন্সী গঢ়ি তুলি অসমৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ নামত লুণ্ঠন কৰি অহাৰ অভিযোগো উত্থাপিত হৈ আহিছে৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে গুৱাহাটীৰ মাজমজিয়াতে এনেকুৱা কে’বাটাও আছে ভুৱা কেৰিয়াৰ কাউন্সেলিং এজেন্সী, যিয়ে নামভৰ্তিৰ নামত প্ৰৱঞ্চনাৰ জাল অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here