Home Main Stories আৰক্ষীৰ গুলীত আহত খাৰঘুলীৰ ৰেভ পাৰ্টীৰ অন্যতম অভিযুক্ত বিশাল চৌধুৰী

আৰক্ষীৰ গুলীত আহত খাৰঘুলীৰ ৰেভ পাৰ্টীৰ অন্যতম অভিযুক্ত বিশাল চৌধুৰী

122
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ: আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় খাৰঘুলিৰ ৰেভ পাৰ্টীৰ গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী। কামৰূপ মহানগৰ আৰক্ষীৰ ডিচিপি ৰাজবীৰে সংবাদ মাধ্যমৰ আগত কয় যে বিশাল চৌধুৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা নুনমাটিত এজন লোকৰ বিৰুদ্ধে নিশা প্ৰায় ১২.৩০ বজাত অভিযান চলাবলৈ গৈছিল। সেহ× সময়তে মাজবাটত আৰক্ষীৰ গাড়ীখন লাহে লাহে যোৱাৰ সুযোগ লৈ বিশাল চৌধুৰী আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াহ× পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰ পাছতে আৰক্ষীয়ে বিশালক ৰখিবলৈ কয় যদিও বিশালে আৰক্ষীৰ কথা নুশুনি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বিশালৰ ভৰিত গুলী মাৰিবলৈ বাধ্য হয়। আনহাতে, আৰক্ষীয়ে বিশাললৈ লক্ষ্য কৰি দুটা গুলী মাৰে যদিও দ্বিতীয় গুলীটোহে বিশালৰ বাঁও ভৰিত লাগে। বাঁও ভৰিখনত গুলী লগাৰ লগে লগে গুৰতৰভাৱে আহত হয় বিশাল। লগে লগে আৰক্ষীয়ে বিশালক চিকিৎসাৰ বাবে জিএমচিহ×চত ভৰ্তি কৰায়। কামৰূপ মহানগৰ আৰক্ষীৰ ৰাজবীৰে লগতে আৰু কয় যে বিশালে বিগত দুবছৰ ধৰি কোকেহ×ন সৰবৰাহৰ লগত জড়িত হৈ আছিলে বুলি নিজে স্বীকাৰ কৰিছে। বিশালে কুৰিয়াৰ যোগেদি গুৱাহাটীলৈ কোকেহ×ন সৰবৰাহ কৰিছিল। হ×পিনে, বিশাল চৌধুৰীৰ পৰা কোকেহ×ন ক্ৰয় কৰাৰ অভিযোগত লতাশিল আৰক্ষীয়ে শুকুৰবাৰে নিশা নীলিম ৰাণা চৌধাৰী নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে বিগত মাহৰ ১৪ আগষ্টত গুৱাহাটীৰ খাৰঘুলিৰ ৰিভিয়েৰা এপাৰ্টমেন্টত চলা ৰেভ পাৰ্টীৰ ঘটনাৰ লগত জড়িত বৰ্তমানলৈ ২০জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here