Home স্থানীয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বিশ্বনাথৰ দুই বিজ্ঞানীক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বিশ্বনাথৰ দুই বিজ্ঞানীক সম্বৰ্ধনা

231
0

গণ বাৰ্তা, বিশ্বনাথ চাৰিআলি, ১ মাৰ্চ:- আজি বিশ্বনাথ চাৰিআলিত আৰ্যভট বিজ্ঞান কেন্দ্ৰ বিশ্বনাথ জিলাৰ উদ্যোগত আৰু আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ আৰু ভাৰতী ফাইণ্ডেশ্যনৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আৰ্যভট বিজ্ঞান কেন্দ্ৰ বিশ্বনাথ জিলাৰ সমন্বয়ক হেমাংগ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সহকাৰী সম্পাদিকা প্ৰীতি বৰুৱাই চিভি ৰামনৰ ফটোত মাল্যৰ্পন কৰে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উক্ত কাৰ্যসূচীত বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী ৰাণা প্ৰসাদ হাজৰিকাক আৰ্যভট বিজ্ঞান কেন্দ্ৰ বিশ্বনাথ জিলা সমিতিয়ে ‘আজীৱন বিজ্ঞান সেৱাত ব্ৰতী’ বঁটা প্ৰদান কৰে। ছয়দুৱাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰূপম ৰাজখোৱাই ক্ষীৰধৰ বৰুৱা আৰু বিহালী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক গকুল মহন্তই ৰাণা প্ৰসাদ হাজৰিকাৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰাৰ লগতে পূব-ছয়দুৱাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ললিত ভূঞা, ভাৰতী ফাউণ্ডেশ্যনৰ পায়েল কলিতা আৰু বাঘমৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ধ্ৰুৱ হাজৰিকাই গামোচা আৰু শৰাই আগবঢ়াই। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু গহপুৰৰ ইপিটাইচিয়া লাৰ্ণিং হাবৰ নৱদ্বীপ শইকীয়াই  কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে। ৰিপুঞ্জয় বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত আগবঢ়োৱা ‘খেল ধেমালিৰ মাজেৰে বিজ্ঞান শিকোঁ আহা’ কাৰ্যসূচীয়ে শিক্ষক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক মোহাছন্ন কৰি ৰাখে। বিশ্বনাথ জিলাৰ ছটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুইজ প্ৰতিযোগিতাৰ প্ৰথম বিশ্বনাথ শিক্ষাখণ্ডৰ ধৃতিমৰ্য় মহন্ত, প্ৰতীম পাল, অঞ্জামূল হক, ভৈৰৱী শৰ্মা, গৰিমা শৰ্মা, দ্বিতীয় দল পূব-ছয়দুৱাৰ শিক্ষা খণ্ডৰ ৰিছমা ৰামচিয়াৰি, ৰক্তিম বৰা, মৃণ্ময় বৰা, ঋতুৰাজ নেওগ, তৃতীয় দল চতিয়া শিক্ষাখণ্ডৰ কংকু বৰা, হীৰকজ্যোতি বৰা, লিলি বৰা, সুশীল সতনামীয়ে দখল কৰে। বিজ্ঞান শিক্ষক মামুদ আহমেদ, চতিয়া আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক আনোৱাৰ হুছেইন, বিশ্বনাথ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক আজিজুৰ ৰহমান উপস্থিত থকা সভাখনত সকলো অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক বিজ্ঞান জেউতি আলোচনী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি বিজ্ঞান দিৱসৰ সামৰণি পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here