Home Main Stories হাতী মাউতৰ পুত্ৰ আজি বিধান সভা অধ্যক্ষ, হোটেল কাম কৰি বিদ্যালয়ৰ পঢ়াৰ...

হাতী মাউতৰ পুত্ৰ আজি বিধান সভা অধ্যক্ষ, হোটেল কাম কৰি বিদ্যালয়ৰ পঢ়াৰ খৰচ উলিয়াই বিশ্বজিৎ দৈমাৰী

248
0

আৰিফ আহমেদ, তামুলপুৰ, ২১ মে’ : ভৰিত নাছিল চেণ্ডেল, পিন্ধিছিল হাফপেন্ট আৰু প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিল বিদ্যালয়লৈ। তেওঁ এটি অতি দুখীয়া জনজাতীয় পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। ৬ গৰাকী ভাতৃৰ মাজত তেওঁ আছিল কনিষ্ঠ। দৰিদ্ৰতাৰ বাবে কেতিয়াবা লঘোনেও গৈছিল বিদ্যালয়লৈ। বিদ্যালয় ছুটী হ’লেই কাম কৰিছিল চাহৰ দোকানত। গ্ৰাহকে চাহ খাই যোৱাৰ পিছত জুঠা গিলাচ-প্লে­ট ধুইছিল তেওঁ। মুখত আছিল সদায় হাঁহি। কামত নাছিল এলাহ। আছিল তেওঁৰ কঠোৰ জীৱন-সংগ্ৰাম। কিয়নো তেওঁৰ দুচকুত আছিল হেজাৰ স্বপ্ন। সৰুৰে পৰা আনক উপকাৰ কৰি ভাল পোৱা সেই সময়ৰ কিশোৰগৰাকীৰ আছিল সমাজ সেৱা কৰাৰ অদম্য হেঁপাহ। আৰু তাৰ বাবেই তেওঁ সকলো কষ্টকো নেওচি অহা-যোৱা কৰিছিল বিদ্যালয়লৈ। দৰিদ্ৰতাকো নেওচি কঠোৰ জীৱন-সংগ্ৰামৰ মাজেৰে জাতিৰ হকে কাম কৰিবলৈ ওলাই আহি আজি অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা এগৰাকী বড়ো জনজাতীয় নেতা। বৰ্তমানৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ শুৱাগপুৰ গাঁৱত জন্ম লাভ কৰা বিশ্বজিৎ দৈমাৰীৰ পিতৃ সুৰেন দৈমাৰী আছিল এজন হাতী মাউত। মাতৃ ৰাখিনি দৈমাৰী আছিল অতি সহজ-সৰল গৃহিণী। সাধাৰণভাৱে খেতি-বাতি কৰি পৰিয়াল চলিছিল দেউতাকে। তেওঁলোকৰ নৰাৰ চালিৰ মাত্ৰ দুটাই ঘৰ আছিল। থকা ঠাইৰ অভাৱত ৰাতি ভাত খাই উঠি যিয়ে যেনেকৈ পাৰে চুবুৰীয়াৰ ঘৰত গৈছিল শুবলৈ। বিশ্বজিৎ দৈমাৰীয়ে শিক্ষাজীৱন আৰম্ভ কৰিছিল শুৱাগপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত। তাৰ পিছত তেওঁ ৫ নং সুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত আৰু পিছত নাওকাটা মিলন হাইস্কুলত অধ্যয়ন কৰে আৰু তাৰ পৰা ১৯৮৮ চনত মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হয়। নাওকাটা চ’কত আছিল নিজৰ ককায়েকৰ এখন সৰু চাহ দোকান আৰু স্কুললৈ অহা-যোৱা কৰোঁতে সময় আৰু সুবিধা পালেই চাহৰ গিলাচ ধোৱা, চকী-মেজ চাফা কৰাকে ধৰি বিভিন্ন কাম কৰিছিল বিনা দ্বিধাই। সময়ে সময়ে লগৰীয়াৰ লগত গৰু চৰাইছিল তেওঁ। খেতিপথাৰলৈ জলপান নি কৃষি কাৰ্যতো সহায় কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে। পৰৱৰ্তী সময়ত এইজন ছাত্ৰৰ মনত জাগি উঠিছিল জাতিৰ প্ৰতি তীব্ৰ প্ৰেম আৰু ১৯৮৮ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ পৃথক বড়োৰাজ্যৰ দাবীৰে ৰৌতা অধিৱেশনত ডিভাইড আসাম ফিফটী ফিফটী আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল। ১৯৮৯ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ পূব ডেফেলি আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে। পৰৱৰ্তী সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামত জড়িত হৈ পৰি অসম আৰক্ষীৰ মোষ্ট ৱান্টেডো হৈ পৰিছিল বুলি ক’লে তেওঁৰেই এজন জ্যেষ্ঠ ভাতৃয়ে। ২০০১ চনত তেওঁ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু অসম বিধানসভালৈ ন-বিধায়ক হিচাপে নিৰ্বাচিত হয়। ২০০৩ চনত বিএলটিৰে হোৱা চুক্তিৰ পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ সৈতে জড়িত হৈ পৰে আৰু পিছত তেওঁ বিপিএফৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। বিপিএফৰ সৈতে থাকি কংগ্ৰেছত থকা সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলি বিপিএফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা গঢ়ি তোলাত তেওঁ সহায় কৰে। পৰৱৰ্তী সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাত বিপিএফ দলে বিজেপিৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী দক্ষ ৰাজনীতিবিদ বিশ্বজিৎ দৈমাৰীয়ে। ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ হকে সংসদৰ মজিয়াত বলিষ্ঠভাৱে মাত মাতি তেওঁ ‘Roaring Tiger’ হিচাপে চৰ্চিত হৈছিল। ২০২০ চনত বিটিএডিৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে প্ৰস্তাৱিত বড়ো-কছাৰী স্বায়ত্তশাসিত উন্নয়ন পৰিষদ গঠনক লৈ বিপিএফৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে বিশ্বজিৎ দৈমাৰীৰ হৈছিল মনোমালিন্য আৰু তেওঁ ২০২০ চনৰ নৱেম্বৰ মাহত বিপিএফ দল ত্যাগ কৰি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ২২ নৱেম্বৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশাল যোগদান সমাৰোহত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল। তাৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হৈ পৰে বিশ্বজিৎ দৈমাৰী আৰু এইবাৰ পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটত জয়যুক্ত হৈ বিধানসভালৈ নিৰ্বাচিত হয়। দক্ষ ৰাজনীতিবিদগৰাকীয়ে মন্ত্ৰিত্ব লাভ নকৰিলে যদিও বিশ্বজিৎ দৈমাৰীক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। এসময়ত অতি পিছপৰা অঞ্চলৰ বড়ো জনগোষ্ঠীৰ এগৰাকী নেতাক অসম বিধানসভাৰ অধ্যক্ষ পদত নিযুক্তি দিয়াত উৎফুল্ল হৈ পৰিছে তেওঁৰ জ্যেষ্ঠ ভাতৃ, ন-বৌৱেকসকল। অৱশ্যে ভাতৃসকলে দুখ কৰি ক’লে যে বিশ্বজিৎ দৈমাৰীৰ সুখ দেখা নাপালে তেওঁলোকৰ স্বৰ্গগামী পিতৃ-মাতৃ আৰু স্বৰ্গগামী দুই ভাতৃয়ে। পৰিয়ালৰ লোকসকলে ক’লে— ভৱিষ্যতেও যাতে তেওঁ ৰাইজৰ উন্নয়নৰ কাম কৰি যাব পাৰে আৰু অধিক আগবাঢ়ি যাব পাৰে সেয়া তেওঁলোকৰ ইচ্ছা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here