Home অসম খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ বাবে ডিফুত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ বাবে ডিফুত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

87
0


গণ বাৰ্তা বিশেষ, ডিফু, ২০ ছেপ্টেম্বৰ:
অসম চৰকাৰৰ ‘ইণ্ডিজেনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ’ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰিবলৈ দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত সন্ধিয়া উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে, বিশ্বজিৎ দৈমাৰী আৰু ডাঃ নোমল ম’মিন৷ প্ৰথমে বোকাজানৰ চিচিআই ফিল্ডত মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী নেতাই ডিফুস্থিত আৰব’ৰেটাম এণ্ড ক্ৰাফ্‌ট চেণ্টাৰৰ সন্মিলন কক্ষত অনুষ্ঠিত কৰা এক ৰুদ্ধদ্বাৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ‘মত-বিনিময়’ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ তেওঁ মন্তব্য কৰে যে অসম চৰকাৰৰ ট্ৰাইবেল ফেইথ এণ্ড কালাচাৰৰ অধীনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰে মত-বিনিময়ৰ উদ্দেশ্যে আহিছে৷ খিলঞ্জীয়া লোকসকলৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰচাৰৰ বাবে কি ধৰণৰ আঁচনি বা ব্যৱস্থা ল’লে খিলঞ্জীয়াসকলৰ সুবিধা হ’ব সেইলৈ মত বিনিময় কৰা হৈছে৷ এই মতামতবোৰৰ এক প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব বুলি কয়৷ বিটিআৰৰ সম্প্ৰতিক পৰিস্থিতিক লৈ মন্তব্য কৰিবলৈ গৈ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে দীৰ্ঘদিনীয়া আলোচনা-বিলোচনাৰ অন্তত বিটিআৰ চুক্তি হ’ল৷ উক্ত চুক্তিত হয়তো একাংশ সন্তুষ্ট হোৱাৰ বিপৰীতে আন একাংশ অসন্তুষ্ট হ’ল৷ চুক্তিৰ জৰিয়তে যদি কাৰোবাক বিশ্বাসত ল’বলৈ থাকি গৈছে নি(য়কৈ ব্যৱস্থা লোৱা হ’ব আৰু বড়ো সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে এই সংক্ৰান্তত যথাবিহীত ব্যৱস্থা গ্ৰহণ কৰি অসন্তুষ্ট ব্যক্তিসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় অধ্যক্ষগৰাকীয়ে৷ অসম তথা বড়োলেণ্ডৰ পৰা বন্দুকৰ সংস্কৃতিটো যাতে নাইকিয়া হয়, তাৰ বাবে নি(য়কৈ বড়ো অগ্ৰণী সমাজে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী বুলি কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here