Home Main Stories বিয়া খাবলৈ গৈ ঘূৰি নাহিল বোকাখাতৰ সন্দীপ, সঞ্জয়, সমীৰ, বিবেক আৰু বিকাশ

বিয়া খাবলৈ গৈ ঘূৰি নাহিল বোকাখাতৰ সন্দীপ, সঞ্জয়, সমীৰ, বিবেক আৰু বিকাশ

108
0

নিউজ ডেস্ক , ২২ নবেম্বৰ : নগাঁও জিলাৰ কলিয়াবৰৰ হাতীয়েখোৱাত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫ জন যুৱক থিতাতে নিহত হয়। নিহত ৫ জন যুৱকৰ ঘৰ বোকাখাতত৷ বোকাখাতৰ কলাখোৱা গাঁৱৰ পৰা বৰযাত্ৰী হিচাপে এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ হুণ্ডাই অ’ৰাখনত কলাখোৱা গাঁৱৰ সন্দীপ কুমাৰ পাল, সঞ্জয় দাস, সমীৰ পাল আৰু ম’হমাইকী গাঁৱৰ বিবেক দাস আৰু বিকাশ শৰ্মা তেজপুৰ ঠেলামৰালৈ বুলি আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা গৈ থকা ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়৷ এক শোকাৱহ দুৰ্ঘটনাৰ পিছতে এতিয়া বোকাখাতত পৰিছে শোকৰ ছাঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here