Home গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপিক সমালোচনা ভূপেন বৰাই : ২২ বছৰে মন্ত্ৰী হৈও...

পৌৰ নিগম নিৰ্বাচনত বিজেপিক সমালোচনা ভূপেন বৰাই : ২২ বছৰে মন্ত্ৰী হৈও গুৱাহাটীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে হিমন্তই

438
0

গুৱাহাটী, ১৯এপ্ৰিল: পৌৰ নিগম নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক তথা বিজেপি সভাপতি ভৱেশ কলিতা, প্ৰাক্তন বিধায়ক আঙুৰলতা ডেকাকে আদি কৰি শাসকীয় দলৰ ৰথী-মহাৰথীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ সমান্তৰালভাৱে কংগ্ৰেছেও বিজেপিৰ মিত্ৰশক্তিক প্ৰতিহত কৰাৰ বাবে ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নিজেই ৰণক্ষেত্ৰত নামি শাসকীয় দলক চোকা সমালোচনা অব্যাহত ৰাখিছে৷ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা উকলাৰ পূৰ্বে আজি কংগ্ৰেছৰ হৈ ভূপেন বৰাই ব্যাপক প্ৰচাৰত অংশ লোৱা পৰিলক্ষিত হয়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন ৱাৰ্ডত বিৰোধী দলটোৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ সোমবাৰে সন্ধিয়া আৰু আজি পুৱা দুটা বিশেষ ৰোড শ্বোত ভাগ লয় ভূপেন বৰাই৷ সোমবাৰে সৰুসজাইৰ পৰা গণেশগুৰিলৈ আৰু মঙলবাৰে বিৰুবাৰীৰ পৰা ৰূপনগৰ হৈ ভঙাগড়লৈ ৰোড শ্বোত ভাগ লয় ভূপেন বৰাই৷ কেৱল ৰোড শ্বোত ভাগ লোৱাই নহয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট অভিযোগ– হিমন্ত বিশ্ব শৰ্মাই ২২ বছৰে বিধায়ক-মন্ত্ৰী হৈ মহানগৰীৰ সমস্যা সমাধান কৰিব পৰা নাই৷ অগপৰ অতুল বৰাই মুখ্যমন্ত্ৰী হোৱাৰ বাবে চলাই আছে কুচ্‌্‌কাৱাজ৷ বিজেপিবিৰোধী সকলো দলৰ সমৰ্থনত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে অতুল বৰাই৷ অতুল বৰাই ইতিমধ্যে বিভিন্ন দলৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ বুকুত কামোৰ মাৰিব অতুল বৰাই৷ ২০২৪ চনত মোদী গাদীচ্যুত হ’লেই বিপদ হ’ব হিমন্ত বিশ্ব শৰ্মাৰ৷– এই বিস্ফোৰক মন্তব্য আগবঢ়ায় ভূপেন বৰাই৷ ভূপেন বৰাৰ সৈতে ৰোড শ্বোত অংশ লয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে৷ মই কৰিম, মই দিম, মই মই বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰে মীৰা বৰঠাকুৰে৷ ২৭নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী অনামিকা বড়ো স্বৰ্গীয়াৰী, ২৮নং ৱাৰ্ডৰ জিতাঞ্জলি বৰা আৰু ২৯নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী চন্দামিতা দাসৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলায় ভূপেন বৰাই৷ ভূপেন বৰাক সংগ দিয়ে বিধায়ক যাদৱ স্বৰ্গীয়াৰী, মহিলা কংগ্ৰেছৰ মুৰব্বী মীৰা বৰঠাকুৰ, অপূৰ্ব ভট্টাচাৰ্য, মনজিৎ মহন্ত, দিলীপ শৰ্মা প্ৰমুখ্যে নেতাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here