ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ বিজেপি নেতাসকলৰ লগত এতিয়াৰে পৰা দেখা পোৱা নাযাব দেহৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতাসকলক ব্যক্তিগত দেহৰক্ষীসকলক ওভতাই দিবলৈ অনুৰোধ জনায়। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭তম জন্মবাৰ্ষিকী ডপলক্ষে দলৰ সদস্যসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেহৰক্ষী ৰখাৰ সংস্কৃতি কংগ্ৰেছ দলৰহে, বিজেপিৰ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি নেতাসকলৰ দেহৰক্ষীসমূহ ওভতাই দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক সভাপতিক আহবান জনায়। তেওঁ কয় যে আমাৰ দলৰ সদস্যসকল ৰাইজৰ কামৰ প্ৰতি দায়বদ্ধ। আমি কোনো ভুল নকৰোঁ আৰু সেয়ে আমাৰ দেহৰক্ষীৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীয়ে কয় যে দেহৰক্ষীসকলে আমাৰ গাড়ীৰ দৰ্জা খুলি দিয়া আৰু আন আনুষংগিক কাম কৰাৰ প্ৰয়োজনীয়তা নাই। আমাৰ প্ৰত্যেকৰে নিজৰ গাড়ীৰ দৰ্জা খুলি লোৱাৰ সামৰ্থ্য আছে। এয়া কংগ্ৰেছ দলৰ সংস্কৃতি। মই নিজেই কংগ্ৰেছৰ সদস্য আছিলোঁ আৰু কংগ্ৰেছৰ এনে বহু বদ সংস্কৃতিৰ বিষয়ে জানো বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।।