Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত, যোগী আদিত্য নাথৰ মন্ত্ৰী সভাৰ সদস্যসহ ৪...

নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত, যোগী আদিত্য নাথৰ মন্ত্ৰী সভাৰ সদস্যসহ ৪ বিধায়কৰ সমাজবাদী পাৰ্টীত যোগদান

317
0

নতুন দিল্লী, ১১ জানুৱাৰী: পাঁচ ৰাজ্যৰ নিৰ্বাচনক লৈ তুংগত উঠিছে প্ৰচাৰ৷ বিশেষকৈ উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে গৰম কৰি তুলিছে ৰাজনৈতিক পথাৰখন৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ চৰকাৰ অক্ষুণ্ণ থাকিব নে নাই সেই লৈ ব্যাপক চৰ্চা লাভ কৰিছে৷ ইতিমধ্যে উত্তৰ প্ৰদেশত বিজেপিয়ে পুনৰবাৰ ক্ষমতা দখলৰ লক্ষ্যৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতি তীব্ৰতৰ হোৱাৰ মাজতে বিজেপিত মোক্ষম আঘাত৷ যোগী আদিত্য নাথৰ মন্ত্ৰী সভাৰ জ্যেষ্ঠ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই আনুষ্ঠানিকভাৱে গেৰুৱা দল ত্যাগ কৰি অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত যোগদান কৰে৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সৈতে মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ সংঘাত চলি আছিল৷ নিৰ্বাচনৰ ঠিক পূৰ্বেই বিজেপি ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰা বিষয়ক লৈ এতিয়া বিশেষ চৰ্চা লাভ কৰিছে৷ ইপিনে, যোগী আদিত্য নাথৰ মন্ত্ৰীসভাৰ সদস্যই নহয়, আন তিনি বিজেপিৰ বিধায়কেও গেৰুৱা সাজ ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰে৷ কানপুৰৰ বিজেপিৰ বিধায়ক ভগৱতী সিং সাগৰ আৰু বান্দ্ৰাৰ বিজেপিৰ বিধায়কব্ৰোজেছ প্ৰজাপতিয়ে বিজেপি ত্যাগ কৰে৷ শ্বাহজাহানপুৰৰ বিধায়ক ৰেচনলাল বাৰ্মাও আজি বিজেপি ত্যাগ কৰে৷ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই বিজেপি ত্যাগ কৰাৰ পিছতেই উত্তৰ প্ৰদেশৰ বিজেপিত খহনীয়াআৰম্ভ হয়৷ মন্ত্ৰীসহ তিনি বিধায়কে আনুষ্ঠানিকভাৱে সমাজবাদী পাৰ্টীত যোগদান কৰে৷ ইপিনে, উত্তৰ প্ৰদেশত আন চাৰি বিজেপি বিধায়কে দল ত্যাগ কৰাৰ সম্ভাৱনাৰ কথা চৰ্চালৈ আহিছে৷ মমতেচ সাক্ষ্য, বিনয় সাক্ষ্য, ধৰ্মেন্দ সাক্ষ্য আৰু নীৰজ মৌৰ্যই বিজেপি ত্যাগ কৰিব বুলিও ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে৷ মূলতঃ আজি মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই সমাজবাদী পাৰ্টীত যোগদানৰ পূৰ্বেই ৰাজ্যপাল আনন্দী বেন পেটেললৈ পদত্যাগ- পত্ৰ দাখিল কৰে৷ শ্ৰমমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মৌৰ্যই৷ তেওঁৰ কাৰ্যকালত শ্ৰমিক আৰু কৃষকৰ বাবে একো কৰিব নোৱাৰি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে৷ যোগী চৰকাৰে দলিত, পিছপৰা কৃষক, নিবনুৱা যুৱক, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ প্ৰতি অৱহেলামূলক মনোভাব লোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে উত্তৰ প্ৰদেশত ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here