Home Main Stories বিজেপিৰ সাংসদ বাবুল সুপ্ৰিয়ৰ টিএমচিত যোগদান, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ

বিজেপিৰ সাংসদ বাবুল সুপ্ৰিয়ৰ টিএমচিত যোগদান, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ

118
0

নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ ঃ দেশৰ ৰাজনীতিত ১৮ ছেপ্টেম্বৰৰ দিনটোত ধুমুহা বোলে। বিজেপি আৰু কংগ্ৰেছৰ বাবে ১৮ ছেপ্টেম্বৰৰ দিনটো এক মোক্ষম আঘাত ৰূপে পৰিগণিত হৈছে। কিয়নো, বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে। যিটো বিজেপিৰ বাবে মোক্ষম আঘাত। কিয়নো, বাবুল সুপ্ৰিয় পশ্চিমবংগৰ বিজেপিৰ এগৰাকী প্ৰখ্যাত নেতা আছিল। এইগৰাকী নেতাই আনুষ্ঠানিকভাৱে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আৰু জ্যেষ্ঠ নেতা ডেৰেক অ’ ব্ৰাইনৰ উপস্থিতিত টি এম চিত যোগদান কৰে। উল্লেখ্য যে বিজেপি আৰু বাবুল সুপ্ৰিয়ৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সেইবাবেই এইগৰাকী নেতাই বিজেপি দল ত্যাগ কৰি টি এম চিত যোগদান কৰিছে। তেওঁ টি এম চিত যোগদান কৰাৰ পিছত বাবুল সুপ্ৰিয়ক বিজেপিয়ে বিশ্বাসঘাটক বুলি আখ্যা দিছে। বাবুল সুপ্ৰিয় মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে আছিল। কিছুদিন পূৰ্বে বিজেপিৰ পৰা পদত্যাগ কৰিছিল। টি এম চিত যোগদান কৰি তেওঁ আনুষ্ঠানিকভাৱে কয় যে শীঘ্ৰে তেওঁ সাংসদ পদ ত্যাগ কৰিব। সোমবাৰে তেওঁ মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিব বুলি অৱগত কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে বিজেপিত যোগদান কৰিছিল। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বহু জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰাক লৈ এই দলটো শক্তিশালী হৈ পৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰবল দাবীদাৰ হৈ আছে মমতা বেনাৰ্জী। এনে সময়তেই বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰি দলটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। একেদৰে আজিৰ দিনটোত পঞ্জাবৰ ৰাজনীতিত এক ধুমুহা বোলে। ২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে পদত্যাগ কৰে। দীৰ্ঘদিন ধৰি পঞ্জাব কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত চলি আছিল। সেই সংঘাতৰ পৰিণতিস্বৰূপে আজি পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে আৰু আন দলত যোগদানৰ এক ইংগিত প্ৰদান কৰে। আজি পুৱাৰ ভাগত বিধায়িনী বৈঠক অনুষ্ঠিত হৈছিল। এই বিধায়িনী বৈঠকৰ পিছতেই তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ-পত্ৰ অৰ্পণ কৰে। অমৰিন্দৰ সিঙৰ পুত্ৰ নন্দিদৰ সিঙে টুইটাৰৰ জৰিয়তে অৱগত কৰে যে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতক সাক্ষাৎ কৰি পিতৃ কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ-পত্ৰ অৰ্পণ কৰিছে। তেওঁ লগতে কয় যে সমগ্ৰ মন্ত্ৰীসভাই পদত্যাগ-পত্ৰ অৰ্পণ কৰে। ২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাব কংগ্ৰেছত চলা এনে আভ্যন্তৰীণ সংঘাতে এতিয়া দলটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে। অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ পিছত কয় যে এবাৰ নহয়, দুবাৰ নহয়, তৃতীয়বাৰলৈ মোৰ নেতৃত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে। মোক অপমান কৰা হৈছে। সেইবাবে মই পদত্যাগ কৰিছো। এতিয়া নেতৃত্বই যাকে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব বিচাৰে বহুৱাব পাৰে। তেওঁ লগতে ভৱিষ্যতৰ ৰাজনীতি সম্পৰ্কত কয় যে সহযোগীসকলৰ সৈতে আলোচনা কৰি ইয়াৰ সিদ্ধান্ত লোৱা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here