Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় একনাথ সিন্দেৰ সমৰ্থনত বিজেপিয়ে মহাৰাষ্ট্ৰত গঢ়িব চৰকাৰ: ৬ বছৰত ভংগ ৫ ৰাজ্যৰ...

একনাথ সিন্দেৰ সমৰ্থনত বিজেপিয়ে মহাৰাষ্ট্ৰত গঢ়িব চৰকাৰ: ৬ বছৰত ভংগ ৫ ৰাজ্যৰ বিৰোধী চৰকাৰ

89
0


নতুন দিল্লী, ২৩ জুন ঃ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ চৰকাৰ বৰ্তমান পতনৰ দিশে আগবাঢ়িছে৷ বিজেপিৰ ছত্ৰছায়াতেই মহাৰাষ্ট্ৰ চৰকাৰৰ শীৰ্ষ নেতা একনাথ সিন্দেয়ে বিসম্বাদৰ সৃষ্টি কৰি বিৰোধীসহ শাসক পক্ষৰ ৪২ জন বিধায়কক লগত লৈ প্ৰথমে গুজৰাটৰ চুৰাটত, তাৰ পিছত গুৱাহাটীত প্ৰৱেশ কৰিছে বুলি চৰ্চা লাভ কৰিছে৷ বিজেপিশাসিত ৰাজ্যত একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী নেতাসকলে বাহৰ পতা বিষয়টোৱে এটা কথা স্পষ্ট কৰি তুলিছে যে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ ক্ষেত্ৰত বিজেপিয়ে আগভাগ লৈছে৷ ৰাজ্যৰ বিজেপিৰ কে’বাগৰাকী নেতাই বিসম্বাদী নেতাসকলক সাক্ষাৎ কৰা বিষয়টোৱে এই কথা আৰু অধিক স্পষ্ট কৰি তুলিছে৷ বিজেপিয়ে যোৱা কিছু বছৰত কে’বাখনো বিৰোধী চৰকাৰ ভঙাত আগভাগ লৈছে৷ কিছুক্ষেত্ৰত বিধায়ক কিনা বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুৰ যুদ্ধ ঘোষণা কৰিছে৷ বিদ্ৰোহী বিধায়কৰ এনে কৌশলত উদ্ধৱ থাকৰেৰ চৰকাৰৰ পতন নিশ্চিত হৈছে৷ মহাৰাষ্ট্ৰ চৰকাৰৰ এই পতন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হৈছে গুৱাহাটীৰ ৰেডিছন ব্লুৰ পৰা৷ ৰেডিছন ব্লুতেই ঘোঁৰা কিনা-বেচাৰ কাৰচাজি প্ৰস্তুত কৰা হৈছে৷ মহাৰাষ্ট্ৰৰ বিজেপিবিৰোধী চৰকাৰখন ভঙা-পতাত নেতৃত্ব প্ৰদান কৰিছে বিজেপিয়ে৷ অপাৰেচন ল’টাছ কাৰ্যসূচীৰ অধীনত বিজেপিয়ে এইবাৰ মহাৰাষ্ট্ৰৰ চৰকাৰ ভাঙি গেৰুৱা চৰকাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে৷ বিজেপিৰ এনে লেতেৰা আৰু কুটিল ৰাজনীতিৰ বিৰুদ্ধে আজি ৰেডিছন ব্লুৰ সন্মুখত এক উত্তাল পৰিৱেশে বিৰাজ কৰে৷ ৰিপুন বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে বিধায়ক কিনা-বেচাৰ এই ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ পিছত আৰক্ষী প্ৰশাসনে তেওঁলোকক আটক কৰি নিয়ে৷ সমান্তৰালভাৱে এনএছইউআয়ে ৰেডিছন ব্লুৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এনএছ ইউ আইৰ ৰাজ্যিক উপ-সভাপতি ৰক্তিম দত্তৰ নেতৃত্বত এনএছইউআইৰ প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা বিভিন্ন বিৰোধী শ্ন’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ এনএছইউআইৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰেডিছন ব্লুৰ সন্মুখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে ৰছী টানি দিয়া বেৰিকেডৰ সহায়ত বাধা দিয়ে৷ আৰক্ষীয়ে এনএছইউআইৰ ৰাজ্যিক উপ-সভাপতি ৰক্তিম দত্তৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই বাছেৰে তাৰ পৰা লৈ যায়৷ এনএছইউআইৰ ৰাজ্যিক উপ- সভাপতি ৰক্তিম দত্তই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ বিজেপিক বিধায়ক কিনা-বেচা কৰাৰ বাবে সমালোচনা কৰে৷ তেওঁ বিধায়ক কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰে৷ উল্লেখ্য যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ ৪৫ আৰু নিদলীয় জ্জ্বগৰাকী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিছন ব্লু¸ত বাহৰ পাতি আছে৷ তৃণমূল কংগ্ৰেছ আৰু এনএছইউআইৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ৰেডিছন ব্লুৰ চৌপাশে আৰক্ষী আৰু চিআৰপিএফৰ কটকটীয়া নিৰপাত্তা বেষ্টনী গঢ়ি তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here