Home Main Stories তিনিটা ‘ক’ সম্পূৰ্ণ হ’লে বিজেপি এটা পূৰ্ণাংগ দল হ’ব: ড০ হিমন্ত বিশ্ব...

তিনিটা ‘ক’ সম্পূৰ্ণ হ’লে বিজেপি এটা পূৰ্ণাংগ দল হ’ব: ড০ হিমন্ত বিশ্ব শৰ্মা

245
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ ডিচেম্বৰ ঃ  গুৱাহাটী মহানগৰীৰ মাছখোৱস্থিত আই টি এ প্ৰেক্ষাগৃহত আজি ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া, মন্ত্ৰী, সাংসদ, বিধায়ক, জিলা সভাপতি, সাধাৰণ সম্পাদক, প্ৰভাৰী, সহ-প্ৰভাৰী, জিলা কোষাধক্ষ্য, নিগম-নিকায়ৰ অধ্যক্ষ, উপাধক্ষ্য, পৌৰসভাৰ তত্ত্বাৱধায়ক, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, মণ্ডল সভাপতি অংশগ্ৰহণেৰে এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দলৰ সাংগঠনিক দিশৰ লগতে আগন্তুক পৌৰসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আদি বিষয়ে বিস্তৃতভাৱে আলোচ্য হয়। ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ভাৰতীয় জনতা পাৰ্টী এক সুসংগঠিত ৰাজনৈতিক দল। ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ তৃণমূল পৰ্যায়ৰ পৰা সঞ্জীৱনী শক্তি আহৰণ কৰি আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। দলৰ তৃণমূল পৰ্যায়ৰ এই সাংগঠনিক সক্ৰিয়তাক অব্যাহত ৰখা তথা আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিটো মণ্ডলত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ’ব। কলিতাই দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশি কয় যে আমাৰ দুখন হাত আছে। এখন উন্নয়নৰ আৰু আনখন সংগঠনৰ। উন্নয়নৰ হাতেৰে আমি চৰকাৰে জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা উন্নয়নমূলক কামসমূহ ফলপ্ৰসূ কৰি তুলিব লাগিব, সমান্তৰালকৈ আনখন হাতেৰে দলৰ সংগঠন অধিক শক্তিশালী কৰি তুলিব লাগিব। যাৰ জৰিয়তে বিজেপি দলে আহিবলগীয়া নিৰ্বাচনসমূহত সকলো বিৰোধী দলক ৰাজনৈতিক পথাৰত উচ্ছেদ কৰিবলৈ সামৰ্থ হব।

তেওঁ লগতে অহা ২৫ ডিচেম্বৰত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে আয়োজিত হ’বলগীয়া ‘সু-শাসন’ দিৱসত প্ৰতিটো মণ্ডলত একোটাকৈ উন্নয়নমূলক কাম কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰ হ’ল সংগঠন। সংগঠন আগবাঢ়িবলৈ কাৰ্যকৰ্তা, কাৰ্যালয় আৰু কোষৰ প্ৰয়োজন। তেওঁ লগতে কয় যে তিনিটা ‘ক’ সম্পূৰ্ণ হ’লেহে বিজেপি এটা পূৰ্ণাংগ দল হ’ব। তিনিটা ক’ৰ কাৰ্যকৰ্তা, কাৰ্যালয়ৰ ক্ষেত্ৰত আমি সফল হৈছো। কিন্তু আমাৰ হাতত কোষৰ অভাৱ। এইক্ষেত্ৰত দলৰ কাৰ্যকৰ্তাসকলে ভুগি অহা সমস্যাসমূহ সমাধানৰ হেতু তেওঁ সহযোগী নিধি গঠন কৰাৰ পোষকতা কৰে। ড০ শৰ্মাই কয়— সহেযাগী নিধি গঠনে আগন্তুক দিনত বিজেপি অসম প্ৰদেশক আৰ্থিকভাৱে অধিক টনকিয়াল কৰি তুলিব। তেওঁ লগতে কয় যে সহযোগী নিধিৰ বাবে পুঁজি সংগ্ৰহৰ হেতু দলৰ প্ৰতিনিধিসকল ৫০ টকাৰ পৰা ২০০০ টকীয়া কুপনহসহ প্ৰতিখন জিলাৰ কাৰ্যকৰ্তাৰ ঘৰলৈ যাব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দলৰ কাৰ্যকৰ্তাসকল এই পুঁজি সংগ্ৰহৰ বাবে কোনো ব্যৱসায়ী সংস্থা, চৰকাৰী বিষয়াৰ ওচৰলৈ যাব নোৱাৰিব, পঁুজি সংগ্ৰৰ ক্ষেত্ৰখন কেৱল দলৰ সমৰ্থক তথা কাৰ্যকৰ্তাৰ মাজতে সীমাবদ্ধ থাকিব। সভাত উপস্থিত বিধায়কসকলক উদ্দেশ্যি ড০ শৰ্মাই কয় যে দলৰ সাংগঠনিক শক্তিক অধিক সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যে প্ৰতিজন বিধায়কে নিজ নিজ সমষ্টিৰ প্ৰতিটো মণ্ডলত একোটাকৈ স্থায়ী মণ্ডল কাৰ্যালয় নিৰ্মাণ কৰিব লাগিব। উল্লেখ্য যে সহযোগী নিধিৰ বাবে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত এক সমিতি গঠন কৰা হৈছে। অহা ১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দলৰ প্ৰতিনিধিসকলে এই নিধিৰ বাবে ৰাজ্যজুৰি প্ৰয়োজনীয় পুঁজি সংগ্ৰহ কৰিব। দলৰ সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে আঁত ধৰা আজিৰ সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় পল্লৱ লোচন দাস, দিপ্লু ৰঞ্জন শৰ্মাৰ লগতে দলৰ কাৰ্যকৰ্তা উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here