গণ বাৰ্তা, পাঠশালা, ১৬ ছেপ্তেম্বৰ : ‘ন ন আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি চমক দেখুৱালেও অসমৰ ৰাইজে কিন্তু এটা সময়ত বিজেপিৰ হিতাধিকাৰী সৃষ্টিৰ আঁৰৰ প্ৰকৃত কথা বুজি পাব। হিতাধিকাৰী সৃষ্টিৰ বাবে তৈয়াৰ কৰা আঁচনিৰ বাবেই সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ হোৰাহোৰে মূল্যবৃদ্ধি হৈ আহিছে, যাৰ ফলত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ৰাইজ জুৰুলা হৈ পৰিছে।’ — এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আজি পাঠশালাত অসম জাতীয় পৰিষদৰ বজালী জিলা সমিতি আৰু পাটাছাৰকুছি সমষ্টিৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে বিজেপি দলে সমগ্ৰ দেশৰে আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহক নিশেষ কৰিবলৈ দিনে-নিশাই কাম কৰি আহিছে কিন্তু দলটোৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল নহয়। বিশেষকৈ অসমত আঞ্চলিকতাবাদী শক্তিৰ আধিপত্য পূৰ্বতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। কাৰ্যসূচী উপলক্ষে পাঠশালাত জাতীয় পৰিষদৰ সদস্যসকলে লুৰিণজ্যোতি গগৈক আদৰণি জনায়। কাৰ্যালয় উদ্বোধন কৰি গগৈয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০০ দিন শাসন চলোৱাৰ পিছত সমগ্ৰ ৰাজ্যত প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰম্ভ হোৱা বুলি মন্তব্য কৰি উপ-নিৰ্ৱাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে বিশেষ ভূমিকা পালন কৰিব। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছৰ সৈতে এজেপিৰ আদৰ্শগত বিৰোধিতা আছে যদিও বিজেপিক প্ৰতিহত কৰিব লাগিলে সকলোৱে একগোট হ’ব লাগিব। আনহাতে, উপ-নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হৈ প্ৰতিটো সমষ্টিতে মাত্ৰ এজন বিৰোধী প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা ফণী পাঠকৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকি ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে একপ্ৰকাৰ ৰণশিঙা বজায়।