Home অসম কংগ্ৰেছ অপ্ৰাসংগিক : অহা ২০ বছৰলৈ ক্ষমতালৈ নাহে কংগ্ৰেছ: মন্ত্ৰী পিযুষ...

কংগ্ৰেছ অপ্ৰাসংগিক : অহা ২০ বছৰলৈ ক্ষমতালৈ নাহে কংগ্ৰেছ: মন্ত্ৰী পিযুষ হাজৰিকা ,গুৱাহাটী পৌৰনিগমৰ আটইকেইটা আসনত বিজপি জয়ী হ’ব

115
0



গণ বাৰ্তা বিশেষ, ডিফু, ২২ এপ্ৰিল : অহা ২৮ এপ্ৰিলত কাৰ্বি আংলং ভ্ৰমণলৈ আহিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ বিৰুদ্ধে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে ভৱিষ্যৎ বাণী দি কয় যে অনাগত ২০ বছৰলৈ অসমত কংগ্ৰেছ ক্ষমতালৈ নাহে। নামনি অসমৰ কেইটামান নিৰ্দিষ্ট সমষ্টিৰ বাহিৰে খিলঞ্জীয়াৰ আধিপত্য থকা অসমৰ অনান্য সমষ্টিত কংগ্ৰেছ জয়ী হ’ব নোৱাৰে। কংগ্ৰেছ লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছে। অসমৰ পৰা সমূলি নাইকিয়া হ’ব কংগ্ৰেছ। মন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যত কয় যে অসমৰ ৰাইজক অসন্মান, মানুহক ঠগোৱা, তুষ্টিকৰণৰ বাবে অসমক ভালপোৱা মানুহে কংগ্ৰেছক ভোট নিদিয়ে। কংগ্ৰেছৰ ঠাইত বেলেগ দলে স্থান ল’ব। গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি মিত্ৰজোঁট জয়ী হব বুলি কৈ যিবোৰ ৱাৰ্ড বিজেপিৰ বেয়া ফলাফল আছিল সেইবোৰত বিজেপিয়ে এইবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here