Home অসম খাৰুপেটীয়াত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱা লম্পট যুৱকক উত্তম-মধ্যম

খাৰুপেটীয়াত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱা লম্পট যুৱকক উত্তম-মধ্যম

241
0

গণ বাৰ্তা,খাৰুপেটীয়া,২২এপ্ৰিল : দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বলোগড়া গাঁৱত এজন নিচাযুক্ত যুৱকে মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাত ৰাইজে লম্পট যুৱকজনক ধৰি উত্তম-মধ্যম দি গছত বান্ধি মূৰৰ চুলি কাটি চমজাই দিলে আৰক্ষীক৷ দৰঙৰ ধূলা থানাৰ অন্তৰ্গত বলোগড়া গাঁৱত আজি সংঘটিত হয় এই জঘন্য কাণ্ড৷ অভিযোগ মতে, গাঁওখনৰ তিনিগৰাকী মহিলা মাকৈ খেতিত ঘাঁহ কাটি থকা অৱস্থাত মিছকিন আলী নামৰ লম্পট যুৱকজনে নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল হৈ মহিলা এগৰাকীক বলপূৰ্বক ধৰ্ষণৰ অপচেষ্টা চলায়৷ পিছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰতে কাম কৰা লগৰীয়াসকলে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত লম্পট যুৱকজনক উত্তম-মধ্যম দি গছত বান্ধি মূৰৰ চুলি কাটি দিয়ে৷ ঘটনা সন্দৰ্ভত নাগেশ্বৰৰ ভিডিপি সাহাজান আলীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ধূলা আৰক্ষীৰ দল এটা উপস্থিত হৈ লম্পট যুৱকজনক থানালৈ লৈ যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here