Home Main Stories বিজেপিৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বাইহাটা চাৰিআলিত পুষ্পবৃষ্টিৰে বিশাল অভিবাদন দলীয়...

বিজেপিৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বাইহাটা চাৰিআলিত পুষ্পবৃষ্টিৰে বিশাল অভিবাদন দলীয় সমৰ্থক, গুণমুগ্ধ- ৰাইজৰ

165
0

বাইহাটা চাৰিআলি, ২৭জুন : ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচিত হ’ল-কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলি নিকটৱৰ্তী সুতাৰকুছিৰ নিৱাসী ভৱেশ কলিতা।কৃষক পৰিয়ালৰ কনিষ্ঠ পুত্ৰ জন্ম লাভ কৰা ভৱেশ কলিতাই বিংশ শতিকাৰ নব্বৈ দশকৰ পৰাই বিজেপিৰ দলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।তাৰোপৰি ছাত্ৰ অৱস্থাতেই সাংগঠনিকভাৱে এবিভিপি লগত জড়িত হঝৱা কলিতাৰ সংঘ পৰিয়ালৰ লগতো আছে নিবিড় সম্পৰ্ক।এনেদৰেই তেওঁ বিজেপি ৰাজ্যিক সাধাৰণ সম্পাদক পদৰ লাভ কৰাৰ পৰ্যায়লৈ গৈ ২০১৬ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা বিজয়ী হৈ বিধায়কৰ আসন অলংকৃত কৰে।তাৰপিছত সোণোৱাল মন্ত্ৰীসভাত তেওঁৰ ৰাজহ,জলসিঞ্চন,শিক্ষা,দুৰ্যোগ প্ৰশমণ আদি কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি আহিছিল।এনেদৰেই পৰৱৰ্তী ২০২১বিধানসভা নিৰ্বাচনত পুণৰবাৰ একেই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হ’ল।দলৰ সাংগঠনিক অভিজ্ঞতাপুস্ত এইগৰাকীক নেতাক এতিয়া বহু জল্পনা-কল্পনাৰ অন্তত বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচিত কৰিলে।যাৰবাবে ভৱেশ কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডাৰ সমূহ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।ভৱেশ কলিতাক এনেদৰেই সভাপতিৰ দৰে সন্মানীয় আসন দিয়াৰ বাবে উৎফুল্লিত হৈ পৰে দলীয় অনুৰাগী তথা বৃহত্তৰ বাইহাটা চাৰিআলিৰ অঞ্চলৰ ৰাইজ।যাৰ ফলশ্ৰুতিত আজি পুষ্পবৃষ্টিৰে বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথৰ চকৰ গুৱাহাটী পথলৈ প্ৰায় ১কি.মি. পদযাত্ৰা কৰি অভিবাদন জনায়।তাৰপিছত তেওঁ বাইহাটা চাৰিআলিৰ পৰা ৰাজ্যিক বিজেপিৰ মূখ্য কাৰ্যালয়লৈ ৰাওনা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here